গুৱাহাটী : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ পাঁচ সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক এখন কৰিম বুলি সঘনাই কৰা ঘোষণা ফুটুকাৰ ফেন হ'ল। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ। বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই কয় - "২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত বিজেপি চৰকাৰে কাৰ্য্যভাৰ গ্ৰহণ কৰা দিনৰে পৰা তেতিয়াৰ বিত্ত, স্বাস্থ্য, গড়কাপ্তানী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আনকি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমক ভাৰতৰ এক সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিব বুলি অসমৰ ৰাইজক সপোন দেখুৱাই আহিছে। পৰৱৰ্তী কালত ২০২১ চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ দিনৰে পৰা অসমক ভাৰতৰ পাঁচখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিব বুলি সভা-সমিতি, সংবাদমেল সকলোতে নেওঁতা পঢ়াৰ দৰে কবলৈ ধৰিলে। কিন্তু কাৰ্য্যক্ষেত্ৰত বিজেপিৰ শাসন কালত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বত যোৱা প্ৰায় চাৰি বছৰীয়া কাৰ্য্যকালত অসমৰ ছবিখন অন্য ধৰণে সলনি হ'ল। চিণ্ডিকেটৰাজৰ জাল পেলাই লুণ্ঠনৰাজ আৰু জংঘলৰ ৰাজ চলাইছে। নজিৰ বিহীন ঋণৰ বোজাৰে ৰাজ্যখনক ধৰুৱা আৰু দেউলীয়া কৰিছে। সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাই জনসাধাৰণৰ জীৱন দুর্বিসহ কৰি তুলিছে। ৰাইজৰ বুজিবলৈ বাকী নাই যে জুমলা বাজত পাকৈত বিজেপি দলৰ এইটো ঘোষণাও যে এক জুমলাৰ বাহিৰে একো নহয়।ৰাইজক সপোন দেখুৱাই বুৰ্বক বনোৱাৰ এক হিতলাৰী কৌশল।"
সংবাদমেলত ৰিপুণ বৰাই তথ্য সহকাৰে অসমৰ প্ৰকৃত ছবিখব দাঙি ধৰে। ৰিপুন বৰাই দিয়া তথ্য অনুসৰি :
দেশৰ ভিতৰত অসম জনমূৰি আয়ত নিম্ন :
এখন ৰাজ্য বিকশিত ৰাজ্য হবলৈ হ'লে প্রথম মাপকাঠি হৈছে সেই ৰাজ্যৰ জনমূৰি আয় আৰু জনসাধাৰণৰ ক্ৰয় ক্ষমতা। ৰিজাৰ্ভ বেংকৰ শেহতীয়া চাৰ্ভেৰ তথ্য অনুযায়ী ২০২৩-২০২৪ বিত্তীয় বৰ্ষত ভাৰতৰ বিভিন্ন ৰাজ্যৰ তুলনাত অসমৰ জনমূৰি আয় (1,35,787) সর্বনিম্ন। ভাৰতৰ ৩৩ খন ৰাজ্যত ভিতৰত জনমূৰি আয়ত অসমৰ স্থান ৩০ নম্বৰত। আনকি চুবুৰীয়া ৰাজ্য মেঘালয়, (1,36,948) , চিকিমৰ ( 5,87,743 ) জনমূৰি আয়তকৈ অসমৰ জনমূৰি আয় কম। বিজেপিৰ প্ৰায় ৯ বছৰীয়া শাসনকালত প্ৰতিবছৰে অসমৰ জনমূৰি আয় ক্ৰমাগত ভাৱে কমি আহিছে। জনমূৰি আয় কমিলে মানুহৰ ক্ৰয় ক্ষমতাও কমি যায়। ইয়াৰ ফলত দৰিদ্ৰতা বৃদ্ধি পায় আৰু বিকাশ হ্রাস পায়। এনে পঁয়া লগা অৱস্থাৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক এনেকৈ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব ?
নৱজাত শিশু আৰু প্ৰসূতি মহিলাৰ মৃত্যুৰ হাৰ অসমত সৰ্বাধিক :
জনসাধৰণৰ স্বাস্থ্যৰ বিকাশৰ অবিহনে এখন ৰাজ্য কেতিয়াও বিকশিত হব নোৱাৰে। WHO আৰু ভাৰত স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগৰ শেহতীয়া তথ্য অনুযায়ী অসমত নৱজাত শিশুৰ মৃত্যুৰ হাৰ (IMR) প্রতি 1000ৰ ভিতৰত 36 আৰু সৰ্বভাৰতীয় পৰ্য্যায়ত এই হাৰ 30। ঠিক একেদৰে প্ৰসূতি মহিলাৰ মৃত্যুৰ হাৰ (MMR) অসমত প্রতি এক লাখ প্ৰসূতি মহিলাৰ ভিতৰত 195, যিটো দেশৰ ভিতৰত সৰ্বাধিক। এই দুই তথ্যই অসমৰ স্বাস্থ্য বিভাগ আৰু চিকিৎসা সেৱাৰ ফোঁপোলা স্বৰূপ উদঙাইছে। ৰাজ্যৰ এনে দুখ লগা স্বাস্থ্য ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কেনেকৈ অসমক শ্ৰেষ্ঠ ৰাজ্য হ'ব ?
মানৱ সম্পদ উন্নয়ন সূচাংকত (HDI) অসম সর্বনিম্ন :
United Nations Development Program (UNDP) ৰ শেহতীয়া সমীক্ষা অনুযায়ী মানৱ সম্পদ সূচাংকত ( INDEX) ভাৰতৰ 33 খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান 31 নম্বৰত ( 0.615) মানৱ সম্পদ উন্নয়ন ৰাজ্যখনৰ বিকাশৰ এক অন্যতম মাপকাঠি। অসমতকৈ পিছত সৃষ্টি হোৱা দুর্গম যাতায়ত এলেকাৰে ভৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত কৈ অসমৰ মানৱ সম্পদ উন্নয়নৰ সূচাংকক নিম্ন কৰি মুখ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক বিধ্বস্ত অৱস্থালৈ নি কি যাদুৰে শ্ৰেষ্ঠ ৰাজ্য বনাব ৰাইজক জনাব লাগে।
মহিলাৰ বিৰুদ্ধে অপৰাধত অসম শীৰ্ষত :
মহিলা সাৱলীকৰণৰ অবিহনে কেতিয়াও এখন ৰাজ্য বিকশিত হব নোৱাৰে। দেশৰ চাৰিও ফালে "বেটি বচাও, বেটি পড়াও" শ্ল'গান দিয়া বিজেপিৰ আমোলত অসমত NCRB (National Crime Records Bureau) ৰ তথ্য অনুযায়ী বিজেপিৰ যোৱা আঠ বছৰ শাসন কালত ৰাজ্যখনত 18, 262 টা মহিলা ধৰ্ষণ আৰু ধৰ্ষণত মৃত্যুসহ গোচৰ পঞ্জীভূত হৈছে। ২০২১-২২ চনত মহিলাৰ বিৰুদ্ধে অসমত ভাৰতৰ ভিতৰত সৰ্বাধিক অপৰাধ সংঘটিত হৈছিল। যোৱা দুটা বছৰত এই অপৰাধ সামান্য পৰিমাণে হ্ৰাস পাইছে যদিও NCRB ৰ প্ৰতিবেদনত অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ 168.3 যিটো সৰ্বভাৰতীয় হাৰ 64.5 তকৈ বহু বেছি। ইয়াৰ উপৰি NCRB ৰ মতে ভাৰতৰ ভিতৰত অসমত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধত শাস্তি পোৱা বা দোষী প্রমাণিত হোৱা সংখ্যা আটাইতকৈ কম। মুখ্যমন্ত্রী নিজে গৃহ বিভাগৰ দায়িত্বত থকাৰ পাছত পুলিচ আৰু তদন্তকাৰী সংস্থাৰৰ এনে চৰম বিফলতাই কি সূচাইছে ? সৃষ্টিৰ প্ৰতীক মাতৃ সমাজক এনেদৰে অত্যাচাৰ, লাঞ্চনাৰ বলি কৰি ন্যায়ৰ পৰা বঞ্চিত কৰি হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ অসমক শ্ৰেষ্ঠ ৰাজ্য বনাব ?
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চাৰিও ফালৰ পৰা অসমৰ অৰ্থনীতি, বিকাশ বিধ্বস্ত কৰি ৰাজ্যখনক ধৰুৱা আৰু দেউলীয়া ৰাজ্যত পৰিণত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মীৰ দেশ বনাব বুলি ঘোষণা কৰি ব্যাপকভাৱে কেন্দ্ৰীয় পুঁজি কৰ্তন কৰিছে। প্রাপ্য পুঁজি মোকলাই দিয়া নাই। এনে প্ৰেক্ষাপটত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কি কৌশলৰে এই এটা বছৰৰ ভিতৰত অসমক ভাৰতৰ পাঁচ খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিব বুলি প্ৰশ্ন কৰি ৰিপুণ বৰাই অসমবাসীৰ ওচৰত মুখ্যমন্ত্রীৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনায়। অন্যথাই যোৱা ৯টা বছৰত অসমৰ মানুহক এনেদৰে প্ৰতাৰণা কৰাৰ বাবে ৰাজহুৱা কৈ ক্ষমা খোজক বুলি তেওঁ কয়।

0 Comments:
Post a Comment