কাইলৈৰ পৰা ১২ দিনীয়াকৈ খানাপাৰাত অসম গ্ৰন্থমেলা


গুৱাহাটী,২৬ ডিচেম্বৰ : কাইলৈৰ পৰা অহা ৭ জানুৱাৰীলৈ ১২ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা 'অসম গ্ৰন্থমেলা, গুৱাহাটী'। এইবেলি চানমাৰিৰ পৰিৱৰ্তে খানাপাৰাত আয়োজন কৰা 'অসম গ্ৰন্থমেলা, গুৱাহাটী'ৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আজি এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে এইবেলি দুলীয়াজান, যোৰহাট আৰু নলবাৰীত সফল সামৰণিৰ পাছত গুৱাহাটীত আয়োজন কৰা হৈছে বহু প্ৰতীক্ষিত 'অসম গ্ৰন্থমেলা' ৷ এই গ্ৰন্থমেলাত মুঠতে ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ ১১৮  প্ৰকাশন গোষ্ঠী তথা বিপণীয়ে যোগদান কৰিব ৷ ইয়াৰ ভিতৰত আছে দিল্লী-হাৰিয়ানাৰ ১৬ টা, কলকাতাৰ ১৫ টা আৰু পাঞ্জাৱৰ ২টা, প্ৰকাশন গোষ্ঠী ৷ সচিব কলিতাই অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ সকলোপক্ষৰে সহযোগিতা আন্তৰিকতাৰে  কমনা কৰি কয় - “কাইলৈ বিয়লি ৩ বজাত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হ'ব। এই অনুষ্ঠানত সভাপতি ৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে। সভাখনত বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰিব দিল্লীৰ বিশিষ্ট লেখক, সাংবাদিক, ইতিহাসবিদ হিন্দোল সেনগুপ্ত, বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰা, দ্য ফেডাৰেশ্যন অৱ পাব্লিচাৰ্ছ এণ্ড বুক ছেলাৰ্ছ এছ’চিয়েশ্যন ইন ইণ্ডিয়াৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘাইয়ে ৷” ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ  কাৰ্যসূচী সদৰী কৰি তেওঁ কয় যে প্ৰতিদিনেই ভাষা-সাহিত্য-সংস্কৃতি , ইতিহাস তথা সমাজ-জীৱনৰ বিভিন্ন প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ বিষয়ক কেন্দ্ৰ কৰি গ্ৰন্থমেলাত আলোচনা সত্ৰ অনুষ্ঠিত হ’ব ৷ সেই অনুসৰি  ২৮  ডিচেম্বৰৰ দুপৰীয়া ১২ বজাত আছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান ৷ বিয়লি ২ বজাৰ পৰা আয়োজন কৰিবলগীয়া  “গ্ৰন্থ প্ৰকাশৰ দায়ৱদ্ধতা, প্ৰচাৰ আৰু কৌশল অৱলম্বন” শীৰ্ষক আলোচনা সত্ৰত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব দ্য ফেডাৰেশ্যন অৱ পাব্লচাৰ্ছ এণ্ড বুক ছেলাৰ্ছ এছ’চিয়েশ্যন ইন ইণ্ডিয়াৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘাইয়ে ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশ ল’ব নেশ্যনেল বুক ট্ৰাষ্টৰ আঞ্চলিক(অসমীয়া) সম্পাদক দীপ শইকীয়াই ৷ অধ্যাপক গংগাপদ চৌধুৰীয়ে সঞ্চালনা কৰিব এই আলোচনা সত্ৰ। সন্ধিয়া ৬ বজাত দিল্লীৰ বিশিষ্ট লেখক, সাংবাদিক, ইতিহাসবিদ হিন্দোল সেনগুপ্তৰ সৈতে অন্তৰংগ আলাপ পৰিচালনা কৰিব নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, বিশিষ্ট সাংবাদিক ড° সমুদ্ৰগুপ্ত কাশ্যপে ৷ ২৯ ডিচেম্বৰত বিয়লি ১ বজাৰ পৰা  বিশিষ্ট সাহিত্যিক, সমালোচক ড° আনন্দ বৰমুদৈৰ সঞ্চালনাত অনুষ্ঠিত হ’ব “ভিন্ন-সাহিত্য-ধাৰাৰ গ্ৰন্থ পঠনৰ আনন্দ” শীৰ্ষক আলোচনা সত্ৰ ৷ বিয়লি ৩ বজাত আছে “গল্পৰ আবেলি” ৷ এই অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক মনোজ কুমাৰ গোস্বামীয়ে। অনুষ্ঠানটি পৰিচালনা কৰিব অতনু ভট্টাচাৰ্যই। ৩০ ডিচেম্বৰৰ বিয়লি ২ বজাৰ পৰা চলচ্চিত্ৰ সমালোচক, কবি অপৰাজিতা পূজাৰীৰ পৰিচালনাৰে অনুষ্ঠিত হ’ব “চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায়” শীৰ্ষক আলোচনা সত্ৰ ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব মুম্বাইৰ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, লেখক মনোজ শ্ৰীবাস্তৱে। বছৰৰ শেষ দিনটোত অৰ্থাৎ ৩১ ডিচেম্বৰত বিয়লি ১ বজাৰ পৰা আয়োজিত হ’ব “অসমৰ সাংস্কৃতিক বিৱৰ্তনৰ ইতিহাসঃ পুৰাকালৰ পৰা সাম্প্ৰতিক সময়লৈ” শীৰ্ষক আলোচনা সত্ৰ ৷ বিয়লি ৪ বজাৰ পৰা আছে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ সৈতে অন্তৰংগ আলাপ ৷ নৱবৰ্ষৰ প্ৰথম দিনা অৰ্থাৎ ১ জানুৱাৰীত বিয়লি ১ বজাত অনুষ্ঠিত হ’ব যুৱ-লেখকৰ সমাৰোহ “উন্মীলন”। ২ জানুৱাৰীত  বিয়লি ১২-৩০ বজাৰ পৰা ‘অ’ মোৰ সুৰীয়া মাত” শীৰ্ষক অসমীয়া ভাষালৈ ধ্ৰুপদী মৰ্যাদা বিষয়ক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নতুন দিল্লীৰ বিশিষ্ট সংস্কৃত পণ্ডিত ড° বলদেৱানন্দ সাগৰে ৷ ইয়াৰ প্ৰথম পৰ্বৰ আলোচনা সত্ৰৰ বিষয় হৈছে “অসমীয়া শব্দ সম্ভাৰৰ ধ্ৰুপদী চৰিত্ৰ বিশ্লেষণ”৷ এই সত্ৰৰ সঞ্চালনা কৰিব ভাষাবিদ ,অভিধান প্ৰণেতা সুমন্ত চলিহাই দ্বিতীয় পৰ্বৰ বিষয় হৈছে “ধ্ৰুপদী অসমীয়া আৰু অসমৰ জনগোষ্ঠীয় ভাষা” ৷ এই সত্ৰ পৰিচালনা কৰিব ভাষাবিদ তাৰিণীকান্ত গোস্বামীয়ে। 

৩ জানুৱাৰীত বিয়লি ১ বজাত অনুষ্ঠিত হ’ব “লেখক-পাঠকৰ সমাৰোহ” ৷ এই সমাৰোহ উদ্বোধন কৰিব বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়োই। বিয়লি ৩ বজাৰ পৰা আছে “সাহিত্য আৰু কৃত্ৰিম বুদ্ধিমত্তাঃ প্ৰত্যাহ্বান আৰু সম্ভাৱনা” বিষয়ক আলোচনা সত্ৰ ৷ এই আলোচনা সত্ৰ উদ্বোধন কৰিব ড০ ছাইদুল ইছলামে ৪ জানুৱাৰীত বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত হ’ব সদ্যপ্ৰয়াত বিশিষ্ট কবি মীৰা ঠাকুৰ সোঁৱৰণী অনুষ্ঠান ৷ ৫ জানুৱাৰীত আয়োজন কৰা হ’ব “শিশুৰ দিন” ৷ এই অনুষ্ঠান আনুষ্ঠানিক ভাৱে মুকলি কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে। ৬ জানুৱাৰীত বিয়লি ১ বজাৰ পৰা সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ সঞ্চালনাত অনুষ্ঠিত হ’ব “উপন্যাস সাহিত্যঃ তত্ব-শৈলী  আৰু বিষয়বস্তু“ শীৰ্ষক আলোচনা সত্ৰ ৷ বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব কবি সন্মিলন ৷ কবি সন্মিলন উদ্বোধন কৰিব বিশিষ্ট কবি আনিছ্ উজ্ জামানে। পৰিচালনা কৰিব বিশিষ্ট সমালোচক প্ৰদীপ আচাৰ্যই। এই কবি সন্মিলনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব সাহিত্য অকাডেমিৰ যুৱ সাহিত্যিকৰ বঁটা-প্ৰাপক তথা বৰাক উপত্যকাৰ প্ৰসিদ্ধ কবি সুতাপা চক্ৰৱৰ্তী। ৭ জানুৱাৰীত বিয়লি ৩ বজাত আয়োজিত হ’ব অসম গ্ৰন্থমেলা, গুৱাহাটীৰ সামৰণী অনুষ্ঠান। সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব আৰু কাৰ্যবাহী তথা শৈক্ষিক মুৰব্বী ড° সচ্চিদানন্দ যোশী, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট লেখক-গৱেষক ড° মালিনী গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিশিষ্ট গ্ৰন্থকাৰ-গৱেষক ড° ননীগোপাল মহন্তই ৷ গ্ৰন্থমেলাৰ প্ৰতি সন্ধিয়া আয়োজিত হ’ব মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা ৷ আজি সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সচিব প্ৰমোদ কলিতাৰ লগতে উপস্থিত থাকে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি  নগেন শৰ্মা, কাৰ্যকৰী সভাপতি ধীৰাজ গোস্বামী, উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰীকে ধৰি মুখ্য বিষয়-ববীয়া সকল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment