অবৈধ কয়লা খনন আৰু শ্ৰমিক মৃত্যুৰ ঘটনাৰ প্ৰতিবাদত "অসম সন্মিলিত মৰ্চা"ৰ ৰাজ্যিক খনি উন্নয়ন নিগম ঘেৰাও
গুৱাহাটী,১৬ জানুৱাৰী : অসম সন্মিলিত মৰ্চা চমুকৈ অসমৰ আহ্বানত হিমন্ত বিশ্ব চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা অবৈধ কয়লা খনন আৰু শ্ৰমিক মৃত্যুৰ ঘটনাৰ প্ৰতিবাদত আজি গুৱাহাটীৰ অসম ৰাজ্যিক খনি উন্নয়ন নিগমৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদকাৰী সকলে অবৈধ কয়লা খনিৰ মালিক তথা ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ পত্নী কনিকা হোজাইক গ্ৰেপ্তাৰ কৰা, মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাক অপসাৰণ কৰা, এ এম ডি চিৰ পৰিচালন সঞ্চালক নটৰাজন আনন্দক তৎকালীনভাবে বৰ্খাস্ত কৰা আৰু গোচৰ ৰুজু কৰা, মৃত্যু বৰণ কৰা শ্ৰমিকৰ নিকটতম পৰিয়ালৰ লোকক ক্ষতিপূৰণ দিয়া, সমগ্ৰ ঘটনাৰ কৰ্মৰত ন্যায়ধীশৰ দ্বাৰা তদন্ত কৰাৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলক বেৰিকেড দি আৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰা স্বৈৰতান্ত্ৰিক কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে এই কাৰ্যক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ মুখত তলা লগাই ৰাজ্যখনত চৰম অৰাজকতা জাপি দিয়াৰ অপচেষ্টা বুলি অভিহিত কৰে 'অসম'ৰ নেতৃত্বই। প্ৰতিবাদী কাৰ্যসূচীক অসম সন্মিলিত মৰ্চা তথা জাতীয় দল, অসমৰ সভাপতি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, জিয়াউল ৰহমানৰ, চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, প্ৰাক্তন সাংসদ উৰ্দ্ধৱ বৰ্মণ, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ৰাছেল হুছেইন, সাধাৰণ সম্পাদক ভাস্কোদি শইকীয়া, চিপিআই (এম-এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাস, ৰাজ্যিক নেতা পংকজ কুমাৰ দাস, চিপিআইৰ ৰাজ্যিক নেতা তথা প্ৰাক্তন বিধায়ক মুনীন মহন্ত, আসাম হিলছ পাৰ্টি পিপলচ কনফাৰেন্সৰ নেতা বিক্ৰম হান্সে, পি এল পিৰ সভাপতি চৰণ ডেকা আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ গৌতম বৰুৱা আদিয়ে নেতৃত্ব দিয়ে। ইয়াৰ উপৰি শিলসাঁকো উচ্ছেদ প্ৰতিৰোধ ৰাইজৰ নেত্ৰী গায়ত্ৰী বড়ি, বিতুমণি দাস, বিশিষ্ট বুদ্ধিজীৱী দেবেন তামুলী আদিয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদস্থলীত অনুষ্ঠিত সভাত নেতৃবৃন্দই বক্তব্যত কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত অবৈধ কয়লা খননৰ জৰিয়তে ৰাজ্যখনত চিণ্ডিকেটৰাজ চলাই গৈছে আৰু লাভৰ উন্মাদনাত শ্ৰমিকৰ জীৱনক পণবন্দী কৰি ৰাখিছে। বক্তাসকলে কয় যে কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰহাং আৰু দেৱলাল গাৰ্লোছাই মুখ্যমন্ত্ৰীৰ লুট পাতৰ এজেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। বিধিৰ দ্বাৰা স্থাপিত এখন চৰকাৰ থাকোতে উচ্চতম ন্যায়লয়ৰ নিষেধাজ্ঞা অৱমাননা কৰি অবৈধ খনন পদ্ধতিৰে চলি থকা খননৰ বাবেই উমৰাংছুৰ শ্ৰমিক হত্যাৰ শোকাবহ ঘটনা সংঘটিত হোৱা বুলি বক্তাসকলে অভিহিত কৰে আৰু মুখ্যমন্ত্ৰীক এই ঘটনাৰ বাবে জগৰীয়া কৰে।

0 Comments:
Post a Comment