জামুগুৰিহাটত বিজেপি যুৱ মৰ্চাৰ শ্বহীদ দিৱস পালন
নিউজ ডেক্স,১০ ডিচেম্বৰ : অসম আন্দোলনৰ বীৰ শ্বহীদৰ স্মৰণাৰ্থে আজি ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত শোণিতপুৰ জিলাৰ ঐতিহাসিক জামুগুৰিহাটৰ পকামূৰা পথাৰত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰা হয়। অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবৰ কাৰণে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হোৱা অসম আন্দোলন আছিল অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন। এই অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সময়ত ৮৫৫ জন শ্বহীদ হোৱাৰ উপৰি হেজাৰ হেজাৰ অসমীয়া মানুহ চিৰদিনলৈ পংগু হৈছিল, নিৰ্যাতিত হৈছিল অসমীয়া জীয়ৰী-বোৱাৰী, নিৰীহ জনতা। ১৯৭৯ চনৰ আন্দোলনৰ আৰম্ভণিতে ১০ ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে প্ৰথম শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পবিত্ৰ মৃত্যু তিথিৰ দিনটোতে অসমীয়া ৰাইজে শ্বহীদ দিৱস পালন কৰি আহিছে। ভাৰতীয় জনতা যুৱ মৰ্চায়ো বিগত বৰ্ষসমুহৰ দৰে এইবছৰো ঐতিহাসিক জামুগুৰিহাটৰ পকামূৰা পথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত শ্বহীদ দিৱসত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস উপস্থিত থাকে। অবিভক্ত শোণিতপুৰ জিলাৰ অসম আন্দোলনত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ বলিদান দিয়া শ্বহীদৰ পৰিয়াল আৰু পুলিচৰ অকথ্য নিৰ্যাতনৰ বলি হোৱা নিৰ্যাতিত পৰিয়ালক আজিৰ শ্বহীদ দিৱস অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাই শ্ৰদ্ধা জনায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শ্বহীদ বেদীত পুষ্পাঞ্জলী অৰ্পন কৰি শ্বহীদক স্মৰণ কৰে। মুখ্যমন্ত্রী শৰ্মাই ৰাইজক সম্বোধন কৰি কয় যে আজিৰ দিনটোতে অসম মাতৃৰ শ্ৰীচৰণ ধুৱাই খৰ্গেশ্বৰ তালুকদাৰে আত্মবলিদান দিয়ে । অসম আন্দোলনৰ বীৰ শ্বহীদে নিজৰ তেজেৰে জাতিক ধুৱাই মহীয়ান কৰিব খুজিছিল। শ্বহীদৰ বলিদানেৰে অসম চুক্তিৰ জড়িয়তে আন্দোলনৰ সমাপ্ত হৈছিল যদিও এতিয়াও অসমৰ আকাশৰ পৰা অন্ধকাৰ আঁতৰা নাই। কংগ্ৰেছ চৰকাৰেই অসমৰ ৮৫৫ জন ডেকা ল'ৰাক হত্যা কৰিছিল। ইন্দিৰা গান্ধীৰ নিৰ্দেশতে অসমত হত্যালীলা চলিছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে যি আধাৰ নিৰ্মাণ কৰিছিল, সেই আধাৰ কংগ্ৰেছ দলে মষিমূৰ কৰি স্বাধীনতাৰ পিছৰে পৰা অসমীয়া জাতিটো দুৰ্বল কৰিবলৈ চেষ্টা কৰি আহিছে। সেই কংগ্ৰেছ দলক যদি কোনোবাই শক্তিশালী কৰিব খোজে তেনেহলে অসমীয়া জাতি দুৰ্বল হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আকৌ কয় যে, বিজেপি চৰকাৰৰ বিৰামহীনবাবে খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে কাম কৰিছে । কাজিৰঙাত সন্দেহযুক্ত নাগৰিকে বনাই লোৱা দুৰ্গ ভাঙি কাজিৰঙা সুৰক্ষিত কৰিছো । গৰুখুটি প্ৰকল্প আৰম্ভৰে সন্দেহযুক্ত নাগৰিকক আতৰাই খিলঞ্জীয়া লোকক আত্মসংস্থাপনৰ পৰিবেশ নিৰ্মাণ কৰিছো । কচুতলিৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাতি সন্দেহজনক নাগৰিকৰ পৰা উদ্ধাৰ কৰি জনজাতীয় লোকৰ ভুমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰচেষ্টা লৈছো । যোৱা তিনিবছৰত অসম চৰকাৰে বেদখল হোৱা সত্ৰ নামঘৰৰ মাতি, বনাঞ্চলৰ মাতি দহ হেজাৰ হেক্টৰ মাটি বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে। ভাষণ প্ৰসংগ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমীয়া খিলঞ্জীয়া লোকে সন্দেহজনক মানুহক ভুমি বিক্ৰী নকৰিবলৈ আজিৰ শ্বহীদ দিৱসৰ দিনটোতে আহ্বান জনায়। শ্বহীদ দিৱসৰ অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস, নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ভাষণ প্ৰদান কৰে। বিধায়ক মানৱ ডেকা, দিগন্ত ঘাটোৱাৰ, উৎপল বৰা, প্ৰমোদ বৰঠাকুৰ, কৃষ্ণকমল তাতি, গণেশ লিম্বু, দিপ্লু ৰঞ্জন শৰ্মা আদি উপস্থিত থাকে।

0 Comments:
Post a Comment