আৰম্ভ অসম গ্ৰন্থমেলা গুৱাহাটী : কিতাপৰ উমেৰে উছৱ মুখৰ খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰ


গুৱাহাটী,২৭ ডিচেম্বৰঃ “অসমীয়া ভাষাৰ যে এক স্বকীয় ইতিহাস আছে, এই ভাষা যে অতি সু-প্ৰাচীন এই কথা প্ৰতিপন্ন কৰিলে ধ্ৰুপদী স্বীকৃতিয়ে ৷ মহাৰাজা পৃথু, কুমাৰ ভাস্কৰ বৰ্মনৰ প্ৰাচীন কামৰূপৰ ইতিহাসেৰে অসমীয়া ভাষা সমৃদ্ধ ৷ কিন্তু কামৰূপ যেন কিছু পৰিমাণে ইতিহাস বিচাৰৰ দিশৰ পৰা বঞ্চিত হৈ আছিল। শেহতীয়াকৈ কামৰূপৰ বুৰঞ্জী আৰু অসমীয়া ভাষাক লৈ নতুন ধৰণৰ গৱেষণা আৰম্ভ হৈছে।” - এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ। আজি খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ উদ্বোধনী সভাত সন্মানীয় অতিথিৰূপে অংশ গ্ৰহণ কৰি এনেদৰে কয় শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা গ্ৰন্থমেলাখনে ৰাজ্যখনত অধ্যয়ন সংস্কৃতি গঢ়ি তোলা বুলি উল্লেখ কৰি তেওঁ কয় যে  সম্প্ৰতি ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ৷ অসম গ্ৰন্থমেলাৰ এই ক্ষেত্ৰত ভূমিকা অতি গুৰুত্বপূৰ্ণ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সমান্তৰালভাৱে অন্য সংস্থা-সংগঠন-সংঘ আদিয়েও বিভিন্ন প্ৰান্তীয় অঞ্চলত গ্ৰন্থমেলা অনুষ্ঠিত কৰিছে ৷ এয়া আমাৰ সমাজ-জীৱনৰ বাবে শুভ লক্ষণ ৷ গ্ৰন্থ হৈছে সভ্য আৰু সফল জাতিৰ আধাৰ ৷ ল’ৰা-ছোৱালীক আৰ্হি দেখুৱাবলৈ হ’লে অভিভাৱকে নিজেও পঢ়িব লাগিব ৷ গ্ৰন্থ অধ্যয়নক এক অভ্যাস হিচাপে গঢ়ি তুলিব পাৰিলে গ্ৰন্থ আন্দোলন, অধ্যয়ন সংস্কৃতিয়ে ইতিবাচক গতি লাভ কৰিব ৷ শৰীৰ ভালে ৰাখিবলৈ যেনেদৰে ব্যায়ামৰ প্ৰয়োজন , তেনেদৰে মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ অধ্যয়নৰ প্ৰয়োজন ৷ তেওঁ অসম গ্ৰন্থমেলা, গুৱাহাটী সাফল্যমণ্ডিত কৰিবলৈ সকলো পক্ষকে আহ্বান জনায়। সভাখনত বিশিষ্ট অতিথিৰূপে অংশ লৈ “দ্য ফেডাৰেশ্যন অৱ পাব্লিচাৰ্ছ এণ্ড বুক ছেলাৰ্ছ এছ’চিয়েশ্যন ইন ইণ্ডিয়া”ৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘায়ে কয় যে গ্ৰন্থমেলা হৈছে বৌদ্ধিক পৰিৱেশ নিৰ্মাণৰ নিৰ্ভৰযোগ্য আধাৰ ৷ অসম গ্ৰন্থমেলা, গুৱাহাটীৰ পৰিৱেশ দেখি মন ভৰি পৰিছে ৷ এই সুন্দৰ পৰিৱেশত গ্ৰন্থমেলাই নিশ্চয় সফলতা অৰ্জন কৰিব আৰু অধ্যয়ন সংস্কৃতিক সমৃদ্ধ কৰিব। ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে পশ্চিমবংগৰ বিশিষ্ট লেখক, সাংবাদিক, ইতিহাসবিদ হিন্দোল সেনগুপ্তই ৷ তেওঁ কয় যে অসমত গ্ৰন্থোৎসৱৰ বিশাল আয়োজন অভূতপূৰ্ব ৷ গ্ৰন্থমেলা হৈছে মানুহক জ্ঞানেৰে একত্ৰিত কৰা সুন্দৰ উৎসৱ ৷ অসম গ্ৰন্থমেলাৰ জৰিয়তে অসমৰ বৌদ্ধিক পৰিৱেশ  নিশ্চয় সমৃদ্ধ হৈছে। কিতাপে মানুহৰ চিন্তাশৈলীক নতুনত্ব প্ৰদান কৰে। অসমৰ ইতিহাস লাচিত বৰফুকনৰ দৰে মহাবীৰৰ সোঁৱৰণীৰে উজ্জীৱিত হৈ আছে সদায়। মা কামাখ্যাৰ শক্তিপীঠ নীলাচলৰ ইতিহাসেৰে শক্তিশালী অসম। গ্ৰন্থ আৰু অধ্যয়নৰ পৰম্পৰাই অসমৰ জ্ঞান চৰ্চাৰ ঐতিহ্যক প্ৰতিনিধিত্ব কৰিছে ৷ তেওঁ অসম গ্ৰন্থমেলা, গুৱাহাটীৰ সৰ্বোতোপ্ৰকাৰৰ সফলতা কামনা কৰে ৷ উদ্বোধনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ কয় যে বিগত ২০২১-২২ চনৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি আহিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ আৰু শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ শুভাকাংক্ষাৰ বাবেই এয়া সম্ভৱ হৈছে ৷ লেখক-পাঠক-ক্ৰেতা আৰু প্ৰকাশকৰ সমন্বয় সাধন হয় গ্ৰন্থমেলাত ৷ এই গ্ৰন্থমেলাতো নিশ্চয় সফলতাৰে এই কাম সম্পন্ন হ’ব ৷ তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমাগত ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰাটো আমাৰ বাবে আনন্দৰ বতৰা ৷ ইয়াৰ ফলত গ্ৰন্থ আন্দোলন নিশ্চয় তৰান্বিত হ’ব ৷ আজিৰ উদ্বোধনী সভাখনত অংশগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা প্ৰমুখ্যে ভালে সংখ্যক গন্যমান্য ব্যক্তি, গ্ৰন্থপ্ৰেমীয়ে ৷অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে ৷গ্ৰন্থমেলাৰ উদ্বোধক, সন্মানীয় আৰু বিশিষ্ট অতিথিবৰ্গক ফুলাম গামোছা আৰু কিতাপৰ টোপোলাৰে আদৰণি জনোৱা হয় ৷ সভাৰ প্ৰাৰম্ভতে সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিদেহ আত্মাৰ সদ্‌গতি কামনাৰে এক মিনিট মৌনতা অৱলম্বন কৰা হয় ৷ উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত চৰকাৰে শোক সপ্তাহ ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত সেই দিন কেইটাত শিক্ষানুষ্ঠানৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতাৰ বাহিৰে গ্ৰন্থমেলাৰ  অন্য সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হৈছে ৷


৪২খন গ্ৰন্থ উন্মোচন :


অসম গ্ৰন্থমেলা, গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠানতে আজি উন্মোচিত হয় অসম প্ৰকাশন পৰিষদে এইবেলি প্ৰকাশ কৰা ৪২ খনকৈ নতুন গ্ৰন্থ ৷ প্ৰকাশিত নতুন গ্ৰন্থসমূহৰ ভিতৰত আছে “অসমৰ নৃগোষ্ঠীয় ইতিহাস” (প্ৰথম খণ্ড) (মুখ্য সম্পাদক ড° ধ্ৰুৱজ্যোতি বৰা,  সম্পাদক ড° মলিনা দেৱী ৰাভা আৰু দেৱজিৎ বৰা),  “আনন্দচন্দ্ৰ বৰুৱা ৰচনাৱলী” দ্বিতীয় খণ্ড (সম্পাদনাঃ সুমন্ত চলিহা), “ড° লক্ষ্মীনন্দন বৰা ৰচনাৱলী”, তৃতীয় খণ্ড ( সম্পাদনাঃ সুমন্ত চলিহা), “নৱকান্ত বৰুৱা ৰচনাৱলী”, পঞ্চম খণ্ড (সম্পাদনাঃ ড° প্ৰাণ্‌জিৎ বৰা), “শীলভদ্ৰ ৰচনাৱলী”, প্ৰথম খণ্ড(সম্পাদকঃ বিনয় মোহন শইকীয়া, সহযোগী সম্পাদকঃ বোধিসত্ত্ব শৰ্মা), “শীলভদ্ৰ ৰচনাৱলী”, দ্বিতীয় খণ্ড(সম্পাদকঃ বিনয় মোহন শইকীয়া, সহযোগী সম্পাদকঃ বোধিসত্ত্ব শৰ্মা), “মহামহোপাধ্যায় কবিৰত্ন ধীৰেশ্বৰাচাৰ্য্যঃ জীৱন, কৃতি আৰু তেওঁৰ সমকাল” (কনক চন্দ্ৰ শৰ্মা), “ছল’গোৰোংদা ছ’ৰ” ( ৰাংজালি বসুমতাৰী), “অসম দেশেৰ ৰূপকথা” (ড° শেলী দত্ত), বিষ্ণু ৰাভা ( জয়ন্ত মাধৱ বৰা), বীৰছা মুণ্ডা ( প্ৰীতিৰেখা ভূঞা), “Assam Tea: Glorious 200 Years” (ড° সমুদ্ৰগুপ্ত কাশ্যপ), “মহাৰাজ পৃথু” ( মূল ইংৰাজীঃ ড° ৰক্তিম পাটৰ, অসমীয়া অনুবাদঃ ৰঞ্জিৎ হাজৰিকা), “কামৰূপাধিপতি মহাধিৰাজ কুমাৰ ভাস্কৰ বৰ্মন” (ড° গজেন্দ্ৰ অধিকাৰী), “মদনলাল ধিংৰা” (মামণি অধিকাৰী), “নেতাজি সুভাষ চন্দ্ৰ বসু” ( ৰূপম বৰুৱা), “গমধৰ কোঁৱৰ”( নিভাৰাণী ৰয়), “ইমান যে প্ৰাণী”, “ইমান যে উদ্ভিদ” ( দিগন্ত ওজা) আদি ৷ আজি প্ৰথমদিনা অসম গ্ৰন্থমেলা, গুৱাহাটীৰ অস্থায়ী প্ৰেক্ষাগৃহত  শিক্ষানুষ্ঠানৰ মাজত অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক, শিল্পী দুলাল ৰয়ে ৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment