গুৱাহাটীত সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত আম্বেদকাৰ সন্মান যাত্ৰা, ৰাজ্যজুৰি প্ৰতিবাদ


গুৱাহাটী,২৪ ডিচেম্বৰঃ ভাৰতীয় সংবিধানক আৰু সংবিধান প্ৰণেতা ভীমৰাও বাবাচাহেব আম্বেদকাৰক সন্মান জনাবলৈ আজি অসম প্ৰদেশ কংগ্ৰেছে সমগ্ৰ জিলাতে অভিনৱ সমদল উলিয়ায়। তেজপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমদল কৰি গৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীত ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত আম্বেদকাৰৰ ফটো আঁৰি দিয়ে। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত সংবিধানৰ প্ৰণেতা আম্বেদকাৰৰ ফটো নথকাত আশ্চৰ্য প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লগত লৈ যোৱা আম্বেদকাৰৰ ফটো জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিজেই আঁৰি দিয়ে। ইফালে গুৱাহাটীতো এক অভিনৱ প্ৰতিবাদ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। অসম আৰক্ষীয়ে শান্তি সমদল যাত্ৰাৰ অনুমতি প্ৰদান নকৰাত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই ৪জন ব্যক্তিক লৈ ৰাজপথৰে সমদল কৰি আহি দিছপুৰৰ মন্ত্ৰী আৱাসৰ ভিতৰত থকা আম্বেদকাৰৰ প্ৰতিমূৰ্তিত ৰাজপথৰ বাহিৰৰ পৰাই সেৱা কৰে। দিছপুৰৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি প্ৰকাণ্ড দেৱাল দি চৰকাৰে ঢাকি পেলোৱা কাৰ্যক গৰিহণা দি দেৱব্ৰত শইকীয়াই সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ সংবিধান প্ৰণেতাক সন্মান প্ৰদৰ্শন কৰি সকলোৱে দেখাকৈ তেওঁৰ প্ৰতিমূৰ্তি এটা গুৱাহাটীত স্থাপন কৰিব লাগে। শইকীয়াই কয় যে বিহালীৰ উপ-নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ প্ৰদেশ কংগ্ৰেছৰ ভূতপূৰ্ব সভাপতি ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি গুৱাহাটীত স্থাপন কৰিব বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ দিছপুৰত থকা বাবাচাহেব আম্বেদকাৰৰ প্ৰতিমূৰ্তি ঢাকি দিয়াতো অত্যন্ত গৰ্হিত কথা হৈছে। গুৱাহাটীৰ কলাক্ষেত্ৰ অথবা অন্য সুবিধাজনক স্থানত ভীমৰাও আম্বেদকাৰৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে শইকীয়াই দাবী জনাই আৰু এজন বিধায়ককে ধৰি ৪ জন লোকৰ সৈতে শান্তি সমদল কৰি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ সভা অনুষ্ঠিত কৰিবলৈ আহে। বিৰোধী দলৰ উপ-দলপতি সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদদ্বয় ৰিপুণ বৰা, বলীন কুলী, নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক মনোজ চৌহানকে ধৰি কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাই আজি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আম্বেদকাৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মাই পৰিচালনা কৰা সভাখনত সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধান আৰু সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰক অসন্মান কৰা বিষয়টো উত্থাপন কৰি গৃহমন্ত্ৰীজনৰ পদত্যাগ দাবী কৰে। শ শ লোকৰ উপস্থিতিত আজি অসম প্ৰদেশ কংগ্ৰেছৰ কেবাজনো নেতাই আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক ক্ষুৰধাৰ সমালোচনা কৰে। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কংগ্ৰেছ কৰ্মীসকলক সম্বোধন কৰি বি আৰ আম্বেদকাৰৰ মহান আদৰ্শ আৰু ত্যাগৰ কথা স্মৰণ কৰাৰ লগতে দেশৰ সাংবিধানিক অধিকাৰসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত সকলো কংগ্ৰেছ কৰ্মীকে সংবিধান সুৰক্ষিত কৰি ৰাখিবলৈ অধিক সক্ৰিয়ভাৱে কাম কৰিবলৈ আহ্বান জনায়। নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক মনোজ চৌহানে বিজেপি দলে 'ইছ বাৰ ৪০০ পাৰ’ শ্ল’গানেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰি ভাৰতৰ সংবিধান সলনি কৰাৰ এক ষড়যন্ত্ৰ কৰিছিল যদিও ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে বিজেপিৰ এই ষড়যন্ত্ৰ ওফৰাই পেলায়। সকলো কংগ্ৰেছ কৰ্মীক একত্ৰিতভাৱে সংবিধান সুৰক্ষাৰ যাত্ৰাত অংশীদাৰ হ’বৰ বাবে চৌহানে আহ্বান জনায়। সভাত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰণতি ফুকন, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, বিপুল গগৈ, সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, সেৱা দলৰ অধ্যক্ষ দ্বীপ বায়ন, অন্যান্য পিছপৰা শ্ৰেণীৰ অধ্যক্ষ কৃষ্ণা দাস, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা প্ৰমুখ্যে নেতা-কৰ্মীসকল উপস্থিত থাকে |

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment