যোৰহাট-দিল্লীৰ মাজত পোনপতীয়া বিমান সেৱাৰ প্ৰসংগত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰীক সাক্ষাৎ সাংসদ গৌৰৱ গগৈৰ


নিউজ ডেক্স,১০ ডিচেম্বৰ : যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আজি অসামৰিক বিমান পৰিবহণ বিভাগৰ মন্ত্ৰী কিঞ্জৰাপু ৰামমোহন নাইডুক সাক্ষাৎ কৰি যোৰহাট-দিল্লীৰ মাজত চলাচল কৰিব লগা পোনপটীয়া বিমান সেৱাৰ পুনৰ চলাচলৰ বিষয়টোৰ অগ্ৰগতিৰ বুজ লয়। সাংসদগৰাকীয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে যে যোৱা ১ জুলাইত এই বিষয়টোক লৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক প্ৰথমবাৰ সাক্ষাৎ কৰিছিল আৰু অলপ দিনৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ তৰফৰ পৰা প্ৰত্ৰযোগে জনোৱা হৈছিল যে স্পাইচজেটে যোৰহাট-দিল্লী সংযোগী বিমান সেৱাৰ  পুনৰ কাম-কাজ আৰম্ভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে তাৰ পিছৰ পৰা সেই ক্ষেত্ৰত কোনো বিশেষ অগ্ৰগতি হোৱা নাই। সেয়েহে বিষয়টো পুনৰ গুৰুত্বসহকাৰে গ্ৰহণ কৰি তদাৰক কৰিবলৈ সাংসদ গগৈয়ে মন্ত্ৰীগৰাকীক টানি অনুৰোধ জনাই। তেওঁ কয় যে পোনপতীয়া বিমানৰ অভাৱত যাত্ৰীসকল বিশেষকৈ চিকিৎসাজনিত জৰুৰীকালীন ভ্ৰমণ, ব্যৱসায়ীক ভ্ৰমণ, শিক্ষাৰ্থীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। বৰ্দ্ধিত টিকটৰ মূল্যবৃদ্ধিয়ে যোৰহাটবাসীৰ ওপৰত যথেষ্ট আৰ্থিক বোজা পেলাইছে। উত্তৰ-পূবাঞ্চলৰ আন আন চহৰসমূহে দিল্লীলৈ পোনপটীয়া বিমান সংযোগ লাভ কৰিছে যদিও গুৰুত্বপূৰ্ণ  যোৰহাট চহৰক এই সেৱাৰ পৰা বঞ্চিত কৰা হৈছে। মন্ত্ৰীগৰাকীক এই বিষয়টো গুৰুত্ব সহকাৰে ব্যক্তিগতভাবে তদাৰক কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিগত সময়ত দিল্লী-যোৰহাটৰ মাজত থকা  পোনপটীয়া সংযোগী ইণ্ডিগো বিমানখনৰ পুনৰ চলাচল আৰম্ভ কৰিবলৈও ব্যৱস্থা গ্ৰহণ কৰিহলৈ আহবান জনায়।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment