বিশ্ব অভিলেখ সৃষ্টিৰ লক্ষ্যৰে 'ঝুমুইৰ বিনন্দিনী'
গুৱাহাটী,১৯ ডিচেম্বৰ: ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বৰ্ণাঢ্য সাংস্কৃতিৰ অন্যতম ঝুমুইৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উদ্যোগত আগন্তুক বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা হৈছে 'ঝুমুইৰ বিনন্দিনী' শীৰ্ষক এক অনুষ্ঠানৰ। বিগত বৰ্ষৰ বিহু বিনন্দিয়া অনুষ্ঠানৰ লেখিয়াকৈ আয়োজন কৰা এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত আজি সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী বিমল বড়াৰ সভাপতিত্বত এক সভা অনুষ্ঠিত হয়। ঝুমুইৰ বিনন্দিনী অনুষ্ঠানৰ সৈতে তথা চাহ জনগোষ্ঠীৰ সংস্কৃতিৰ সৈতে জড়িত কেবাগৰাকীও লোকশিল্পী, বিশেষজ্ঞ, ওজা প্ৰশিক্ষকৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগ, ৰাজ্যিক পৰিবহন নিগম প্ৰমুখ্যে কেবাটাও চৰকাৰী বিভাগৰ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত মন্ত্রী বিমল বড়াই ঝুমুইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বিষয়া সকলৰ লগতে বিশেষজ্ঞ সমিতিৰ পৰা বুজ লয়। অহা বছৰৰ ২৪ ফেব্ৰুৱাৰীত বিশ্বাভিলেখ সৃষ্টিৰ লক্ষ্যৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া এই ঝুমুইৰ বিনন্দিনীত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ৭৫০০গৰাকী পুৰুষ আৰু মহিলা নৃত্য শিল্পীয়ে অংশগ্রহণ কৰি ঝুমুইৰ নৃত্য পৰিৱেশন কৰিব।সভাত সাংস্কৃতিক মন্ত্রী বড়াই এই অনুষ্ঠানৰ বাবে ওজা প্ৰশিক্ষক সকলৰ পৰা আৰম্ভ কৰি নৃত্য শিল্পী সকলৰ প্ৰশিক্ষণলৈকে, নৃত্য শিল্পী সকলৰ গুৱাহাটীলৈ যাতায়াত, থকা-খোৱা, অনুশীলন আদিৰ বিষয়ে সাংস্কৃতিক বিভাগৰ বিষয়া তথা বিশেষজ্ঞ সমিতিৰ পৰা বুজ লয়। এই সকলোবোৰ যাতে নিয়াৰিকৈ হয় তাৰ সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে।সভাত মন্ত্রী বড়াই এই অনুষ্ঠানে যাতে বিশ্বমানৰ এক অনুষ্ঠান হিচাপে পৰিচিতি লাভ কৰে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। সভাখনত সাংস্কৃতিক সঞ্চালক ৰাহুল চন্দ্র দাস, অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকন, সাংস্কৃতিক পৰিক্ৰমা মন্ত্রীৰ বিশেষ কৰ্তব্যৰত বিষয়া ক্ৰমে ৰাজীৱ থাপা আৰু কমল ভূঞা, বিশেষজ্ঞ সমিতিৰ সদস্য প্ৰহ্লাদ তাছা, ভগীৰথ কৰণ, দুলাল মানকী, ছাজন নায়ক, অমি কিষান, মংগল নায়ক আদি উপস্থিত আছিল। ইয়াৰ পূৰ্বে সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত একে স্থানতে বহা অন্য এক বৈঠকত সাংস্কৃতিক বিভাগৰ লগতে লোক নিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, পৰিবহন বিভাগ তথা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়া সকলক এই অনুষ্ঠানত পালন কৰিবলগীয়া নিজ নিজ দায়িত্বৰ বিষয়ে বিষয়া গৰাকীয়ে বুজাই দিয়াৰ লগতে কেতবোৰ বিষয় সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশো প্ৰদান কৰে। উল্লেখ্য যে ইতিমধ্যে এই নৃত্যানুষ্ঠানৰ বাবে কিছু সংখ্যক ওজা প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে যদিও আৰু একাংশ প্ৰশিক্ষকক অহা ৬ ৰ পৰা ১০ জানুৱাৰীৰ ভিতৰত দ্বিতীয় পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। ইয়াৰ পিছত ২০ৰ পৰা ২৩ জানুৱাৰীলৈ বিধানসভা সমষ্টি পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হ'ব। অংশ গ্ৰহণকাৰী সকলৰ সমষ্টি ভিত্তিক বাছনি আৰু অনলাইন পঞ্জীয়ণ আৰম্ভ হ'ব ২৭ জানুৱাৰীৰ পৰা দুই ফেব্ৰুৱাৰীৰ ভিতৰত। জিলা পৰ্যায়ত ঝুমুইৰ নৃত্য পৰিৱেশন হ'ব ৩ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্রুৱাৰীলৈ যিকোনো এদিন। ইয়াৰ পিছত ২০ ফেব্রুৱাৰীত নৃত্য শিল্পী সকলক বিভিন্ন জিলাৰ পৰা গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰা হ'ব। সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰাজ্যিক পৰ্যায়ত অনুশীলন অনুষ্ঠিত হ'ব ২১ৰ পৰা ২৩ ফেব্রুৱাৰীৰ আগবেলালৈকে আৰু ২৪ ফেব্রুৱাৰীৰ দিনাখন শিল্পী সকলে চূড়ান্তভাৱে বিশ্ব অভিলেখৰ বাবে ঝুমুইৰ নৃত্য পৰিৱেশন কৰিব।

0 Comments:
Post a Comment