ৰাজ্যৰ ৩৫৪ খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি
গুৱাহাটী,২২ জানুৱাৰী : অসমৰ চাহ বাগিচা অঞ্চলত স্বাস্থ্য সেৱা সবলীকৰণৰ দিশত এক উল্লেখনীয় পদক্ষেপ হিচাপে আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত ৰাজ্যৰ ৩৫৪খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে আনুষ্ঠানিকভাৱে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ পুৰণা সভাকক্ষত এই উপলক্ষে আয়োজিত এক বিশেষ অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰী পিযুষ হাজৰিকা, প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা আৰু কৃষ্ণেন্দু পালৰ উপৰি কেইগৰাকী বিধায়ক উপস্থিত থকা অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন জিলা সদৰৰ পৰা অন্য বহুকেইগৰাকী মন্ত্ৰী-বিধায়কেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে ৰক্তহীনতা আৰু পুষ্টিহীনতা, প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ উচ্চ হাৰ, উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদিৰ দৰে অসংক্ৰামক ৰোগৰ বোজাৰ লগতে একাধিক স্বাস্থ্যজনিত সমস্যা টিবি, কুষ্ঠ, ডায়েৰিয়া আদি সংক্ৰামক ৰোগৰ বোজা, স্বাস্থ্যসন্মত পৰিৱেশ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময়ৰ অভাৱে ৰাজ্যৰ চাহ বাগিচাৰ ৰাইজক ভাৰাক্ৰান্ত কৰি আহিছে। অসম চৰকাৰ চাহ বাগিচা অঞ্চলত মানসম্পন্ন আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সেয়ে চাহ বাগিচাত স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যেই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে মোবাইল মেডিকেল ইউনিট (এমএমইউ) সেৱা, চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি, ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পি পি পি)ৰ অধীনত চাহ বাগিচা চিকিৎসালয়ৰ সৈতে বুজাবুজি চুক্তি, চাহ বাগিচাৰ চিকিৎসালয়ৰ বাবে বিনামূলীয়া ঔষধ, চাহ বাগিচাৰ চিকিৎসালয়ৰ বাবে ৰোগী পৰিবহণ বাহন, অসম চাহ কোম্পানী লিমিটেডৰ বাগিচাত চিকিৎসালয় নিৰ্মাণ ইত্যাদি। ইমানবোৰ পদক্ষেপৰ পিছতো বাগিচাৰ ৰাইজৰ স্বাস্থ্যসেৱা উন্নীতকৰণৰ বাবে চৰকাৰৰ আৰু বহু কৰণীয় আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই কথা উপলব্ধি কৰিয়েই এতিয়া অসম চৰকাৰে চাহ বাগিচাত আয়ুষ্মান আৰোগ্য মন্দিৰ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যৰ ৩৫৪ খনকৈ চাহ বাগিচাত আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপনৰ এই পদক্ষেপে চাহ বাগিচা অঞ্চলৰ স্বাস্থ্যসেৱাৰ দিশত নৱজাগৰণৰ সূচনা কৰিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে এই আয়ুষ্মান আৰোগ্য মন্দিৰসমূহে উপকেন্দ্ৰৰূপে কেৱল চিকিৎসাই নহয়, স্বাস্থ্যৱান সমাজ গঢ়াটো বিশেষ ভূমিকা গ্ৰহণ কৰিব।এই পদক্ষেপৰদ্বাৰা চাহ বাগিচাৰ কৰ্মীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালে উন্নত আৰু সুলভ স্বাস্থ্যসেৱা লাভ কৰাটো সুনিশ্চিত হ'ব। “আয়ুষ্মান আৰোগ্য মন্দিৰ”ক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক অন্যতম সপোন বুলি অভিহিত কৰি ইতিমধ্যে অসমৰ ৪৯৪৭ টা স্বাস্থ্যকেন্দ্ৰক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰতিখন চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰতে চৰকাৰে এজন সামূহিক স্বাস্থ্য বিষয়া নিয়োগ কৰিব বুলি জানিবলৈ দি তেওঁ কয় যে এই স্বাস্থ্য বিষয়াসকলে ১২ টা সম্প্ৰসাৰিত পেকেজ সামৰি বাগিচাৰ ৰাইজলৈ স্বাস্থ্যসেৱা আগবঢ়াব। এই সেৱাসমূহ হৈছে - গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত যত্ন লোৱা, নৱজাতক আৰু শিশুৰ স্বাস্থ্যসেৱা, শিশু আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্যসেৱা, প্ৰজনন আৰু পৰিয়াল পৰিকল্পনা সেৱা, সংক্ৰামক ৰোগৰ ব্যৱস্থাপনা, সাধাৰণ ৰোগৰ বাবে বহিঃ চিকিৎসা সেৱা, অসংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ, চকু আৰু নাক, কাণ তথা ডিঙিৰ চিকিৎসা, মুখৰ ৰোগৰ যত্ন, মানসিক স্বাস্থ্যৰ যত্ন, জৰুৰীকালীন চিকিৎসা সেৱা আৰু বয়সস্থ তথা দুৰাৰোগ্য ৰোগীৰ যত্ন আদি। এই চিকিৎসালয়সমূহত বিনামূলীয়া ঔষধ আৰু নিদানৰ ব্যৱস্থা উপলব্ধ হ’ব, প্ৰয়োজনীয় সঁজুলি, যন্ত্ৰপাতি আৰু সামগ্ৰী যোগান ধৰা হ’ব, আৰু আন্তঃগাঁথনি উন্নয়নৰ কামো লোৱাৰ লগতে এই চিকিৎসালয়সমূহত লেবাৰ ৰুম আৰু নৱজাতকৰ জৰুৰী চিকিৎসা ইউনিট (এনবিএছইউ) স্থাপন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰী সিংহলে কয় যে চিকিৎসাতকৈ ৰোগৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰাটো বেছি ভাল। সেয়ে আমি সুস্থ জীৱনশৈলী অনুশীলনত মনোনিৱেশ কৰিব লাগিব। এই আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত সেয়ে যোগাভ্যাসৰ দৰে সুস্থ জীৱনশৈলী বিষয়ক কাৰ্য্যকলাপো গ্ৰহণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে চাহ বাগিচা খণ্ডক স্বাস্থ্যৱান কৰিবলৈ আমি চাহ বাগিচাৰ কৰ্মীসকলক স্বাস্থ্যৱান কৰি তুলিব লাগিব। শ্ৰমিকসকল সুস্থ-সবল থাকিলেহে বাগিচাৰ প্ৰদৰ্শনো উন্নত হব বুলি মন্তব্য কৰি তেওঁ কয় যে সেয়ে বাগিচাৰ মালিক আৰু পৰিচালন কৰ্তৃপক্ষই শ্ৰমিকসকলৰ সুস্বাস্থ্য সুনিশ্চিতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত। আজি উন্নত কৰা আয়ুষ্মান আৰোগ্য মন্দিৰসমূহে অসমৰ চাহ বাগিচাত স্বাস্থ্য সূচকৰ উন্নত ফলাফলৰ বাবে উন্নত সেৱা প্ৰদানৰ ব্যৱস্থা কৰিব আৰু বাগিচাৰ ৰাইজৰ বাবে এক ডাঙৰ সকাহৰূপে বিবেচিত হব বুলি তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ প্ৰকল্প সঞ্চালক ডঃ লক্ষ্মণন এছৰ লগতে স্বাস্থ্য বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াসকল, কেইবাখনো জিলাৰ প্ৰশাসনৰ বিষয়ববীয়াসকল, কেইবাখনো চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষ-পৰিচালকসকল, অসম চাহ মজদুৰ সংঘকে ধৰি বিভিন্ন শ্ৰমিক সংগঠনৰ প্ৰতিনিধিসকলে অংশ লোৱাৰ লগতে বিভিন্ন জিলাৰ আয়ুক্তৰ কাৰ্যালয় বা জিলা চিকিৎসালয়ৰ পৰা ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে বহুসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

0 Comments:
Post a Comment