বিদেশী বিনিয়োগৰ নামত মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ আপৰ প্ৰতিক্ৰিয়া


গুৱাহাটী,২২ জানুৱাৰী : এডভান্টেজ অসম ২.০ৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইখনৰ পিছত সিখন বিদেশী ৰাষ্ট্ৰ ভ্ৰমণক লৈ সৰৱ হৈছে আম আদমী পাৰ্টিৰ ৰাজ্যিক উপ সভাপতি তথা মুখ্য মুখপাত্ৰ অনুৰূপা ডেকাৰজা। ৰাজ্য চৰকাৰে পূৰ্বে অনুষ্ঠিত কৰা এডভান্টেজ অসম ১.০ৰ জৰিয়তে ৰাজ্যখনত কিমান বিদেশী পুঁজিৰ বিনিয়োগ হ'ল, বৃহৎ পৰিমাণৰ ৰাজহুৱা ধন ব্যয় কৰি কৰি এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত অৰ্থনৈতিক দিশত আমাৰ ৰাজ্যবাসীৰ কি লাভ হ'ল, কিমান কল কাৰখানা স্থাপন হ'ল, কিমানসংখ্যক নিবনুৱাক বিদেশী বিনিয়োগকাৰীয়ে সংস্থাপন দিলে এই সকলো দিশ সামৰি  মুখ্যমন্ত্ৰীক শ্বেতপত্ৰ প্ৰকাশৰ দাবী জনাইছে আপৰ নেত্ৰীগৰাকীয়ে। আজি গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত অনুৰূপা ডেকাৰজাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণৰ কাৰ্যসূচীৰ তীব্ৰ সমালোচনা কৰে। সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি ডেকাৰজাৰ প্ৰশ্ন - "বৈদেশিক সম্পৰ্ক, বিদেশী ৰাষ্ট্ৰৰ সৈতে বাণিজ্যিক সম্বন্ধ স্থাপন আৰু ভাৰতৰ কোনো ৰাজ্যত বিদেশী পুঁজিৰ বিনিয়োগৰ বিষয় কেন্দ্ৰীয় চৰকাৰৰ এক্তিয়াৰভুক্ত। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত দায়িত্ব অৰ্পণ কৰিছে নেকি? অসমবাসীৰ কৰ-কাটল ধনেৰে মুখ্যমন্ত্ৰীৰ লগত জাপান-দক্ষিণ কোৰিয়ালৈ যোৱা বিধায়ক বলীন চেতিয়া আৰু কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক জাপান - কোৰিয়াৰ বিনিয়োগকাৰীক আমন্ত্ৰণ জনাবলৈ কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে দায়িত্ব দিছে নে?" কাৰ্বি আংলং জিলাৰ কয়লা কেলেংকাৰীৰ চিবিআই তদন্ত কৰিলে মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ সংগী তুলিৰাম ৰংহাঙে জে'লৰ ভাত খাবলগীয়া হ'ব বুলিও মন্তব্য কৰে আপৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে। সংবাদমেলত অনুৰূপা ডেকাৰজাৰ তাৎপৰ্যপূৰ্ণ প্ৰশ্ন, "সততে নানা অজুহাতত বিদেশ ভ্ৰমণত ব্যস্ত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু  কেন্দ্ৰীয় চৰকাৰে ভাৰতত বৈদেশিক পুঁজি বিনিয়োগত সমূলি ব্যৰ্থ হৈছে নেকি যে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধায়ক বলীন চেতিয়া আৰু দুৰ্নীতিৰ সম্ৰাট তুলিৰামে এই দায়িত্ব ল'ব লগীয়া হৈছে?" এনেদৰে এডভান্টেজ অসমৰ নামত বাৰে বাৰে চৰকাৰী পুঁজিৰ শৰাধক লৈ  প্ৰশ্ন উত্থাপন কৰে আপৰ মুখ্য মুখপাত্ৰ ডেকাৰজাই।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment