লোককৃষ্টিৰ সাধক দুৰ্গেশ্বৰ সোণোৱাললৈ আছুৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা
গুৱাহাটী,২৪ ডিচেম্বৰ : গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ২০২৪ চনৰ বাবে ডিব্ৰুগড় জিলাৰ মেছলৌ গাঁৱৰ দুৰ্গেশ্বৰ সোনোৱাললৈ আগবঢ়োৱা হৈছে। অসমৰ লোককৃষ্টিৰ সংৰক্ষণ আৰু প্ৰচাৰত বৰঙণি আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰতিবছৰে সদৌ অসম ছাত্ৰ সন্থাই এই বঁটা প্ৰদান কৰি আহিছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেই এই কথা সদৰি কৰি কয় যে ২৭ ডিচেম্বৰত শিল্পীগৰাকীৰ মৃত্যুৰ দিনটোত গুৱাহাটীৰ চান্দমাৰীৰ শ্বহীদ উদ্যানত থকা প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিস্থলীত দিনৰ ১১ বজাত লোককৃষ্টিৰ সাধক দুৰ্গেশ্বৰ সোনোৱাললৈ এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব।

0 Comments:
Post a Comment