ৰাজ্যিক বিজেপিৰ নতুন সভাপতি দিলীপ শইকীয়াক উষ্ম অভিনন্দন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ


গুৱাহাটী,১৭ জানুৱাৰী : ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নতুন সভাপতি হিচাপে আজি গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত দায়িত্বভাৰ গ্ৰহণ কৰা সাংসদ দিলীপ শইকীয়াক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। সোণোৱালে কয়, "দীৰ্ঘদিনীয়া অভিজ্ঞতা, সমৰ্পিত সেৱা আৰু সাংগঠনিক দক্ষতাৰে তেখেতে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাত উল্লেখযোগ্য অৰিহণা যোগাইছে। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ পথ প্ৰদৰ্শন মৰ্মে দিলীপ শইকীয়াই অসমত সৰ্বজনপ্ৰিয় আমাৰ দলটোক এক নতুন শিখৰত উপনীত কৰোৱাব বুলি আমি দৃঢ় বিশ্বাসী। নতুন কাৰ্যকালৰ সফলতা কামনাৰে তেখেতলৈ মোৰ তৰফৰপৰা যাচিছোঁ অলেখ শুভকামনা।" সোণোৱালে লগতে কয়, "আজি শিল্পী দিৱস। এইছেগতে ম‌ই ৰূপকোঁৱৰ জ‍্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিশাল শিল্পীসত্তা, অপূৰ্ব সৃষ্টিসম্ভাৰে অসমীয়া জাতিক ভাষা-কৃষ্টি, সংস্কৃতিৰ দিশেৰে সমৃদ্ধ কৰি থৈ গৈছে। দেশৰ স্বাধীনতা সংগ্ৰামতো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অৱদান অপৰিসীম। বহু কালজয়ী নাট, গীত, কবিতাৰ লগতে অসমীয়া চলচ্চিত্ৰৰ সোণসেৰীয়া যাত্ৰাৰ সূচনাৰে তেখেতে আমাৰ কলা-সংস্কৃতিৰ জগতত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল, যাৰ সুধাপানেৰে আমি ধন্য হৈছোঁ।" সোণোৱালে ভাষণ প্ৰসংগত কয়, "জনসংঘ গঠন হোৱাৰ দিনৰ পৰা আজিৰ ভাৰতীয় জনতা পাৰ্টিৰ সংগঠিত ৰূপটো পোৱালৈ, দলটোৱে ৰাজনীতিৰ পথাৰত এক দীৰ্ঘদিনীয়া সময় অতিক্ৰম কৰিছে। এই সময়ছোৱাত যিসকল ব্যক্তিয়ে দলটোৰ বাবে প্ৰাণাহুতি দিলে, ম‌ই তেওঁলোকক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আমি প্ৰত‍্যেকেই ভাৰতীয় জনতা পাৰ্টিৰ একো-একোজন কাৰ্যকৰ্তা। আমি উপলব্ধি কৰোঁ যে বৰাক-ব্ৰহ্মপুত্ৰ পাহাৰ-ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিটোৰ সেৱাৰ্থে সকলোৱে সংকল্পবদ্ধ হৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্ব আৰু আমাৰ সকলোৰে সন্মিলিত প্ৰচেষ্টাত আজি অসমে প্ৰাণ পাই উঠিছে। জনকল‍্যাণমূলক আঁচনিসমূহ সঠিক সময়ত ৰূপায়ণ কৰাৰ বাবে দেশৰ কোটি কোটি জনতা উপকৃত হৈছে। যুৱক-যুৱতী, বৃদ্ধ, মহিলা আৰু শিশুসকলৰ সমান্তৰাল বিকাশ সম্ভৱ হৈ উঠিছে। অসম প্ৰদেশ বিজেপিৰ নৱনিৰ্বাচিত সভাপতি দিলীপ শ‌ইকীয়াৰ নেতৃত্বত আমি আগন্তুক সকলো নিৰ্বাচনত জয়যুক্ত হ'বলৈ যুঁজ দিব‌ লাগিব। দলৰ মাজত আন্তৰিকতা, শ্ৰদ্ধা-ভক্তি, মৰম-চেনেহ যিমান বাঢ়িব, সিমানেই দল শক্তিশালী হ'ব। ম‌ই বিদায়ী সভাপতি ভৱেশ কলিতাকো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁৰ নেতৃত্বত দলে বিভিন্ন কাৰ্যসূচী হাতত লৈ সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ল। লগতে ম‌ই নৱনিৰ্বাচিত সভাপতি দিলীপ শ‌ইকীয়াক প্ৰতিশ্ৰুতি দিলোঁ যে শতকৰা এশ শতাংশ সহযোগিতাৰে আমি দলৰ প্ৰতি সমৰ্পিত ভাৱনাৰে কাম কৰি যাম।"

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment