গুৱাহাটীত 'এৰিডা'ৰ ৰিয়েল ইষ্টেট এক্সপ'

গুৱাহাটী,১৭ জানুৱাৰী : পচন্দৰ ফ্লেট ক্ৰয় কৰিব বিচৰাসকলৰ বাবে সুখবৰ। গুৱাহাটীত আসাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্টাকচাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ই ৭ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে "এৰিডা ৰিয়েল ইষ্টেট এক্সপ'ৰ (AREIDA Real Estate Expo)" আয়োজন কৰিছে। গুৱাহাটী মহানগৰীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এই এক্সপ'ৰ আয়োজন কৰা হৈছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই। এই এক্সপ'ৰ যোগেদি এটা স্থানতে ফ্লেট, এপাৰ্টমেণ্ট আৰু বাণিজ্যিক স্থানৰ লগতে ইয়াৰ আন আনুসংগিক বিভিন্ন সামগ্ৰী বিস্তৃত ৰূপে প্ৰদৰ্শনৰ ব্যৱস্থা থাকিব। লগতে নিৰ্মাণ খণ্ডৰ বিভিন্ন সেৱাৰ বিষয়ে ৰাইজে জ্ঞাত হ'ব পাৰিব। এই এক্সপ'ৰ যোগেদি গৃহ ক্ৰেতা আৰু বিনিয়োগকাৰীসকলে সকলো বিষয় চালি-জাৰি চাই নিজৰ সুবিধা অনুসৰি সেৱা গ্ৰহণ কৰিব পাৰিব। তদুপৰি বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰৰ পৰা গৃহ ঋণৰ সুৰক্ষিত দিশ সম্পৰ্কে অৱগত হ'ব পাৰিব। আনকি এই এক্সপ'তেই উপভোক্তাই বেংকৰ গৃহ ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। আনহাতে ক্ৰেতা-বিক্ৰেতাই ইয়াৰ যোগেদি ব্যৱসায়ৰ এখন মঞ্চ লাভ কৰিব। বিশেষকৈ এই ক্ষেত্রৰ ডিলাৰ আৰু খুচুৰা ক্ৰেতাসকলৰ মাজত ব্যৱসায়ৰ এক মঞ্চ হ'ব। তদুপৰি এই মেলাৰ বিপনীসমূহৰ যোগেদি সম্পত্তি ক্ৰয় কৰিব বিচৰা সকলে ৰিয়েল ইষ্টেট খণ্ডৰ আইনী দিশ তথা অধিকাৰ সম্পৰ্কে জানিব পাৰিব। এই মেলা ক্ৰেতা-বিক্ৰেতাৰ মাজৰ এক সুন্দৰ মঞ্চ হ'ব। ইফালে এই এক্সপ'ত বিশেষ ৰেহাইৰে সম্পত্তিৰ অগ্ৰিম বুকিঙৰ ব্যৱস্থা থাকিব। এই মেলা সম্পত্তি বুক কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ সুযোগ হ'ব। কিয়নো এই মেলাত "এক্সপো ৰেহাই" আগবঢ়োৱা হ'ব। সুৰক্ষিত B2B অংশীদাৰীত্বৰ লগতে গ্ৰাহক সুৰক্ষা আইনৰ বিষয়ে সজাগতা সৃষ্টি কৰাটো এই এক্সপ'ৰ এক বিশেষ বৈশিষ্ট্য।সংবাদমেল যোগে এৰিডাৰ সভাপতি পি কে শৰ্মাই কয় যে আমি সকলোকে এক্সপ'লৈ আহিবলৈ আৰু আগবঢ়োৱা বিশেষ সুবিধাসমূহৰ লাভালাভ গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি অনুৰোধ জনাইছো। সংবাদমেলত এৰিডাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment