গুৱাহাটীৰ বৰাগাঁৱত দলবদ্ধ ধৰ্ষণৰ ভয়ংকৰ ঘটনা, গ্ৰেপ্তাৰ আঠ অভিযুক্ত


গুৱাহাটী,১৩ ডিচেম্বৰ : গুৱাহাটী মহানগৰীত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ এক ভয়ংকৰ ঘটনা। মহানগৰীৰ বৰাগাঁৱৰ নিজাৰাপাৰত এগৰাকী যুৱতীক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিল ৭ অভিযুক্ত। দলবদ্ধ ধৰ্ষণতে সীমাবদ্ধ নাথাকি অভিযুক্ত কেইটাই সামাজিক মাধ্যমত ভাইৰেল কৰিলে ইয়াৰ ভিডিঅ’। জানিব পৰা মতে যুৱতীগৰাকীৰ সৈতে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল কিছুদিন পূৰ্বে। মহানগৰীৰ বৰাগাঁৱৰ নিজাৰাপাৰৰ এটা দুৰ্গা মন্দিৰত সংঘটিত কৰিছিল এই ঘটনা। তাৰ পিছত সম্প্ৰতি উক্ত দলবদ্ধ ধৰ্ষণকাণ্ডৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত পোহৰলৈ আহিছে সমগ্ৰ ঘটনাটো। এই ঘটনাক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দলবদ্ধ ধৰ্ষণৰ ঘটনাত মুঠ ৯ জন যুৱক জড়িত আছিল। দলবদ্ধ ধৰ্ষণকাণ্ডৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে গড়চুক আৰক্ষীয়ে উক্ত ভাইৰেল ভিডিঅ'ৰ আঁত ধৰি ইতিমধ্যে ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। কিন্তু বৰ্তমানেও মূল অভিযুক্ত পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। ধৃত অভিযুক্তকেইটা হ’ল - কুলদ্বীপ নাথ (23), পিংকু দাস (18), মৃণাল ৰাভা (19), গগণ দাস (21), বিজয় ৰাভা (22), দীপাংকৰ মুখীয়া (21) আৰু সৌৰভ বড়ো (20)। আনহাতে আন দুই অভিযুক্ত ৰবিন দাস আৰু কৃষ্ণ পলাতক হৈ আছিল যদিও আজি বিয়লি আৰক্ষীয়ে ৰবীন দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।সম্প্ৰতি গড়চুক আৰক্ষীয়ে উক্ত ভাইৰেল ভিডিঅ'ৰ আঁত ধৰি তদন্ত আগবঢ়াই আছে যদিও বৰ্তমানেও উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়। ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী উপায়ুক্ত (পশ্চিম) পদ্মনাভ বৰুৱাই কয় - “যোৱাৰাতি নিশা প্ৰায় ৩ বজাত গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ূৰজিৎ গগৈলৈ এটা তথ্য আহে যে বৰাগাঁও অঞ্চলৰ মানুহৰ মাজত ৱাটছএপৰ যোগেদি এটা ভিডিঅ’ চাৰ্কুলেট হৈ আছে য’ত মহিলা এগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰি থকা দেখা গৈছে ৷ প্ৰায় ৮-৯ জন লোকে গাত কাপোৰ নথকা এগৰাকী মহিলাক শাৰীৰিক উৎপীড়ন চলাইছে। খবৰটো পোৱাৰ লগে লগে গড়চুক আৰক্ষী থানাৰ এটা দলে নিশাই বৰাগাঁও অঞ্চললৈ গৈ অনুসন্ধান আৰম্ভ কৰে আৰু দুজনমান মানুহৰ সন্ধান উলিয়াবলৈ সক্ষম হয় ৷ প্ৰথমে দুই-তিনিজনক কৰায়ত্ত কৰাৰ পিছত গুৱাহাটীৰ জালুকবাৰী, গড়চুক, নুনমাটি আদি অঞ্চলত অভিযান চলাই এই পৰ্যন্ত ৭ জনক ধৰিবলৈ সক্ষম হৈছে। এই কেইজন ভিডিঅ’ত আছিল।" আৰক্ষী বিষয়াজনৰ জনোৱা মতে, "প্ৰাৰম্ভিক অনুসন্ধানত আমি গম পাইছোঁ যে ঘটনাটো ১৭ নৱেম্বৰৰৰ। ৰাস মহোৎসৱ চলি আছিল আৰু এই আটাইকেইজন ল’ৰা ৰাস চাবলৈ আহিছিল ৷ আটাইকেইজন বৰাগাওঁ অঞ্চলতে থাকে ৷ সেইদিনা ৰাস চাবলৈ আহোতে ওচৰৰে নিজৰাপাৰ নামৰ ঠাইত থকা এটা দুৰ্গা মন্দিৰৰ চৌহদত তেওঁলোকে কোৱামতে মদ, ড্ৰাগছ খাবলৈ যায় ৷ তাৰে এজন যুৱকে সেই ঠাইলৈ এগৰাকী মহিলাক লৈ আহিছিল আৰু আটাইকেইজন যুৱকে মিলি মহিলাগৰাকীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলায়, দলবদ্ধ ধৰ্ষণ কৰে ৷ তাৰে এজন যুৱকে ঘটনাটোক ভিডিঅ’ বনাইছিল যি পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে ৷"

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment