
গুৱাহাটী,১১ জানুৱাৰী : ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ। পহিলা এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি। সেইদৰে ১৩ হাজাৰ ফিক্সড পে', মাষ্টাৰৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰভাড়া বানচ। আজি দিছপুৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰে অনুষ্ঠিত বৈঠকত এই আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকৰ পাছত এই কথা জনালে পৰিষদৰ নেতৃত্বই। উল্লেখ্য যে আজি লোক সেৱা ভৱনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰাজ্যবাসীৰ সেৱাত আত্মনিয়োগ কৰিবলৈ অসমৰ কৰ্মচাৰী সমাজৰ প্ৰতি আহ্বান জনায়। বৈঠকত কৰ্মচাৰী পৰিষদৰ বিভিন্ন দাবীৰ লগতে কৰ্মচাৰীসকলৰ কল্যাণ সম্পর্কীয় বিভিন্ন বিষয় আলোচনা কৰা হয়। ৰাজ্যৰ কৰ্মশক্তিক গতিশীল কৰাৰ লক্ষ্যৰে কৰ্মচাৰীসকলৰ আশা-আকাংক্ষা পূৰণ কৰাৰ উদ্দেশ্যে সেৱা বিধিৰ সংশোধনৰ প্ৰস্তাৱ, আপোন ঘৰ আঁচনিৰ সম্প্ৰসাৰণ, চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স আদি বিভিন্ন বিষয় বৈঠকত আলোচনা কৰা হয়। ৰাজ্যৰ কৰ্মশক্তিৰ কল্যাণৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ সমান্তৰালভাৱে স্বাস্থ্য প্রতিষ্ঠানসমূহত চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ নগদবিহীন চিকিৎসাৰ সুবিধাৰ প্ৰয়োজনীয়তা আদি বিষয়সমূহে আলোচনাকালত স্থান লাভ কৰে। মুখ্যমন্ত্রীয়ে কয় - "ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ দিশত নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত সমিতিখনে যিসমূহ বিষয় আলোচনাকালত উপস্থাপন কৰিছে ৰাজ্য চৰকাৰে সেইসমূহ বিচাৰ-বিবেচনা কৰি যাৱতীয় পদক্ষেপ গ্রহণ কৰিব।" সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিসকলে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। বৈঠকৰ অন্তত পৰিষদৰ নেতৃত্বই জনাই যে পহিলা এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি। প্ৰথম পৰ্যায়ত ৰাজহুৱা খণ্ডৰ হাস্পতাল আৰু মেডিকেল কলেজসমূহত উপলব্ধ হ’ব এই সেৱা। আনহাতে ১৩ হেজাৰ ফিক্সড পে' আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীলৈও আহিল সুখবৰ। ফিক্সড পে' আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰভাড়া বানচ। সেইদৰে এন পি এছ প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে লাভ কৰিব অ' পি এছৰ সুবিধা। ইয়াৰ বাবে জানুৱাৰীৰ ভিতৰতে প্ৰকাশ পাব প্ৰয়োজনীয় অফিচ মেম'ৰেণ্ডাম। আনহাতে যিসমূহ পদৰ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ সেইসমূহ পদত এতিয়াৰে পৰা লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। বৈঠকত মুখ্য সচিব ড° ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড° কে কে দ্বিবেদীৰ উপৰি অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা আৰু সাধাৰণ সম্পাদক পংকজ বর্মন প্ৰমুখ্যে পৰিষদৰ নৱনিৰ্বাচিত সমিতিৰ সদস্যবৃন্দ উপস্থিত আছিল।
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment