দায়িত্ব লৈ হেল্পলাইন নম্বৰ মুকলি কৰিলে গুৱাহাটী আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই


গুৱাহাটী,৪ জানুৱাৰী : আজি আনুষ্ঠানিকভাৱে গুৱাহাটী আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিলে পাৰ্থসাৰথি মহন্তই। আই পি এছ বিষয়া দিগন্ত বৰাৰ পৰা আজি আনুষ্ঠানিকভাৱে তেওঁ দায়িত্বাৰ গ্ৰহণ কৰে। নতুন দায়িত্ব লৈয়েই গুৱাহাটীবাসী ৰাইজলৈ নতুন হেল্পলাইন নম্বৰ মুকলি কৰে পাৰ্থসাৰথি মহন্তই। কিবা ওজৰ-আপত্তি তথা সমস্যা থাকিলে whats app কৰিব পাৰিব মহানগৰবাসীয়ে। 6026900651 নম্বৰ যোগে সকলোৱে নিজৰ অভাৱ অভিযোগ দিব পাৰিব। এই নম্বৰটো সকলো সময়তে সক্ৰিয় হৈ থাকিব। তেওঁ কয় - "গুৱাহাটীত অপৰাধৰ হাৰ বহুত বেছি যদিও অপৰাধ নিয়ন্ত্ৰণৰ বাবে আমি যিমান পাৰি সিমান সষ্টম থাকিম। গুৱাহাটীবাসীৰ প্ৰতিটো মুহূৰ্তত সমৰ্থন লাগিব মহানগৰ আৰক্ষীক। চেইন চুৰি, মোবাইল চুৰি, চাইবাৰ চক্ৰ উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম। ৩১ ডিচেম্বৰৰ দিনা সুৰা পান কৰি গাড়ী চলাবলৈ মানা  কৰা হৈছিল। সেই আহ্বান মানিছিল গুৱাহাটীবাসীয়ে। ৩১ ডিচেম্বৰ দিনা গুৱাহাটীত কেৱল ৯৪ টা এনেধৰনৰ কেচ পোৱা গৈছিল। গতিকে ৰাইজৰ সহযোগ অবিহনে কোনো কাম সম্ভৱ নহয়।"

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment