বাজপেয়ী আছিল শান্তিৰ দূত : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী,২৫ ডিচেম্বৰ : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ আদাবাৰীস্থিত অটল উদ্যানত আধুনিক ভাৰতৰ ৰূপকাৰ, অসমহিতৈষী, ভাৰতৰত্ন, প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূর্তি আনুষ্ঠানিকভাবে উন্মোচন কৰে। মুখ্যমন্ত্রীয়ে লগতে অটল উদ্যান চৌহদত ভাৰতৰত্নগৰাকীৰ কৰ্মময় সমৃদ্ধ জীৱন আৰু কীর্তি বিষয়ক এখন প্রদর্শনীও উদ্বোধন কৰে। প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ ১০০ সংখ্যক জন্মবার্ষিকী উপলক্ষে ভাৰতীয় জনতা পার্টি, অসম প্রদেশে অটল উদ্যানত আয়োজন কৰা সুশাসন দিৱসত অংশ গ্রহণ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। এগৰাকী ৰাজনৈতিক কর্মী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এগৰাকী প্ৰচাৰক, জনসংঘৰ কাৰ্যকৰ্তা আৰু সভাপতি, ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কার্যকর্তা তথা ৰাষ্ট্ৰীয় সভাপতি আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীয়ে তিনিবাৰকৈ দায়িত্ব পালন কৰি ভাৰতবৰ্ষক সমৃদ্ধ কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে এইগৰাকী প্রাক্তন প্রধানমন্ত্রীয়ে প্ৰগতিৰ নতুন বাট মুকলি কৰিছিল। তেওঁ কয় যে প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী অসমবাসীৰ বাবে এটি বিশেষ নাম। অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ বিৰুদ্ধে হোৱা আন্দোলনত পূর্ণ সমর্থন জনাইছিল আৰু বিপদৰ সময়ত অসমবাসীৰ কাষত এইগৰাকী মহান নেতা সদায়ে আছিল। ভাৰতীয় জনতা পার্টি আৰু অখিল ভাৰতীয় বিদ্যার্থী পৰিষদে সেইসময়ৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ প্রতি এক জনমত গঠনৰ প্রয়াস কৰিছিল বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদবানী, যশোবন্ত সিঙকে আদি কৰি সেই সময়ৰ ভাৰতীয় জনতা পার্টিৰ শীৰ্ষতম নেতৃবৃন্দই অসমৰ প্ৰায়বোৰ জিলা সদৰলৈ গৈ অসম আন্দোলনৰ প্ৰতি দলটোৰ অকুণ্ঠ সমর্থনৰ কথা অসমবাসী ৰাইজক অৱগত কৰিছিল। অটল বিহাৰী বাজপেয়ীয়ে নিজৰ জীৱনকালত অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ৰাজ্যখনৰ সৈতে এক নিবিড় সম্পর্ক গঢ়ি তুলিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে অসমৰ সমস্যা আৰু অসমৰ প্ৰগতিৰ প্রতিবন্ধকতাসমূহ আঁতৰাবলৈ বাজপেয়ীয়ে দৃঢ় সংকল্প লৈছিল। অটল বিহাৰী বাজপেয়ীয়ে প্রধানমন্ত্রীৰ দায়িত্ব লৈয়ে প্রথমবাৰৰ বাবে উত্তৰ পূব অঞ্চল বিকাশ দপ্তৰ অৰ্থাৎ ড'নাৰ মন্ত্রণালয় গঠন কৰিছিল। অটল বিহাৰী বাজপেয়ীয়ে কৈছিল যে দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ উত্তৰ পূবৰ। এইগৰাকী প্রধানমন্ত্রীয়ে কেন্দ্রীয় বাজেটব ১০ শতাংশ উত্তৰ পূবৰ বাবে ব্যয় কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। যদি বিত্তীয় বর্ষত সেই ধন খৰচ কৰিব নোৱাৰে সেই পুঁজি এন এল চি পি আৰলৈ হস্তান্তৰিত কৰিছিল আৰু ৰাজ্য চৰকাৰসমূহে এই ধনেৰে বিকাশ সাধন কৰিব পাৰিব বুলিও বাজপেয়ীয়ে সিদ্ধান্ত গ্রহণ কৰিছিল। ভাষণ প্রসংগত এন এল চি পি আৰেৰে ৰাজ্যখনত হোৱা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ আভাষ দিয়ে। প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে তিনিওটা কার্যকালত উত্তৰ পূবৰ বিকাশৰ দিশত আত্মনিয়োগ কৰিছিল। বাজপেয়ীয়ে গভীৰভাবে অনুধাবন কৰিছিল যে অঞ্চলটোৰ ৰাজ্যসমূহত যদি ৰাজহুৱা বিনিয়োগ নহয়, তেনেহ'লে উত্তৰ পূব আঁতৰি যাব। বাজপেয়ীয়ে আৰু বিশ্বাস কৰিছিল যে আঞ্চলিক বৈষম্যই উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক অধিক হতাশ কৰিব আৰু ই সন্ত্রাসবাদ, হিংসা আৰু আন্দোলনৰ এক পৃষ্ঠভূমিত পৰিগণিত কৰিব। মুখ্যমন্ত্রীয়ে কয় যে এন এল চি পি আৰ, ড'নাৰ মন্ত্রণালয়, কেন্দ্রীয় বাজেটত ১০ শতাংশ পুঁজি উত্তৰ পূবৰ বাবে আবণ্টন আদি পদক্ষেপৰে বিকাশৰ এক নতুন সপোন দেখুৱাইছিল। পূর্বে ৰাজ্যৰ অংশ মুকলি কৰি নিদিলে কেন্দ্রৰ অংশ মুকলি কৰি দিয়া নাছিল কিন্তু অটল বিহাৰী বাজপেয়ীয়ে কেবল অসমৰ বাবে কেন্দ্রীয় পুঁজি প্রত্যক্ষভাবে ৰাজ্যখনক দিয়াৰ বাবে নির্দেশনা প্রদান কৰিছিল আৰু তেতিয়াৰে পৰা অসমলৈ পঞ্চায়তৰ পুঁজি অহা আৰম্ভ হয়। মুখ্যমন্ত্রীয়ে কয় যে প্রথমবাৰৰ বাবে উত্তৰ পূর্বাঞ্চলত অন্ধকাৰৰ তমসা আঁতৰাই পোহৰৰ আলোকৰ বন্তি জ্বলাবলৈ চেষ্টা কৰিছিল। এইগৰাকী প্রাক্তন প্রধানমন্ত্রীয়ে ২০০৩ চনত প্ৰথমবাৰৰ বাবে বড়ো চুক্তিত স্বাক্ষৰ কৰিছিল আৰু বড়োলেণ্ডত শান্তিৰ কপৌ সেই দিনাৰ পৰা আৰম্ভ হৈছিল। সেই শান্তিব বীজ অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদবানীয়ে ৰোপণ কৰিছিল তাক ২০২০ চনত বটবৃক্ষলৈ ৰূপান্তৰ কৰে প্রধানমন্ত্রী নবেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে। ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে অটল বিহাৰী বাজপেয়ীয়ে অসম অইল ডিভিজনক প্রথমবাৰৰ বাবে আবকাৰী শুল্কৰ পৰা ৰেহাই দিছিল, লোকপ্রিয় গোপীনাথ বৰদলৈক ভাৰতৰত্ন প্রদান কৰাৰ উপৰি গুৱাহাটী বিমান বন্দৰক লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান কোঠ হিচাপে নামাকৰণ কবে। ৰাজ্যখনলৈ ইমান বৃহৎ বৰঙণি পূর্বে কোনো প্রধানমন্ত্রীয়ে আগবঢ়োৱা নাছিল বুলিও তেওঁ মন্তব্য কৰে। যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত নিৰ্মাণ কৰা নৰনাৰায়ণ সেতুৰ পুঁজি যোগান ধৰিছিল আৰু ১৯৯৮ চনত এই সেতুখন বাজপেয়ীয়ে অসমৰ জনসাধাৰণৰ সেৱাত উৎসর্গিত কৰিছিল। অসম চিকিৎসা মহাবিদ্যালয়ৰ বাবে সেই সময়তে ১০০ কোটি টকা মুকলি কৰিছিল। মুখ্যমন্ত্রীয়ে কয় যে বাজপেয়ীয়ে গোপীনাথ বৰদলৈক ভাৰতৰত্ন দিয়াৰ পিছত প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে ড° ভূপেন হাজৰিকাক ভাৰতৰত্ন অর্পন কৰিছিল। জাতিটোক যদি গৌৰৱান্বিত কৰিছে, উৎকর্ষতাৰ নতুন পর্যায়লৈ লৈ যাব বিচাৰিছে সেয়া আছিল প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী আৰু বৰ্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী। এই দুয়োজন প্রধানমন্ত্রীৰ অবিহনে আধুনিক অসমৰ কল্পনা কৰিব পৰা নাযায় বুলিও তেওঁ মন্তব্য কৰে ৷ ভাৰতৰ ৰাজনীতিত বাজপেয়ীৰ অভূতপূর্ব বৰঙণিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কার্গিল যুদ্ধত ভাৰতৰ বিজয় গৌৰৱৰ ক্ষণ আছিল। পোখৰাণত নিউক্লিয়াৰ বিস্ফোৰণ কৰাৰ দৃশ্য আজিও সকলোৰে মানসপটত উদ্বেলিত হৈ আছে। মুখ্যমন্ত্রীয়ে কয় যে আমেৰিকাৰ অর্থনৈতিক বাধা নিষেধৰ বিপৰীতে বাজপেয়ীয়ে সাহসেৰে দেখুৱাই দিয়া কাৰ্যৰ বাবে আমেৰিকাই পৰৱৰ্তী সময়ত সেই বাধা নিষেধ আঁতৰ কৰিবলৈ বাধ্য হৈছিল। তেওঁ লগতে কয় যে এইগৰাকী প্রাক্তন প্রধানমন্ত্রীয়ে শান্তিৰ বাবেও প্রয়াস কৰিছিল। বাজপেয়ী শান্তিৰ দূত আছিল বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। ভাৰতৰ স্বাধীনতা, অখণ্ডতা ৰক্ষাৰ বাবে বাজপেয়ীয়ে যুঁজ দিছিল। প্রাক্তন প্রধামন্ত্ৰীগৰাকীৰ নীতি-আদর্শই যুগে যুগে অসমৰ বিকাশৰ বাবে প্ৰেৰণা যোগাই থাকিব বুলিও মুখ্যমন্ত্রীয়ে কয়। আজিৰ এই অনুষ্ঠানত ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ সভাপতি ভৱেশ কলিতা, ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ প্ৰভাৰী হৰিশ ত্রিবেদী, ৰাজ্যিক সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্রী অশোংক সিংহল, শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেণ্ড, ক্রীড়া আৰু যুব কল্যাণ আদি বিভাগৰ মন্ত্রী নন্দিতা গার্লোচা, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্রী ৰূপেশ গোৱালা, ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ সাধাৰণ সম্পাদক তথা বিধায়ক দিপ্লুৰঞ্জন শর্মা, সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকা প্রমুখো দলৰ কার্যকর্তা তথা গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

0 Comments:
Post a Comment