পৰ্যটন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
গুৱাহাটী,২১ডিচেম্বৰ : পৰ্যটন বিভাগৰ দায়িত্ব লাভ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি প্ৰথমবাৰৰ বাবে বিভাগৰ অধীনৰ পৰ্যটন সঞ্চালকালয় আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা ৰূপায়ন কৰি থকা বিভিন্ন কাৰ্যসূচী তথা আচঁনিৰ বিস্তৃত পৰ্যালোচনা কৰি বিভাগীয় বিষয়াসকলক অসম পৰ্যটনক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰি দেশী-বিদেশী আৰু অধিক পৰ্যটকক আকৰ্ষিত কৰাৰ দিশত সামূহিক মানসিকতাৰে কাম কৰাৰ আহ্বান জনায়। পৰ্যটনৰ কোনো পৰিধি নাই বুলি উল্লেখ কৰি তেওঁ বৰ্তমানে থকা সা-সুবিধাৰ বুজ লোৱাৰ উপৰি এই ক্ষেত্ৰত কিছু নতুন তথা উদ্ভাৱনী পদক্ষেপ গ্ৰহণৰো পোষকতা কৰে। গুৱাহাটী ৰেল ষ্টেচনৰ সমীপৰ পৰ্যটন সঞ্চালকালয়ৰ সভাকক্ষত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস, পৰ্যটন বিভাগৰ সচিব তথা অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা, পৰ্যটন বিভাগৰ সচিব প্ৰভাতী থাউচেন, পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ কুমাৰ বৰকটকী, বিভাগৰ অতিৰিক্ত সচিব ড০ দেৱজিৎ খনিকৰ, যুটীয়া সচিব মামণি পৰমেয়, উপ-সচিব ৰ'মি বৰুৱাকে ধৰি অন্যান্য বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মন্ত্ৰী গৰাকীয়ে বৰ্তমানৰ পৰ্যটকৰ সা-সুবিধা, চলি থকা বিভিন্ন প্ৰকল্পৰ অগ্ৰগতি, ব্যক্তিগত আৰু ৰাজহুৱা অংশীদাৰীত্বৰ প্ৰকল্প, চাহ পৰ্যটন প্ৰসাৰৰ বিভিন্ন পদক্ষেপ, হোম ষ্টেৰ সা-সুবিধা ইত্যাদি আচঁনিৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পৰ্যটন উন্নয়ন নিগমৰ অধীনৰে হওক বা ব্যক্তিগত খণ্ডৰে হওক হোমষ্টে সমূহৰ বাবে এক মানসম্পন্ন বিধি প্ৰস্তুত কৰাৰ বাবে বিভাগক নিৰ্দেশ দিয়ে। যাতে ইয়াত থকা পৰ্যটক সকলে আতিথ্যৰ বাবে সুনিৰ্দিষ্ট সা-সুবিধাখিনি লাভ কৰিব পাৰে। তদুপৰি বৰ্তমানে ৰূপায়ন কৰি থকা বিভিন্ন প্ৰকল্পৰ কাম ধাৰ্য কৰা সময়ৰ ভিতৰত সম্পন্ন কৰাৰ পদক্ষেপ ল'বলৈ তেওঁ কয়। সাম্প্ৰতিক সময়ত অসমত শান্তিপূৰ্ণ বাতাবৰণ অব্যাহত থকাৰ বাবে অসমলৈ যথেষ্ট দেশী-বিদেশী পৰ্যটকক আহিছে বুলি উল্লেখ কৰি অসম পৰ্যটনৰ আৰু অধিক প্ৰচাৰ, প্ৰসাৰৰ পৰিকল্পনাৰো তেওঁ পোষকতা কৰে। পৰ্যালোচনা বৈঠকৰ পিছতে মন্ত্ৰী দাসে পৰ্যটন সঞ্চালকালয় পৰিদৰ্শন কৰাৰ লগতে গুৱাহাটীৰ পল্টন বজাৰস্থিত অসম পৰ্যটন উন্নয়ন নিগমৰ কাৰ্যালয় পৰিদৰ্শন কৰি ইযাত থকা বিভিন্ন সা-সুবিধাৰ বুজ লয়। পৰিদৰ্শন কালত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ, উপাধ্যক্ষকে ধৰি উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।

0 Comments:
Post a Comment