এডভান্টেজ অসমৰ প্ৰচাৰৰ বাবে ডুবাইত উদ্যোগ মন্ত্রী বিমল বড়া


গুৱাহাটী,১৫ জানুৱাৰী : অহা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া 'এডভান্টেজ অসম-২.০'ৰ প্ৰচাৰৰ বাবে মঙলবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ ডুবাইত উপস্থিত হৈ ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই প্ৰখ্যাত উদ্যোগ প্ৰতিষ্ঠান ডি পি ৱৰ্ল্ড পৰিদৰ্শন কৰে। ডি পি ৱৰ্ল্ড পৰিদৰ্শনৰ সময়তে উদ্যোগ মন্ত্ৰী গৰাকীয়ে ট্ৰাঞ্চ ৱৰ্ল্ড গ্ৰুপৰ অধ্যক্ষ ৰমেশ এছ ৰামাকৃষ্ণণৰ সৈতে এক বৈঠকত মিলিত হৈ অসমত বিনিয়োগৰ সুবিধা আৰু সম্ভাৱনা সন্দৰ্ভত ৰামাকৃষ্ণণৰ সৈতে আলোচনা কৰে। উল্লেখ্য যে ১৯৭৭ চনত প্ৰতিষ্ঠিত ট্ৰান্সৱৰ্ল্ড গ্ৰুপ হৈছে এক আন্তঃৰাষ্ট্ৰীয় শ্বিপিং আৰু লজিষ্টিক্স সংস্থা। যি প'ৰ্ট টাৰ্মিনেল পৰিচালনা, শ্বিপিং আৰু লজিষ্টিক্স ক্ষেত্ৰত বিস্তৃত আৰু দক্ষ সেৱাৰ বাবে খ্যাত। এই কোম্পানীটোৱে ৬ খন মহাদেশত ৯০টাৰো অধিক টাৰ্মিনেল পৰিচালনা কৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। মন্ত্রীগৰাকীয়ে এডভান্টেজ অসম-২.০ সম্মিলনৰ প্ৰচাৰৰ সময়ত ডুবাইৰ জেবেল আলি ফ্ৰী জ’নত অৱস্থিত ভাৰত মাৰ্টো পৰিদৰ্শন কৰে। ভাৰত আৰু সংযুক্ত আৰৱ এমিৰেটছৰ মাজত বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে স্থাপন কৰা এই ভাৰত মাৰ্ট বিগত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু শ্বেখ মহম্মদ বিন ৰাছিদ আল মাকতুমে উদ্বোধন কৰিছিল। ৭ লাখ বৰ্গফুটৰ এই মাৰ্টত ১,৫০০টা শ্ব’ৰুম আছে, যি ভাৰতীয় নিৰ্মাতা আৰু ৰপ্তানিকাৰীক মধ্যপ্ৰাচ্য, ইউৰোপ আৰু আফ্ৰিকাৰ বজাৰত প্ৰৱেশৰ এক সহজ সুযোগ প্ৰদান কৰি আহিছে। এই মাৰ্টে ভাৰতীয় উদ্যোগৰ বাবে নতুন সম্ভাৱনাৰ দ্বাৰ মুকলি কৰিছে। এডভান্টেজ অসম-২.০ৰ এই প্ৰচাৰৰ সময়ত উদ্যোগ মন্ত্ৰী মন্ত্ৰী বড়াৰ সৈতে আছিল ৰাজ্যৰ বিশেষ মুখ্য সচিব চৈয়বদ্দিন আব্বাছী, উদ্যোগ বিভাগৰ আয়ুক্ত এনাম চৰণ কুমাৰ সিং, পৰ্যটন বিভাগৰ সচিব পদ্ম পানি বড়া আৰু উদ্যোগ মন্ত্ৰীৰ বিশেষ কৰ্তব্য বিষয়া কমল জ্যোতি ভূঞা।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment