গুৱাহাটী,২০ ডিচেম্বৰ : কংগ্ৰেছৰ প্ৰতিবাদত শুকুৰবাৰে উত্তাল হ'ল গুৱাহাটী মহানগৰী। প্ৰতিবাদ কৰি থাকোতেই ৰাজপথৰ পৰাই বলপূৰ্বকভাৱে আৰক্ষীয়ে আটক কৰি নিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ, প্ৰাক্তন সাংসদ ৰিপুন বৰাকে ধৰি ভালেসংখ্যক নেতা-কৰ্মীক। বুধবাৰৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ পাছত আজি শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছে জনতা ভৱন ঘেৰাও কাৰ্যসূচী হাতত লৈছিল। যাৰ বাবে পুৱাৰ পৰাই গুৱাহাটী মহানগৰীৰ বিশেষকৈ দিছপুৰৰ চৌদিশে আৰক্ষীয়ে ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলিছিল। তাৰে মাজতে প্ৰদেশ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰে গুৱাহাটীৰ দিছপুৰ আৰু হাতীগাঁও অঞ্চল। কাৰ্যতঃ কংগ্ৰেছৰ প্ৰতিবাদত আজি দিছপুৰ অচল হৈ পৰে। প্ৰতিবাদত ৰাজপথ আৱদ্ধ হৈ পৰাত দিছপুৰৰ স্বাভাৱিক জীৱন যাত্রা কেইবাঘণ্টাৰ বাবে স্তব্ধ হৈ পৰে।
উল্লেখ্য যে পুৱাৰ ভাগত দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত প্ৰদেশ যুৱ কংগ্ৰেছে মৃদুল ইছলামৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰিছিল। মৃদুল ইছলামৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে তেওঁৰ মৃত্যুৰ ন্যায়িক তদন্ত দাবী কৰি প্ৰদেশ যুৱ কংগ্ৰেছে স্মাৰক পত্র দিব বিচাৰিছিল। কিন্তু আৰক্ষীয়ে মানৱেন্দ্ৰ শৰ্মা চৌহদৰ প্ৰৱেশ পথত বেৰিকেট বান্ধি তেওঁলোকক ওলাই যোৱাত বাধা প্ৰদান কৰে। বহু সংখ্যক আৰক্ষীৰ লোকে প্ৰৱেশ পথটো ঘেৰি ৰাখে। যাক লৈ ক্ষোভিত হৈ পৰে মানৱেন্দ্ৰ শৰ্মা চৌহদত সমৱেত হোৱা প্ৰদেশ যুৱ কংগ্ৰেছৰ কেইবাশ নেতা-কৰ্মী। তাৰ পাছতে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমৰ নেতৃত্বত তাত সমবেত সকলো ওলাই অহাৰ প্ৰয়াস কৰে। যুৱ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে আৰক্ষীৰ বেৰিকেট তথা বেষ্টনী ভাঙি ওলাই অহাৰ বাবে বল প্ৰয়োগ কৰে যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে। তাৰে মাজতে একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বেহু ভাঙি ওলাই যায় যদিও আৰক্ষীয়ে কিছু দূৰ যোৱাৰ পাছত আধা বাটতে আৱদ্ধ কৰি ৰাখে। বেৰিকেড পাৰ হৈ ৰাজপথলৈ ওলাই অহা ভালেসংখ্যক প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি লৈ যায়। আনহাতে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমকো আটক কৰে আৰক্ষীয়ে। আনহাতে 'জনতা ভৱন’ ঘেৰাও কাৰ্যসূচী ৰূপায়ণৰ বাবে পুৱাৰ পৰা প্ৰদেশ কংগ্ৰছৰ সভাপতি ভূপেন বৰাৰ গুৱাহাটীৰ ঘোঁৰামৰাস্থিত বাসভৱনত সমবেত হৈছিল ভালেসংখ্যক নেতা-কৰ্মী। কংগ্ৰেছৰ এই কাৰ্যসূচীৰ বাবে ভূপেন বৰাৰ বাসভৱনৰ সন্মূখত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল। দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ চলি থকাৰ সময়তে ভূপেন বৰাই সদলবলে নিজ বাসভৱনৰ পৰা জনতা ভৱন অভিমুখে ৰাওনা হয়। সংগ দিয়ে প্ৰাক্তন সাংসদ ৰিপুন বৰা, বিধায়ক জাকিৰ হুছেইন সিকদাৰ, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীকে ধৰি ভালেসংখ্যক দলীয় নেতা-কৰ্মীয়ে। প্ৰতিবাদী সমদলটো হাতীগাঁও অঞ্চললৈ অহাৰ পাছতে আৰক্ষীয়ে বাধা প্ৰদান কৰে। কিন্তু আৰক্ষীৰ বাধা নেওচি তেওঁলোক আগুৱাই যাব বিচৰাত আৰক্ষীয়ে তেওঁলোকক বলপূৰ্বকভাৱে আটক কৰি লৈ যায়।


0 Comments:
Post a Comment