গুৱাহাটী,১ জানুৱাৰী : ২০২৫ বৰ্ষৰ আৰম্ভণিৰ দিনটোত গুৱাহাটীৰ পৰিবহণ ব্যৱস্থাত নতুন সংযোজনেৰে ৫৬খন এচি ইলেক্ট্ৰিক বাছ সেৱাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰাৰ লগতে খানাপাৰাত নৱ-নিৰ্মিত আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলৰ শুভ উদ্বোধন কৰে৷ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰি পৰিৱেশ অনুকূল ব্যৱস্থাৰাজিৰ মাজেৰে অসমখন আগুৱাই নিবলৈ অসম চৰকাৰে যি সংকল্প লৈছে তাৰ অংশ হিচাপে এই ইলেক্ট্ৰিক বাছ সেৱা মুকলি কৰা হৈছে। ইতিমধ্যে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ৰাজ্যত চলি থকা ইলেক্ট্ৰিক বাছসমূহৰ লগতে আজি আৰম্ভ কৰা ইলেক্ট্ৰিক বাছ সেৱাই স্বচ্ছ, সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ দিশত ৰাজ্যখন সবলভাৱে আগুৱাই নিবলৈ সক্ষম হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। আহিবলগীয়া দিনবোৰত গুৱাহাটীৰ কেতবোৰ গুৰুত্বপূৰ্ণ পথত কেৱল ইলেক্ট্ৰিক বাছ আৰু চিএনজি বাছহে চলিব আৰু এই পথসমূহ সম্পূৰ্ণৰূপে 'সেউজ পথ' হিচাপে গঢ় লৈ উঠিব বুলি মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে৷ ইয়াৰ লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ বাছযাত্ৰীসকলৰ এক দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণ কৰি খানাপাৰাত নতুনকৈ নিৰ্মাণ কৰা আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলৰো আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে।
খানাপাৰাত নৱ-নিৰ্মিত আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলৰ লগতে ৫৬খন এচি ইলেক্ট্ৰিক বাছ সেৱা মুকলি মুখ্যমন্ত্রীৰ
গুৱাহাটী,১ জানুৱাৰী : ২০২৫ বৰ্ষৰ আৰম্ভণিৰ দিনটোত গুৱাহাটীৰ পৰিবহণ ব্যৱস্থাত নতুন সংযোজনেৰে ৫৬খন এচি ইলেক্ট্ৰিক বাছ সেৱাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰাৰ লগতে খানাপাৰাত নৱ-নিৰ্মিত আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলৰ শুভ উদ্বোধন কৰে৷ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰি পৰিৱেশ অনুকূল ব্যৱস্থাৰাজিৰ মাজেৰে অসমখন আগুৱাই নিবলৈ অসম চৰকাৰে যি সংকল্প লৈছে তাৰ অংশ হিচাপে এই ইলেক্ট্ৰিক বাছ সেৱা মুকলি কৰা হৈছে। ইতিমধ্যে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ৰাজ্যত চলি থকা ইলেক্ট্ৰিক বাছসমূহৰ লগতে আজি আৰম্ভ কৰা ইলেক্ট্ৰিক বাছ সেৱাই স্বচ্ছ, সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ দিশত ৰাজ্যখন সবলভাৱে আগুৱাই নিবলৈ সক্ষম হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। আহিবলগীয়া দিনবোৰত গুৱাহাটীৰ কেতবোৰ গুৰুত্বপূৰ্ণ পথত কেৱল ইলেক্ট্ৰিক বাছ আৰু চিএনজি বাছহে চলিব আৰু এই পথসমূহ সম্পূৰ্ণৰূপে 'সেউজ পথ' হিচাপে গঢ় লৈ উঠিব বুলি মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে৷ ইয়াৰ লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ বাছযাত্ৰীসকলৰ এক দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণ কৰি খানাপাৰাত নতুনকৈ নিৰ্মাণ কৰা আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলৰো আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে।

0 Comments:
Post a Comment