গুৱাহাটী,৮ নবেম্বৰ : উপনিৰ্বাচনকলৈ ৰাজ্য ৰাজনীতি গৰম হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত চলিছে বাকযুদ্ধ। এই বাকযুদ্ধৰ মাজতে আজি সামাজিক মাধ্যম যোগে সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্রীৰ পৰা পাঁচটা প্ৰশ্নৰ উত্তৰ জানিব বিচাৰে।
সাংসদ গৌৰৱ গগৈৰ মুখ্যমন্ত্রীৰ প্ৰতি প্ৰশ্ন :
১) বিজেপি দলে শোণিতপুৰ লোকসভা সমষ্টিত ২০২৪ চনৰ নিৰ্বাচনত চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ বা গোৰ্খা সম্প্ৰদায়ৰ প্ৰাৰ্থী কিয় দিয়া নাছিল?
২) ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমত চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ তিনিজন প্ৰাৰ্থী (কামাখ্যা প্ৰসাদ তাছা ,ৰামেশ্বৰ তেলী আৰু পল্লৱ লোচন দাস)ৰ পৰা দুজনলৈ কিয় হ্ৰাস কৰিলে ?
৩) হিট এণ্ড ৰাণ দুৰ্ঘটনাত মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত এজন আদিবাসী লোক নিহত হোৱাৰ সময়ত কিয় কোনো গোচৰ পঞ্জীয়ন হোৱা নাছিল ?
৪) বিজেপিৰ ৰাজ্যিক মন্ত্ৰীসভাত চাহ জনজাতি, আদিবাসী আৰু গোৰ্খা সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব ইমান কম কিয় ?
৫) অসমৰ আদিবাসী আৰু জনজাতীয় অঞ্চলৰ কিমানখন ব্যক্তিগত চাহ বাগিচা আৰু ৰিজৰ্ট বিজেপি নেতাৰ মালিকানাধীন ?

0 Comments:
Post a Comment