প্ৰাক্তন প্ৰধানমন্ত্রী ড০ মনমোহন সিঙৰ দেহাৱসান : ম্ৰিয়মান দেশবাসী


নিউজ ডেক্স,২৭ ডিচেম্বৰ : প্ৰখ্যাত অৰ্থনীতিবিদ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আৰু নাই। দীৰ্ঘদিন হৈ অসুস্থ হৈ থকা বৰ্ষীয়ান ৰাজনৈতিক নেতাজনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বৃহস্পতিবাৰে দিল্লী এইমছত ভৰ্তি কৰোৱা হৈছিল যদিও এইমছতে নিশা শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। ১৯৯১ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল ড০ মনমোহন সিং। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ তেওঁ আছিল দেশৰ বিত্তমন্ত্ৰী। তেওঁৱেই ভাৰতৰ অৰ্থনীতিলৈ আনিছিল ব্যাপক পৰিবৰ্তন। গ্ৰহণ কৰিছিল উদাৰীকৰণ নীতি। তেওঁৰ উদাৰীকৰণ নীতিৰ ৰূপকাৰ বুলিও আখ্যা দিয়া হৈছে। ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ ড০ মনমোহন সিং আছিল উচ্চ সদনৰ বিৰোধী দলৰ নেতা। ২০০৪ত ইউ পি এ ক্ষমতালৈ অহাত ড০ মনমোহন সিং হয় দেশৰ চতুৰ্দশ প্ৰধানমন্ত্ৰী। ২০০৯ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল। অতি মৃদুভাষী ড০ সিং আছিল বহুতৰে আছিল প্ৰিয় নেতা। ড০ সিঙে ৰাজ্যসভাত অসমকে প্ৰতিনিধিত্ব কৰি প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। এগৰাকী চিন্তাবিদ আৰু পণ্ডিত হিচাপে ড০ সিং প্ৰসিদ্ধ। ভাৰতৰ চতুৰ্দশ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং তেওঁৰ অধ্যৱসায় আৰু তেওঁৰ কামৰ প্ৰতি থকা দৃষ্টিভংগীৰ বিশেষভাৱে সন্মানিত হৈ আহিছে।

১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত অবিভক্ত ভাৰতৰ পাঞ্জাৱ প্ৰদেশৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা মনমোহন সিঙে ১৯৪৮ চনত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পাছত পঞ্জাৱৰ পৰা ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়লৈ যাত্ৰা আৰম্ভ কৰিছিল। ১৯৫৭ চনত তেওঁ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰাই অৰ্থনীতিত প্ৰথম শ্ৰেণীৰ সন্মান লাভ কৰে। ইয়াৰ ঠিক পিছতে, ১৯৬২ চনত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ নুফিল্ড কলেজৰ পৰা অৰ্থনীতিত ডি.ফিল লাভ কৰে। তেওঁৰ দ্বাৰা ৰচিত গ্ৰহৃন্থ 'ইণ্ডিয়ান এক্সপোৰ্ট ট্ৰেণ্ডছ এণ্ড প্ৰস্পেক্টছ ফৰ চেল্ফ চাষ্টেইনড গ্ৰোথ' (১৯৬৪ চনত অক্সফৰ্ডৰ ক্লেৰেণ্ডন প্ৰেছৰ দ্বাৰা প্ৰকাশিত) ভাৰতৰ আভ্যন্তৰীণ বাণিজ্য নীতিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এক প্ৰকাৰৰ সমালোচনামূলক বিশ্লেষণ আছিল। পাঞ্জাৱ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰাৰ সময়ছোৱাত আৰু পাছত সন্মানীয় দিল্লী স্কুল অৱ ইকনমিক্সত শিক্ষাদান কৰাৰ সময়ত শিক্ষাজগতত ড০ সিঙৰ খ্যাতি বৃদ্ধি পাইছিল। তেওঁ ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সংস্থা ইউ এন চি টি এ ডিৰ সচিবালয়তো কিছু দিনৰ বাবে কৰ্মৰত আছিল। ১৯৮৭ চনৰ পৰা ১৯৯০ চনলৈ তেওঁ এই সংস্থাৰ ছাউথ কমিছনৰ মহাসচিবৰ দায়িত্বত আছিল। ১৯৭১ চনত ড০ সিঙে ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ত অৰ্থনৈতিক উপদেষ্টা হিচাপে যোগদান কৰিছিল। ১৯৯২ চনত তেওঁক কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছিল। তাৰ পিছত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব, পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, প্ৰধানমন্ত্ৰীৰ উপদেষ্টা আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষকে ধৰি ভাৰত চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হয়। স্বাধীন ভাৰতৰ অৰ্থনৈতিক ইতিহাসৰ এক নতুন অধ্যায় হিচাপে ১৯৯১-১৯৯৬ চনত ভাৰতৰ বিত্ত মন্ত্ৰী হিচাপে তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালত যি উদাৰীকৰণ নীতি গ্ৰহণ কৰিলে সেই  অৰ্থনৈতিক সংস্কাৰে বিশ্বজুৰি স্বীকৃত লাভ কৰিলে। কৰ্মজীৱনত ড০ সিঙে বহু বঁটা আৰু সন্মানেৰে সন্মানিত হ’ল। ১৯৮৭ চনতে তেওঁ লাভ কৰিছিল ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ। তেওঁ ১৯৯৫ চনত ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ জৱাহৰলাল নেহৰু জন্ম শতবাৰ্ষিকী বঁটাও লাভ কৰিছিল। ১৯৯৩ আৰু ১৯৯৪ চনত তেওঁ বিত্ত মন্ত্ৰীসকলৰ বাবে আগবঢ়োৱা 'এছিয়া মানি' বঁটা লাভ কৰে। ১৯৯৩ চনত তেওঁ বছৰটোৰ শ্ৰেষ্ঠ বিত্ত মন্ত্ৰী হিচাপে 'ইউৰো মানি' বঁটা লাভ কৰিছিল। ছাত্ৰ অৱস্থাত ১৯৫৬ চনত ড০ সিঙে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা এডাম স্মিথ বঁটা লাভ কৰিছিল। ড০ সিঙক জাপানৰ নিহোন কেইজাই চিম্বুন কোম্পানীয়ে সন্মানিত কৰিছিল। কেমব্ৰিজ আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দৰে বহুতো বিশ্ববিদ্যালয়ৰ দ্বাৰাও সন্মানীয় ডিগ্ৰী লাভ কৰিছিল। ড০ সিঙে আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংগঠনত ভাৰতক প্ৰতিনিধিত্ব কৰি গৈছে। তেওঁ ভাৰতীয় প্ৰতিনিধিদলক ১৯৯৩ চনত চাইপ্ৰাছত অনুষ্ঠিত কমনৱেলথ হেডছ অৱ ষ্টেট সভাত নেতৃত্ব দিছিল। একে বছৰতে ভিয়েনাত মানৱ অধিকাৰৰ ওপৰত বিশ্ব সন্মিলনত ভাৰতীয় প্ৰতিনিধিদলৰ মুৰব্বী আছিল। তেওঁৰ ৰাজনৈতিক কৰ্মজীৱনত ১৯৯১ চনৰ পৰা সংসদৰ উচ্চ সদনৰ (ৰাজ্যসভা) সদস্য আছিল। ১৯৯৮ চনৰ পৰা ২০০৮ চনলৈ ৰাজ্যসভাত বিৰোধী দলৰ নেতা আছিল। ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত ড০ মনমোহন সিঙে ২২ মে'ত প্ৰথমবাৰৰ বাবে আৰু ২০০৯ চনৰ ২২ মে'ত তেওঁ দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁ অসমক ২৮ বছৰ প্ৰতিনিধিত্ব কৰিছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment