গুৱাহাটী,১২ ডিচেম্বৰ: ৰাজ্যৰ ১২খনকৈ বিশ্ববিদ্যালয়ে অসমৰ জাতি জনগোষ্ঠী সমূহৰ কলা-সংস্কৃতিৰ এখন মানচিত্ৰ প্ৰস্তুতৰ কাম কৰিব। এই সন্দৰ্ভত বৃহস্পতিবাৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে ১২খন বিশ্ববিদ্যালয়ৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাজ্যৰ প্ৰতিটো নৃগোষ্ঠীৰ কলা-সংস্কৃতিৰ সমল সমূহৰ মানচিত্র প্ৰস্তুত কৰাৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে এই প্ৰকল্পটো হাতত লৈছে। এই প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে ১২খন বিশ্ববিদ্যালয়ৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা বুজাবুজি চুক্তিৰ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা, উদ্যেগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়া। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভাষাতত্ত্ববিদ ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোত মন্ত্ৰী বিমল বড়াই কয় - "ৰাজ্যৰ সাংস্কৃতিক প্ৰাচুৰ্যতাক সংৰক্ষণেৰে সম্ভাৱনালৈ ৰূপান্তৰৰ ই এক প্ৰচেষ্টা। আজিৰ দিনটো অসমৰ সাংস্কৃতিক ইতিহাসৰ এক উল্লেখযোগ্য দিন। ৰাজ্যৰ ১২খনকৈ বিশ্ববিদ্যালয়ে অসমৰ জাতি জনগোষ্ঠী সমূহৰ কলা-সংস্কৃতিৰ এখন মানচিত্ৰ প্ৰস্তুতিৰ কাম কৰিব। ই আমাৰ নৃগোষ্ঠীয় লোক সকলৰ পৰম্পৰা, ৰীতি-নীতি আদি অনাগত দিনলৈ কঢ়িয়াই নিয়াত সহায় কৰিব।" অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে ৰাজ্যৰ জনগোষ্ঠী সমূহৰ কলা-সংস্কৃতিৰ মানচিত্ৰণৰ উদ্দেশ্য সন্দৰ্ভত বাখ্যা আগবঢ়ায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীয়ে কয় - "উপযুক্ত সংৰক্ষণৰ অভাৱত প্ৰকৃতি যিদৰে নাইকিয়া হৈ গৈছে আমি যদি এতিয়াই ব্যৱস্থা নলও তেতিয়া আমাৰ কলা-সংস্কৃতিও এদিন হেৰাই যাব।" কলাক্ষেত্ৰ সমাজৰ উপ সভাপতি জিতুল সণোৱালে অনুষ্ঠানত শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। উল্লেখ্য যে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী সমূহৰ পৰম্পৰা-ঐতিহ্য, ৰীতি-নীতি সমূহৰ নিখুত তথ্য লিখিত তথা দৃশ্য শ্ৰব্য মাধ্যমত সংৰক্ষণৰ জৰিয়তে এক তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰি ভবিষ্যতলৈ সংৰক্ষণ কৰাৰ বাবে অসমত বসবাস কৰা নৃগোষ্ঠীয় জনগোষ্ঠী সমূহৰ কলা-সংস্কৃতিৰ মানচিত্ৰ প্ৰস্তুতিৰ বাবে এই প্ৰকল্প হাতত লোৱা হৈছে।অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি হেমন্ত কুমাৰ নাথ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱাল, তেজপুৰ বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক অধ্যাপক কৈলাশ চন্দ্র বিশ্বাস, অসম বিশ্ববিদ্যালয়ৰহৈ অধ্যাপক পিযুষ পাণ্ডে, কটন বিশ্ববিদ্যালয়ৰহৈ পঞ্জীয়ক ড০ অৰিন্দম গাৰ্গ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড০ এছ বসুমতাৰী, শ্ৰী শ্ৰী মাধৱদেৱ বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক অধ্যাপক ক্ষীৰপদ দত্ত, অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হৈ ডিন অধ্যাপক উৎপল দত্ত, মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড০ বিচিত্ৰ বিকাশ, ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড০ দিগন্ত মুঞ্চী আৰু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ হৈ বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ স্মৃতি কুমাৰ সিংহই কলা-সংস্কৃতিৰ মানচিত্ৰণ প্ৰকল্প ৰূপায়ণ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। কলাক্ষেত্ৰ সমাজৰ হৈ চুক্তিত স্বাক্ষৰ কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে। উল্লেখ্য যে মাজুলীৰ সাংস্কৃতি বিশ্ববিদ্যালয়ে পৰৱৰ্ত্তী সময়ত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব।
অসমৰ নৃগোষ্ঠীয় কলা-সংস্কৃতিৰ মানচিত্ৰণৰ বাবে ১২খন বিশ্ববিদ্যালয়ৰে কলাক্ষেত্ৰ সমাজৰ চুক্তি

0 Comments:
Post a Comment