কৰ্তব্যৰত সাংবাদিকৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰা ঘটনাৰ প্ৰতিবাদ


গুৱাহাটী,১৯ ডিচেম্বৰ : গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত কৰ্তব্যৰত সাংবাদিকসকলৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰা কাৰ্যৰ প্ৰতিবাদত আজি গুৱাহাটী প্ৰেছ ক্লাবে বিক্ষোভ কাৰ্যসূচী পালন কৰে। আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত পালন কৰা কাৰ্যসূচীৰ আঁত ধৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰে৷ গুৱাহাটীৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ শতাধিক সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰা কাৰ্যসূচীত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামীয়ে ভাষণত কয় যে বুধবাৰে ৰাজনৈতিক দল এটাৰ কাৰ্যসূচীত কৰ্তব্যৰত সাংবাদিকৰ মাজত কন্দুৱা গেছ প্ৰয়োগ কৰা হ’ল, যাৰ ফলত কেইবাজনো সাংবাদিক আহত হোৱাৰ লগতে চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয়। এই কাৰ্যৰ গুৱাহাটী প্ৰেছ ক্লাবে গৰিহণা দিছে আৰু এনে ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ প্ৰতি প্ৰশাসনক সজাগ থাকিবলৈ আহ্বান জনায়৷ ক’লা বেজ পৰিধান কৰি পালন কৰা প্ৰতিবাদী কাৰ্যসূচীত বহুকেইগৰাকী সাংবাদিকে বক্তব্য আগবঢ়ায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment