বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপ্তাহযোৰা বিদেশ ভ্ৰমণ, ফিলিপিনছৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক


নিউজ ডেক্স,১৫ জানুৱাৰী : সাতদিনীয়া চৰকাৰী কাৰ্যসূচীৰে সম্প্ৰতি বিদেশ ভ্ৰমণত ব্যস্ত থকা কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মঙলবাৰে ফিলিপিনছৰ ৰাষ্ট্ৰপতি বংবং মাৰ্ক'ছক সাক্ষাৎ কৰে। এই সাক্ষাতকালত দুয়োগৰাকী নেতাই ভাৰত আৰু ফিলিপিনছৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ নিমিত্তে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। ইয়াৰ পূৰ্বে ভাৰতীয় বিদেশ মন্ত্ৰীগৰাকীয়ে ফিলিপিনছৰ ৰাজধানী মেনিলাৰ এখন প্ৰখ্যাত শিক্ষানুষ্ঠান মিৰিয়ম কলেজৰ ছাত্ৰী-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠানত ভাগ লয়। তদুপৰি বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ফিলিপিনছত থকা প্ৰবাসী ভাৰতীয়ৰ বিভিন্ন সামাজিক, সাংস্কৃতিক, ব্যৱসায়িক সংস্থাৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে বিদেশ ৰাজ্য মন্ত্ৰীগৰাকীয়ে দেশখনৰ বিদেশ মন্ত্ৰী এনৰিক মানলোৰ সৈতে আন এক কূটনৈতিক বৈঠকত অংশ লয়। উল্লেখ্য যে কাইলৈ বৃহস্পতিবাৰে  কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰশান্ত মহাসাগৰীয় গুৰুত্বপূৰ্ণ দ্বীপ ৰাষ্ট্ৰ পালাওৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment