অৰুণাচলীৰ বিৰুদ্ধে লখিমপুৰৰ বন বিভাগৰ এজাহাৰ, ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰত ভূমি দখলৰ প্ৰচেষ্টা


লখিমপুৰ,৭ নৱেম্বৰ : লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত তথা ৰামপুৰ বগীবিলত কেই মাহ পূৰ্বে অৰুণাচলী লোকে অসমৰ ভূমিত গৃহ নিৰ্মাণ কৰাৰ লগতে একলেণ্ড নিৰ্মাণ কৰি লখিমপুৰৰ বন বিভাগক প্ৰত্যাহ্বান জনোৱাৰ সময়তে সংবাদ মাধ্যমে সমগ্ৰ বিষয়টো পোহৰলৈ অনাত লখিমপুৰৰ বন বিভাগে সেই একলেণ্ড উচ্ছেদৰ পদক্ষেপ গ্ৰহণ কৰিছিল। এনে সময়ত দুয়োখন ৰাজ্যৰ প্ৰাশাসনৰ উচ্ছ পদস্থ বিষয়াৰ উপস্থিতিত অৰুণাচল প্ৰশাসনে অসমৰ ভূমিত অৰুণাচলীয়ে নিৰ্মাণ কৰা একলেণ্ড উচ্ছেদ কৰিবলৈ বাধ্য হৈছিল আৰু দুয়োখন ৰাজ্যৰ মাজত স্থিতাৱস্থা বাহল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ কিন্তু ইয়াৰ পিছতে শেহতীয়াকৈ চলিত সপ্তাহত উক্ত স্থানৰ সমীপত তথা ৰঙানলাৰ সমীপত ৰামপুৰ বনখণ্ডৰ অন্তৰ্গত বেলবস্তিৰ নামনিত আৰু অসমৰ জে এফ এম চিৰ সমীপত অৰুণাচলীয়ে ফেনচিং দি, ফকলেনেৰে বৃহৎ বৃহৎ গাঁত খান্দি বেৰা নিৰ্মাণ কৰাৰ বিষয়ে ৰামপুৰ খণ্ড বন বিষয়াই জানিব পাৰি আজি সেই স্থানত উপস্থিত হৈ লখিমপুৰৰ বন বিভাগৰ দলে অৰুণাচলীয়ে স্থাপন কৰা কাঁটা তাঁৰৰ বেৰা উভালি লৈ আনে৷ ইয়াৰ পিছতে ৰামপুৰ বগীবিলৰ খণ্ড বন বিষয়াই আজি বিয়লি চিলনীবাৰী আৰক্ষী চকীত বেদখলকাৰী অৰুণাচলীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে৷ আজি লখিমপুৰৰ বন বিভাগে অৰুণাচলৰ বেদখলকাৰী লাকাম তাজি, লাকাম টাডেন, লাকাম তাল’ৰ বিৰুদ্ধে এজাহৰ দাখিল কৰে৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment