অসম-অৰুণাচল সীমান্তৰ ৰঙা বনাঞ্চলত ভয়ংকৰ ঘটনা : ঘাঁহ কাটিবলৈ যোৱা যুৱকৰ গুলিবিদ্ধ মৃতদেহ উদ্ধাৰ


লখিমপুৰ,৩ জানুৱাৰী : লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত ঘাঁহ  কাটিবলৈ যোৱা এজন যুৱকৰ গুলিবিদ্ধ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে যোৱা ৩০ ডিচেম্বৰত যুৱকজন ঘৰৰ পৰা ওলাই গৈছিল। লখিমপুৰ জিলাখনৰ ফুলবাৰীৰ ভিতৰিপামৰ নিৰ্মল সোনাৰী নামৰ এই যুৱকজন বিগত চাৰিটা দিন ধৰি  সন্ধানহীন হৈ আছিল। বৃহস্পতিবাৰে গাঁৱৰ ৰাইজ আৰু পৰিয়ালৰ লোকে পাহাৰৰ দুৰ্গম অঞ্চলত উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ। বনাঞ্চলৰ দুৰ্গম এলেকাত নিৰ্মল সোণাৰি নামৰ যুৱকজনৰ গুলিবিদ্ধ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।৩০ডিচেম্বৰৰ পৰা সন্ধানহীন হোৱা যুৱকজনক কোনো দুৰ্বৃত্তই গুলিয়াই দুৰ্গম এলেকাত পেলাই থৈ যোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত লখিমপুৰ জিলা আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলী উপস্থিত হয় আৰু  মৃতদেহটো উদ্ধাৰ কৰে। প্ৰাথমিক অনুসন্ধানত বুকুত গুলি লগা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment