খানাপাৰাত অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন



গুৱাহাটী,১৮ ডিচেম্বৰ : ক্ৰমান্বয়ে চমু চাপি আহিছে বহু প্ৰতীক্ষিত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ দিন ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ আয়োজন কৰা এই গ্ৰন্থমেলাৰ আজি লাইখুঁটা স্থাপন কৰা হয় ৷ লাইখুঁটা স্থাপন কৰে গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ৷ এই মাংগলিক কাৰ্য সম্পাদন কৰি তেওঁ কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাই ৰাজ্যখনত গ্ৰন্থ আন্দোলনক শক্তিশালী কৰিছে ৷ অধ্যয়নৰ পৰিৱেশ গঢ়া আৰু শৈক্ষিক ক্ষেত্ৰক সুদৃঢ় কৰাতো ইয়াৰ প্ৰভাৱ সকলোৱে স্বীকাৰ কৰে ৷ তেওঁ অসম গ্ৰন্থমেলা, গুৱাহাটী পূৰ্বৰ দৰেই সফল হ’ব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ৷ তেওঁ কয়—“অসম গ্ৰন্থমেলাই বিদ্যায়তনিক ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছে ৷ এয়া আমাৰ বাবে শুভবাৰ্তা ৷ অসম গ্ৰন্থমেলা, গুৱাহাটী নিশ্চয় সাফল্যমণ্ডিত হ’ব ৷” ইয়াত অতিথিৰূপে অংশগ্ৰহণ কৰি অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ সকলো পক্ষৰে ইতিবাচক সহযোগিতা কামনা কৰে  অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ৷ একেদৰে অসম গ্ৰন্থমেলা, গুৱাহাটীক সাফল্যমণ্ডিত কৰিবলৈ লেখক-প্ৰকাশক-পঢ়ুৱৈ সমাজক আন্তৰিকতাৰে আহ্বান জনায় প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থায়ো গ্ৰন্থমেলাখনলৈ সকলোৰে ইতিবাচক সঁহাৰি কামনা কৰিছে ৷ আজি লাইখুঁটা স্থাপন অনুষ্ঠানটিক পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ পৰিচালনাত ছিপাঝাৰৰ শিল্পীৰ দলৰ  সুকনান্নি ওজাপালি আৰু লুটুমা দিহা নাম দলৰ নাম পৰিৱেশনে গাম্ভীৰ্যপূৰ্ণ কৰি তোলে।পদ্মশ্ৰী দ্ৰোণ ভূঞাই গ্ৰন্থমেলা সফল হোৱাৰ কামনাৰে হৰিধ্বনিৰে আশীৰ্বাদ দিয়ে ৷ অনুষ্ঠানৰ আঁত ধৰে প্ৰবোধ দাসে।  বহু লেখক গ্ৰন্থ অনুৰাগী উপস্থিত থাকে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ লাইখুঁটা স্থাপন কাৰ্যসূচীত ৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment