গুৱাহাটী,২১ জানুৱাৰী : অসমৰ অবৈধ কয়লা কেলেংকাৰীৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰসংগত এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ ৰাজ্যপালৰ সহায় বিচাৰিছে অসম জাতীয় পৰিষদ চমুকৈ 'অজাপ'ই। এই সন্দৰ্ভত অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এখন সংবাদমেল সম্বোধন কৰি অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তেওঁ কয় - "অবৈধ কয়লা খনন, পৰিবহন, ব্যৱসায় আৰু ছিণ্ডিকেটৰ সৈতে যিহেতু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নিজেই পৰোক্ষভাৱে জড়িত সেয়েহে সমগ্ৰ বিষয়টো ঢাকিবলৈ মুখ্যমন্ত্রীয়ে তদন্তৰ নামত ভেকোভাওনামূলক পদক্ষেপ গ্ৰহণ কৰি আছে। সেই কাৰণে ইয়াৰ ওপৰত ৰাজ্যপাল আৰু প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ প্ৰয়োজন। আজি প্ৰধানমন্ত্ৰী আৰু ৰাজ্যপাললৈ প্ৰেৰণ কৰা দুখন স্মাৰকপত্ৰত আমি কয়লা কেলেংকাৰীৰ সমগ্ৰ বিষয়টো বৰ্ণনা কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ ভূমিকাৰ ওপৰত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছো।" তেওঁ লগতে কয় - "মুখ্যমন্ত্ৰীয়ে ৰেট-হোল মাইনিঙৰ জৰিয়তে অবৈধ কয়লা খনন, পৰিবহন, ব্যৱসায় আৰু ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ আয়োগ গঠনৰ কথা কৈছে ঠিকেই কিন্তু যিসকল লোক উক্ত অবৈধ কাৰ্যৰ সৈতে জড়িত আছিল, তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ কোনো পদক্ষেপ হাতত লোৱা নাই। মুখ্যমন্ত্ৰীয়ে প্ৰথমে ক'লে যে উমৰাংছুৰ কয়লাৰ সুৰংগটো অবৈধ নহয়, এ এম ডি ছিৰ দ্বাৰা পৰিচালিত বৈধ সুৰংগ, ১২ বছৰ ধৰি অব্যৱহৃতভাৱে পৰি আছিল। কিন্তু পিছত আকৌ কথা সলনি কৰি ক'লে যে সেইটো অবৈধ কয়লা খনি আৰু সেই অঞ্চলত তেনে ধৰণৰ ২২০ টা অবৈধ ৰেট-হোল মাংনিঙৰ সুৰংগ আছে। মুখ্যমন্ত্ৰীয়ে উমৰাংছু, লিডু-মাৰ্ঘেৰিটা আদি স্থানত থকা সকলো অবৈধ কয়লা খনি ৭ দিনৰ ভিতৰত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া বুলি নিজেও ক'লে আৰু বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও শিৱসাগৰত ক'লে। তাৰ পাছত মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনি আৰক্ষীয়ে গৈ বন্ধ কৰি থকাও আমি দেখিলো। কিন্তু সেই অবৈধ খনিসমূহ কোনে খান্দিছিল, কোনে পৰিচালনা কৰিছিল, কোনে অবৈধ কয়লা খনন কৰিছিল বা কৰোৱাইছিল, কোনে পৰিবহন আৰু ব্যৱসায় কৰিছিল, কোনে ছিণ্ডিকেট চলাইছিল। সেইসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হ'ব লাগে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ আৰু উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা থকাৰ পাছতো কোন কোন প্ৰশানীয় আৰু আৰক্ষী বিষয়াই সেই অবৈধ কাম চলিবলৈ দিছিল, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নালাগিছিল জানো।" তেওঁ কয় - "দিহিং-পাটকাই ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ লগতে মাৰ্ঘেৰিটা মহকুমাৰ কিছুমান এলেকাত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি ৰেট হোল মাইনিঙৰ জৰিয়তে অবৈধ কয়লা খনন, পৰিবহন আৰু ব্যৱসায়ৰ বিষয়টো তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ব্ৰজেন্দ্ৰ প্ৰতাপ কটকীৰ প্ৰতিবেদন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পেলাই থলে, আয়োগে দোষী সাব্যস্ত কৰা কাৰো বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে। এনে অৱস্থাত পুনৰ আন এখন তদন্ত আয়োগ গঠনৰ কোনো অৰ্থ নাই। এইখিনি বিষয় ৰাজ্যৰ সাংবিধানিক মুৰব্বী ৰাজ্যপাল আৰু দেশৰ প্ৰধানমন্ত্ৰীক অৱগত কৰিবৰ বাবেই স্মাৰকপত্ৰ দুখন প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত বিষয়টোক লৈ ৰাষ্ট্ৰীয় জাতীয় পৰিষদ সেউজ ন্যায়াধিকৰণ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব।" উল্লেখ্য যে স্মাৰকপত্ৰখনত অজাপই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি অবৈধ কয়লা খনি চলাবলৈ দিয়া তথা প্ৰাকৃতিক সম্পদ লুণ্ঠনত সহযোগিতা কৰাৰ অভিযোগত ডিমা হাচাও জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা বন বিষয়াৰ লগতে এ এম ডি চিৰ পৰিচালন সঞ্চালক নটৰাজন আনন্দক গ্ৰেপ্তাৰৰ দাবী জনায়।
প্ৰসংগ কয়লা কেলেংকাৰী : ৰাজ্যপাল আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ অসম জাতীয় পৰিষদৰ

0 Comments:
Post a Comment