সম্প্ৰসাৰণ ঘটিল অসম মন্ত্রীসভাৰ : শপত ল'লে চাৰিগৰাকী নতুন মন্ত্রীয়ে


গুৱাহাটী,৭ ডিচেম্বৰ : অৱশেষত সম্প্ৰসাৰণ ঘটিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাৰ। চাৰিগৰাকীকৈ বিধায়ক আজি অসম মন্ত্রীসভাত অন্তৰ্ভুক্ত হ'ল। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চাৰিগৰাকী বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই মন্ত্রী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই চাৰিগৰাকী বিধায়কক মন্ত্রী হিচাপে কৰ্তব্য-নিষ্ঠা আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। শপত গ্ৰহণৰ অনুষ্ঠানটোত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি ভালেসংখ্যক মন্ত্রী আৰু বিধায়ক উপস্থিত আছিল। চাৰিগৰাকী বিধায়ক অন্তৰ্ভুক্ত হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাৰ মন্ত্রীৰ সংখ্যা মুখ্যমন্ত্রীকে ধৰি ১৮ গৰাকীলৈ বৃদ্ধি পালে। লক্ষণীয় বিষয় যে বৃহস্পতিবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চাৰিগৰাকী নতুন মন্ত্রীৰ নাম ঘোষণা কৰাৰ পূৰ্বে মন্ত্রী সঞ্জয় কিষাণে মন্ত্রী পদ ত্যাগ কৰিছিল। যাৰ ফলত মন্ত্রীসভাৰ সংখ্যা ১৫ গৰাকীৰ পৰা ১৪ গৰাকীলৈ হ্ৰাস পাইছিল। আজি চাৰিগৰাকীয়ে শপত গ্ৰহণ কৰাত মন্ত্রীৰ সংখ্যা ১৮ গৰাকীলৈ বৃদ্ধি পায়। ইয়াৰ লগে লগে অসম মন্ত্রীসভাই পূৰ্ণতা লাভ কৰিলে। মুখ্য সচিব ৰবি কোটাই আঁত ধৰা অনুষ্ঠানটোত প্ৰশান্ত ফুকনে অসমীয়াত শপত বাক্য পাঠ কৰে। কৌশিক ৰায়ে হিন্দীত শপত বাক্য পাঠ কৰে। কৃষ্ণেন্দু পালে বাংলাত শপত বাক্য পাঠ কৰে। আনহাতে ৰূপেশ গোৱালাই অসমীয়াত শপত বাক্য পাঠ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment