ৰাজ্যত এতিয়া আন্দোলনৰ পৰিৱেশ হ্ৰাস পাইছে : মুখ্যমন্ত্রী
লখিমপুৰ,২২ ডিচেম্বৰ : সৰ্বস্তৰৰ লোকৰ সৰ্বাংগীন উন্নয়নৰ শ্লোগানেৰে অসম চৰকাৰে ৰূপায়ণ কৰা কাৰ্যসূচী হিচাপে মাইক্ৰ’ফাইনেন্সৰ অধীনৰ হিতাধিকাৰীৰ মাজত ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণ, পুনৰ সংস্থাপন অনুদান, প্ৰান্তিক মূলধন প্ৰদান আৰু নতুনকৈ নিৰ্বাচন কৰা হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আজি লখিমপুৰ জিলাৰ চুকুলিভৰীয়াত এক বিশাল জনসমাবেশত ৰূপায়ন কৰা হয়। এই বিশাল জনসমাবেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ৰাইজক সম্বোধন কৰি কয় - "কংগ্ৰেছৰ শাসন কালত ৰাজ্যবাসীৰ মনত এনেকুৱা এটা ধাৰণা গঢ় লৈ উঠিছিল যে টকা দিলেহে চাকৰি পায়৷ আগতে মন্ত্ৰী-বিধায়কৰ সন্তান, অঙহী-বঙহী বা আত্মীয়ইহে অসম লোকসভা আয়োগৰ চাকৰি পাইছিল, বিষয়াৰ ল’ৰাহে মেজিষ্টেট হৈছিল, আগৰ কংগ্ৰেছৰ সেই দিন এতিয়া আৰু নাই। বিজেপি চৰকাৰৰ যোৱা চাৰে তিনি বছৰীয়া কাৰ্যকালত কথা আৰু কামৰ কোনো প্ৰভেদ নৰখাকৈ ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি আহিছো আৰু এনে উন্নয়নৰ বাতাবৰণ গঢ়ি উঠাৰ বাবেই ৰাজ্যৰ উজনি অসমৰ আটাইতকৈ পিছপৰা লখিমপুৰ আৰু ধেমাজি জিলা বিকশিত জিলালৈ পৰিৱৰ্তন হৈছে৷ লখিমপুৰ জিলাখনৰ চুকুলিভৰীয়াস্থ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেল পথাৰৰ সমীপৰ সভাস্থলীত উপস্থিত হৈ অসম চৰকাৰে ৰূপায়ণ কৰা "বিকাশৰ ১২ দিন" কাৰ্যসূচীৰ অংশ হিচাপে লখিমপুৰ জিলাৰ মাক্ৰ’ফাইনেন্সৰ অধীনৰ হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণ, পুনৰ সংস্থাপন অনুদান আৰু নতুনকৈ নিৰ্বাচিত কৰা হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচীত ৰূপায়ন কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰায় ১৬ লাখ মহিলাৰ ঋণৰ বোজা ৰাজ্য চৰকাৰে আতৰাবলৈ সক্ষম হোৱা বুলি ঘোষণা কৰে। মাইক্ৰ’ফাইনেন্সৰ এনে ঋণৰ বোজাত ভাৰাক্ৰান্ত লখিমপুৰ জিলাৰ ২ লাখ ২১ হাজাৰ ৯৪৯ গৰাকী মহিলা আজিৰে পৰা ঋণৰ বোজাৰ পৰা মুক্ত হ’ল বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয়- "জিলাখনৰ এই বৃহৎ সংখ্যক মহিলাই মাইক্ৰ’ফাইনেন্সৰ পৰা ২৫ হাজাৰ টকাকৈ ঋণ লৈছিল৷ চৰকাৰে এই ঋণৰ বাবদ সংশ্লিষ্ট বেংকক ২৯১ কোটি টকা জমা দিব লগা হৈছে। আনহাতে আৰু একাংশ মহিলাই ৫০ হাজৰকৈ ঋণ লৈ দুই -এটা কিস্তিহে পৰিশোধ কৰিছে। তেওঁলোকৰ ঋণ ৰেহাইৰ বাবে প্ৰয়োজন হোৱা ২২৩ কোটি টকা ইতিমধ্যে চৰকাৰে বেংকত জমা দিছে।" তদুপৰি ৰাজ্যখনত বানত বিধস্ত পৰিয়াল আৰু কৃষি কাৰ্যৰ ক্ষতি হোৱা পৰিয়াল সমূহৰ পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণ হিচাপে ৰাজ্য চৰকাৰে ৩৫০ কোটি টকা বেংক একাউণ্টত প্ৰদান কৰিছে৷ মহিলাসকলৰ সৱলীকৰণৰ বাবে অসম ৰাজ্যিক গ্ৰামীন জীৱিকাৰ অভিযানৰ ৰূপায়ণৰ নামত ৩৫৪ কোটি টকা মোকলাই দিয়াৰ কথা মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷ লখিমপুৰ জিলা আয়ুক্ত প্ৰনৱজিৎ কাকতিয়ে আদৰণি ভাষণ আগবঢ়োৱা বিশাল জনসমাবেশখনিত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ আজাদত ১৫ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা চৰকাৰী আইন মহাবিদ্যালয়খন ভাৰ্চোৱেলি উদ্বোধন কৰাৰ উপৰি লখিমপুৰ চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত এখন বি এচ চি নাৰ্চিং প্ৰশিক্ষণ প্ৰতিষ্ঠান, বগীনদীত ১৫ কোটি টকা ব্যয় সাপেক্ষ সাতশ আসনযুক্ত বিশিষ্ট এটা অত্যাধুনিক প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে৷ আজিৰ সভাতেই মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ মুঠ ৩৭ টা বিধানসভা সমষ্টিৰ হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ড বিতৰণ কৰি ঘোষণা কৰে যে এতিয়াৰ পৰা ৰেচন কাৰ্ড থাকিলে গাওঁবুঢ়া, মৌজাদাৰৰ পৰা আয়ৰ প্ৰমাণ পত্ৰ লোৱাৰ প্ৰয়োজন নহ’ব আৰু মহাবিদ্যালয়ত অধ্যয়ন অথবা বিশ্ববিদ্যালয়ত চিকিৎসাৰ ক্ষেত্ৰত ৰেচনকাৰ্ড দাখিল কৰিলেই ৫ লাখ টকা পৰ্যন্ত এই সুবিধাখিনি লাভ কৰিব পাৰিব৷ আনহাতে আজি মুখ্যমন্ত্ৰীয়ে লখিমপুৰ জিলাৰ পানীগাঁওৰ নিকটৱৰ্তী ফটাসুঁতি ঘাটত ২৬কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা পকী দলঙখন আনুষ্ঠানিকভাৱে ফিটা কাটি ৰাইজৰ বাবে মুকলি কৰে৷


0 Comments:
Post a Comment