উত্তৰ গুৱাহাটীত বেডমিণ্টন প্ৰতিযোগিতা সম্পন্ন, ল'ৰা শ্ৰেষ্ঠ খেলুৱৈ ময়ুৰেশ দত্ত আৰু ছোৱালী শ্ৰেষ্ঠ খেলুৱৈ কৃতিকা তামূলী



গুৱাহাটী,৮ ডিচেম্বৰ : কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটী মধ্যমখণ্ডস্থিত চেম্প বেডমিণ্টন একাডেমী অসমৰ ভিতৰতে এখন অগ্ৰণী বেডমিণ্টন একাডেমী হিচাপে স্বীকৃতি লাভ কৰিছে। বিগত সময়চোৱাত প্ৰশিক্ষক তথা একেডেমীখনৰ প্ৰতিষ্ঠাতা মিঠুন দাসৰ নেতৃত্বত ইয়াতে প্ৰশিক্ষণ লাভ কৰা খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত যঠেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি একাডেমীখনত আয়োজিত বেডমিণ্টন প্ৰতিযোগিতাত প্ৰায় শতাধিক খেলুৱৈ অংশ গ্ৰহণ কৰি সুন্দৰ খেল প্ৰদৰ্শন কৰে। আজি  প্ৰতিযোগিতাৰ ফলাফল সমূহ যথাক্ৰমে ৭ বছৰ অনুৰ্ধৰ শাখাত প্ৰথম কিয়ান হাজৰিকা, দ্বিতীয় অনুক্ৰিতি দাস, ৯ বছৰ অনুৰ্ধৰ ল'ৰা শাখাত প্ৰথম প্ৰত্যুষ দাস, দ্বিতীয় কাব্যম নাথ, ১১ বছৰ অনুৰ্ধৰ ল'ৰা শাখাত প্ৰথম মৃন্ময় বসুমতাৰী, দ্বিতীয় হাৰ্দিক চাংকাকতী, ১১ বছৰৰ অনুৰ্ধৰ ছোৱালী শাখাত প্ৰথম প্ৰজ্ঞা এছ বৰুৱা, দ্বিতীয় কৰ্মীষ্ঠা বড়ো ১৩ বছৰ অনুৰ্ধ ল'ৰা প্ৰথম ময়ুৰেশ দত্ত, দ্বিতীয় গুমচেঙ বুঢ়াগোঁহায়, ১৩ অনুৰ্ধ ছোৱালী  প্ৰথম মাৰিষা বড়ো,দ্বিতীয় হিমাশ্ৰী প'ল, ১৫ বছৰ অনুৰ্ধ ল'ৰা বিজয়ী ৰেয়ান দাস, ১৫ বছৰ অনুৰ্ধ ছোৱালী বিজয়ী কৃতিকা তামূলী। প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে ছোৱালী শাখাত কৃতিকা তামূলী, ল'ৰাৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে ময়ুৰেশ দত্তই। বিজয়ী খেলুৱৈসকল বঁটা প্ৰদান কৰে বঙাইগাঁও জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মুদৈ, বিশিষ্ট খেলুৱৈ ক্ৰীড়া সংগঠক মুকুটেশ্বৰ গোস্বামী, অসম অলিম্পিক সন্থাৰ সদস্য কৰুণা শইকীয়া, কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সদস্য মনোজ দাস, প্ৰশিক্ষক মিঠুন দাস, ছায়া বৰদলৈ, উৎপল মহন্ত প্ৰমুখ্যে বিশিষ্ট খেলুৱৈসকলে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment