প্ৰতিবাদত এজনৰ মৃত্যু : প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া


গুৱাহাটী,১৮ ডিচেম্বৰ : নিখিল ভাৰত কংগ্ৰেছৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ প্ৰথম শ্বহীদ হ’ল অসমৰ মৃদুল ইছলাম৷ অধিবক্তা তথা অসম প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক মৃদুল ইছলামৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই এক শোক বাৰ্তাত দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা মৃদুল ইছলামৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰত এনেদৰে এজন নিষ্ঠাৱান কৰ্মীক হেৰুৱাবলগীয়া হোৱা বুলি উল্লেখ কৰে৷ তেওঁ কয় - "কংগ্ৰেছে সমগ্ৰ দেশজুৰি আদানিৰ দুৰ্নীতি, অসমত গাঁৱৰ ৰাইজক স্মাৰ্ট মিটাৰৰ যোগেদি লুণ্ঠনৰ বিৰুদ্ধে আৰু মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত আজি এক প্ৰতিবাদী সমদল উলিয়াইছিল৷ গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণ প্ৰতিবাদীসকলে ৰাজভৱনলৈ যাওতে আৰক্ষীয়ে প্ৰচণ্ড বাধা দিয়ে আৰু আৰক্ষীয়ে অতি ওচৰৰ পৰা কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলতে অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হয়৷ এই ঘটনাত বহু কেইজন কংগ্ৰেছ কৰ্মী আহত হৈছে, আনকি কেবাজনো সাংবাদিকো গুৰুতৰভাৱে আহত হয়৷ প্ৰতিদিন টাইমৰ অমৰেন্দ্ৰ ডেকা আৰু তেওঁলোকৰ ভিডিঅ’ জাৰ্নেলিষ্ট গুৰুতৰভাৱে আহত হয়৷ আহত কংগ্ৰেছ কৰ্মী আৰু সাংবাদিকসকলৰ আশু-আৰোগ্য কামনা কৰিছো৷ মৃদুল ইছলামৰ প্ৰতি সন্মান জনাই অসমৰ প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যালয় ৰাজীৱ ভৱনত পতাকা অৰ্ধনমিত কৰা হৈছে৷ মৃদুল ইছলামৰ মৃত্যুৰ এই ঘটনাক কংগ্ৰেছ দলে কেতিয়াও নাপাহৰে৷ এই মৃত্যুক কংগ্ৰেছ কেতিয়াও সহজভাৱে নলয়৷ ফেঁচীবাদী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিধৰণে মানুহক হত্যা কৰিবলৈ আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে প্ৰবল জনমত গঢ়ি তুলিব৷ লগতে মৃদুল ইছলামক ন্যায় প্ৰদান কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছে আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।" 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment