কুৱালা লামপুৰত মন্ত্ৰী কেশৱ মহন্তৰ এডভাণ্টেজ আছাম ৰোড-শ্ব'



নিউজ ডেক্স,১৩ জানুৱাৰী : 'এডভাণ্টেজ আছাম ২:০' আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ অভিযানৰ অংশ হিচাপে অসমৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আজি মালয়েছিয়াৰ ৰাজধানী কুৱালা লামপুৰত দেশখনৰ বাণিজ্য তথা উদ্যোগ খণ্ডৰ ডেৰ শতাধিক প্ৰতিনিধিৰে এক ৰোড-শ্ব'ত অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিনিয়োগ আৰু আন্তঃগাঁঠনিৰ শীৰ্ষ সন্মিলনখনক লৈ হোৱা এই বিশেষ প্ৰচাৰ কাৰ্যসূচীত মালয়েছিয়াত ভাৰতৰ উপ-উচ্চায়ুক্ত সুভাসিনী নাৰায়নন আৰু উচ্চায়োগৰ বাণিজ্য সচিব ড০ অৰবিন্দৰ লগতে দেশখনৰ কেউটা বাণিজ্য সংগঠনৰ নেতৃবৰ্গ, কৰ্পোৰেট খণ্ডৰ প্ৰমুখ প্ৰতিষ্ঠানৰ শীৰ্ষ কাৰ্যবাহী তথা সম্ভাৱ্য বিনিয়োগকাৰীয়ে ভাগ লয়। মন্ত্ৰী মহন্তৰ নেতৃত্বত মালয়েছিয়া লৈ যোৱা অসম চৰকাৰৰ প্ৰতিনিধি দলৰ সদস্য তথা ৰাজ্যৰ বাণিজ্য, উদ্যোগ আৰু ৰাজহুৱা উদ্যম বিভাগৰ সচিব ডাঃ এছ লক্ষ্মনন, পৰ্যটন সঞ্চালক ৰণোজ বৰকাকতী আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব অভিষেক জৈন, ফিক্কিৰ চিংগাপুৰ অঞ্চলৰ সঞ্চালক নভিতা মায়েৰে আৰু জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনকাৰী টাটা ইলেকট্ৰনিকছৰ জ্যেষ্ঠ কাৰ্যবাহী লিংগম পুৰুষোত্তমন আৰু ভৈৰৱ বৰুৱায়ো ৰোড-শ্ব'ত অংশগ্ৰহণ কৰি মালয়েছিয়াৰ বাণিজ্য ক্ষেত্ৰৰ আগশাৰীৰ ব্যক্তি তথা সম্ভাৱ্য বিনিয়োগকাৰীসকলক এডভাণ্টেজ আছামত অংশগ্ৰহণৰ বাবে আকৰ্ষিত কৰাৰ লগতে শেহতীয়াকৈ অসমত গঢ় লৈ উঠা বিনিয়োগৰ অনুকূল পৰিৱেশৰ বিষয়ে প্ৰচাৰ চলায়। ৰোড-শ্ব'ত অংশগ্ৰহণ কৰা মালয়েছিয়াৰ আগ্ৰহী বিনিয়োগকাৰী তথা কৰ্পোৰেট প্ৰতিনিধিসকলৰ দেশখনৰ উৎপাদন আৰু সঁজুলি নিৰ্মাণ, ডিজিটেল, ইলেকট্ৰনিক, সেউজ শক্তি, ছেমিক'ণ্ডাক্টৰ, আন্তঃগাথঁনি, পৰ্যটন আৰু আতিথ্য, খাদ্য-প্ৰসংস্কৰণ, পাম অইল,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক ধৰি বিভিন্ন খণ্ডৰে জড়িত। এই প্ৰচাৰ কাৰ্যসূচীত অসমত শেহতীয়াকৈ গঢ় লৈ উঠা বিনিয়োগৰ অতি অনুকূল পৰিৱেশৰ সবিশেষ মালয়েছিয়াৰ বাণিজ্য আৰু উদ্যোগ খণ্ডৰ প্ৰমুখ ব্যক্তি তথা সম্ভাৱনাময় বিনিয়োগকাৰীসকলক অৱগত কৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰী ২০২৫ত গুৱাহাটীত অনুষ্ঠিতব্য 'এডভাণ্টেজ আছাম'ৰ দ্বিতীয় সংস্কৰণৰ বিনিয়োগ আৰু আন্তঃগাথঁনি শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে আনুষ্ঠানিক ভাৱে মন্ত্ৰী মহন্তই আনুষ্ঠানিক ভাৱে নিমন্ত্ৰণ জনায়। ইয়াৰ পূৰ্বে মন্ত্ৰী মহন্ত আৰু অসম চৰকাৰৰ প্ৰতিনিধি দলটোৱে কুৱালা লামপুৰত আজি আগবেলাৰ ভাগত মালয়েছিয়াৰ উদ্যোগ আৰু বাণিজ্য খণ্ডৰ প্ৰমুখ হিতধাৰকসকলৰ সৈতে এখনৰ পাছত আনখনকৈ চাৰিখন গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয়। প্ৰথমখন বৈঠকত মালয়েছিয়াৰ পাম-অইল খণ্ডৰ বিনিয়োগকাৰীসকল, দ্বিতীয় খনত মালয়েছিয়াৰ আটাইকেইটা বাণিজ্য আৰু উদ্যোগ সংগঠনৰ মূৰব্বী সকল, তৃতীয়খনত মালয়েছিয়ান পৰ্যটন খণ্ডৰ প্ৰতিনিধিমণ্ডলী আৰু চতুৰ্থখন বৈঠকত মালয়েছিয়াৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সংগঠন (ছামেণ্টা)ৰ নেতৃবৰ্গৰ সৈতে অসমত বিনিয়োগৰ সম্ভাৱনাৰ লগতে সম্ভাৱ্য বিনিয়োগক উদগণি যোগোৱাৰ বাবে ভাৰত চৰকাৰৰ সহযোগিতাৰে অসম চৰকাৰে লোৱা অতি অনুকূল পদক্ষেপসমূহৰ বিষয়ে বিতং ভাৱে অৱগত কৰা হয়। আগন্তুক 'এডভাণ্টেজ আছাম ২.০' বিনিয়োগ আৰু আন্তঃগাথঁনি শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা দলটোৱে আগবঢ়োৱা নিমন্ত্ৰণক মালয়েছিয়াৰ বাণিজ্য আৰু উদ্যোগ খণ্ডৰ প্ৰমুখ প্ৰতিনিধি-কাৰ্যবাহী সকলে অতি আগ্ৰহেৰে আদৰণি জনায়। এই লানি বৈঠকত মন্ত্ৰী গৰাকীৰ সৈতে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যম বিভাগৰ সচিব ডাঃ এছ লক্ষ্মনন, মালয়েছিয়াত ভাৰতীয় দূতাবাসৰ বাণিজ্য সচিব ড০ অৰবিন্দ, অসমৰ পৰ্যটন সঞ্চালক ৰণোজ বৰকটকী, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব অভিষেক জৈন আৰু ফিক্কিৰ চিংগাপুৰ অঞ্চলৰ সঞ্চালক নভিতা মায়েৰেও ভাগ লয়। ইফালে, সন্ধিয়ালৈ মন্ত্ৰী মহন্ত আৰু অসম চৰকাৰৰ বিষয়া কেইগৰাকীয়ে ৰোডশ্ব'ৰ পাছতে মালয়েছিয়াৰ ছেমিকণ্ডাক্টৰ খণ্ডৰ আগশাৰীৰ বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে ''গভৰ্ণমেণ্ট টু বিজনেছ' শীৰ্ষক আন এলানি গুৰুত্বপূৰ্ণ বৈঠকতো ভাগ লয়। মালয়েছিয়াৰ ছেমিকণ্ডাক্টৰ খণ্ডৰ, গ্ৰীণ এনাৰ্জী, খাদ্য প্ৰসংস্কৰণকে ধৰি বিভিন্ন খণ্ডক প্ৰতিনিধিত্ব কৰা ১২টাকৈ কৰ্পোৰেট প্ৰতিষ্ঠানৰ শীৰ্ষ কাৰ্যবাহীয়ে অসম চৰকাৰৰ দলটোৰ সৈতে ভাগে ভাগে অসমত বিনিয়োগৰে জড়িত বিভিন্ন দিশ লৈ বিতং ভাৱে বুজ লয়। এই লানি বৈঠকত অসমত ছেমিকণ্ডাক্টৰ খণ্ডত বিনিয়োগ সম্ভাৱনাকলৈ ছটা মালয়েছিয়ান বিনিয়োগকাৰী প্ৰতিষ্ঠান আৰু অসম চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলটোৰ মাজত অতি ফলপ্ৰসূ আলোচনা সম্পন্ন হয়। এই লানি বৈঠকতে মালয়েছিয়াৰ সেউজ শক্তি খণ্ডৰ নেপচুন গ্ৰীণ এনাৰ্জী, বাণিজ্য তথা আতিথ্য খণ্ডৰ আস্তানা ট্ৰেডিং এণ্ড হোটেলিং আৰু ইলেকট্ৰনিক ৰন্ধন সামগ্ৰী উৎপাদনকাৰী ভিটাৰ গ্ৰুপ অব্ কোম্পানীয়ে অসমত পশকমেও ১০ লাখ আমেৰিকান ডলাৰৰ বাণিজ্যিক বিনিয়োগৰ বাবে আগ্ৰহ দেখুৱায়। তেওঁলোকে আগন্তুক এডভাণ্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনত উপস্থিত থাকি এই সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা প্ৰকাশ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment