যশস্বী সাহিত্যিক য়েছে দৰ্জে ঠংচিলৈ ২০২৪ বৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’


গুৱাহাটী,২৬ ডিচেম্বৰ : বিশিষ্ট সাহিত্যিক আৰু প্ৰকাশকক প্ৰদান কৰি অহা সন্মানীয় ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ আৰু ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’ আজি ঘোষণা কৰা হয়। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বাকৰিত আজি এক সংবাদমেলৰ আয়োজন কৰি পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা ঘোষণা কৰে৷ এই বিষয়ে সদৰী কৰি কলিতাই কয় – "২০২৪ বৰ্ষৰ ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ৰে সন্মানিত হৈছে বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে ঠংচি৷ ‘ধাৰ আৰু অন্যান্য গল্প’ শীৰ্ষক গ্ৰন্থখনৰ বাবে ঠংচিলৈ এই বঁটা আগবঢ়োৱা হৈছে৷ এই বঁটাত আছে নগদ ৫ লাখ টকা, প্ৰশস্তি-পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা৷" উল্লেখ্য, ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ লাভ কৰা বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ ‘ধাৰ আৰু অন্যান্য গল্প’ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ ‘বনলতা’ই৷ সেয়ে ‘বনলতা’লৈ আগবঢ়োৱা হৈছে ‘অসম প্ৰকাশন পৰিষদ প্ৰকাশক বঁটা’৷ প্ৰকাশকৰ বঁটাত আছে নগদ ৩ লাখ টকা, মানপত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা৷ উল্লেখ্য, অসম প্ৰকাশন পৰিষদে ‘অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা’ বিগত ২০২১ বৰ্ষত ড॰ নন্দিতা দেৱী আৰু ২০২২ বৰ্ষত ড॰ প্ৰণৱজ্যোতি ডেকা আৰু ২০২৩ বৰ্ষত ড॰ ধ্ৰুৱজ্যোতি বৰাক প্ৰদান কৰিছিল৷ সেইদৰে উক্ত দুটা বৰ্ষত প্ৰকাশকৰ বঁটা লাভ কৰা প্ৰকাশন প্ৰতিষ্ঠান তিনিটা হৈছে ক্ৰমে– ‘জ্যোতি প্ৰকাশন’, ¸ ‘বান্ধৱ’ আৰু আসাম পাব্লিচিং কোম্পানী৷ বিচাৰকমণ্ডলীয়ে চূড়ান্ত পৰ্যায়ত নিৰ্বাচন কৰা ৬খন গ্ৰন্থৰ অন্যান্য পাঁচখন গ্ৰন্থ হ’ল– ভূপেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ উপন্যাস ‘বুঢ়াদিয়াৰ পাৰে পাৰে’, দীপক কুমাৰ বৰকাকতিৰ উপন্যাস ‘ঐশ্বৰ্য্য’, সমীৰ তাঁতীৰ কাব্য গ্ৰন্থ ‘ফৰিংবোৰে বাটৰ কথা জানে’ আৰু দেৱব্ৰত দাসৰ উপন্যাস ‘কড়ি খেলাৰ সাধু’৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment