অসম চৰকাৰৰ বিকাশৰ বাৰ দিন : স্কুটি-চাইকেল বিতৰণ


গুৱাহাটী,১১ ডিচেম্বৰ : অসম চৰকাৰৰ বিকাশৰ ১২ দিন শীর্ষক কার্যসূচীৰ অংশ হিচাপে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আনন্দৰাম বৰুৱা মেধা বৃত্তিৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ২৬,৯৬৯ শিক্ষাৰ্থীক নগদ পুৰস্কাৰ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক ৩,২৩,৬৪০খন চাইকেল বিতৰণ কাৰ্যসূচীৰো আনুষ্ঠানিক শুভাৰম্ভণি কৰে মুখ্যমন্ত্রীয়ে। তদুপৰি প্ৰজ্ঞান ভাৰতী আঁচনিৰ ভিতৰত ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগৰ ছাত্ৰী আৰু ৭৫ শতাংশ বা অধিক নম্বৰপ্রাপ্ত ছাত্রক ৪৮,৬৭৩খন স্কুটাৰ প্ৰদান কাৰ্যসূচীৰো মুখ্যমন্ত্রীয়ে শুভাৰম্ভ কৰে। মুখ্যমন্ত্রীয়ে সমূহ শিক্ষার্থীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে প্ৰতিগৰাকী শিক্ষাৰ্থীক স্কিল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আৰু ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ দৰে ৰাষ্ট্ৰীয় আন্দোলনত অৱদান আগবঢ়াবলৈ উৎসাহিত কৰে। এই সময়ছোৱাত মহান ব্যক্তিসত্তা ড° বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱাদেৱলৈও শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment