"জলবাহক" আঁচনিৰ শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে


গুৱাহাটী,১৫ ডিচেম্বৰ : আভ্যন্তৰীণ জলপথেৰে দক্ষ, ব্যয়সাপেক্ষ আৰু বহনক্ষম পৰিবহণৰ বাবে শক্তিৰ সঞ্চাৰ কৰি আজি "জলবাহক" আঁচনিৰ শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে। 'জলবাহক' শীর্ষক এই আঁচনিখনে ৰাষ্ট্ৰীয় জলপথ ১ (গংগা) আৰু ৰাষ্ট্ৰীয় জলপথ ২ (ব্ৰহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ (বৰাক)ৰ জৰিয়তে দীঘলীয়া যাত্ৰাৰ সামগ্ৰীৰ চলাচলত উদগনি দিব। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি কলকাতাৰ জি আৰ জেটিৰ পৰা এম ভি ত্ৰিশূলৰ সৈতে মালবাহী জাহাজ এম ভি আই, এম ভি হোমি ভাবাৰ ফ্লে-অফ কৰে। পাটনা হৈ কলকাতা আৰু বাৰাণসীৰ মাজৰ ৰাষ্ট্ৰীয় জলপথ-১ (গংগা)ৰ অংশত আৰু ভাৰত-বাংলাদেশ প্ৰট'কল জলপথ হৈ ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ)ৰ যোগেদি কলকাতা আৰু গুৱাহাটীৰ পাণ্ডুৰ মাজত আজি এই অভিলাষী সেৱা আৰম্ভ হৈছে। যাৰ ফলত বিভিন্ন সা-সামগ্ৰী জলপথেৰে প্ৰেৰণ কৰা হৈছে। এই আঁচনিখনে অহা তিনি বছৰৰ ভিতৰত জলপথলৈ প্ৰায় ৮০০ নিযুত টন কিল'মিটাৰ মাল স্থানান্তৰক উৎসাহিত কৰিব, যি হৈছে ৰাষ্ট্ৰীয় জলপথত বৰ্তমানৰ ৪,৭০০ নিযুত টন কিল'মিটাৰ কাৰ্গ'ৰ প্ৰায় ১৭ শতাংশ। উক্ত সেৱাৰ অধীনত ৰাষ্ট্ৰীয় জলপথত দীৰ্ঘ দূৰত্বৰ কাৰ্গ' পৰিবহণৰ বাবে ৩৫ শতাংশ ইনচেণ্টিভ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, উত্তৰ প্ৰদেশৰ ৰাজ্যিক পৰিবহণ (স্বতন্ত্ৰ) মন্ত্ৰী দয়াশংকৰ সিং প্ৰমুখ্যে মন্ত্ৰালয়, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু ভাৰতীয় জাহাজ পৰিবহণ নিগমৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment