কামাখ্যা দেৱোত্তৰ ব'ৰ্ডত হোৱা ৭.৬২ কোটি টকাৰ অনিয়মক লৈ ইডিৰ অভিযান


গুৱাহাটী,২৩ জানুৱাৰী : প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰৰ দেৱোত্তৰ ব'ৰ্ডত হাৱালা কেলেংকাৰী। এই কেলেংকাৰীক লৈ অভিযান চলোৱাৰ লগতে তদন্ত কৰিছে গুৱাহাটীৰ ইডিয়ে (প্ৰৱৰ্তন সঞ্চালকালয়)। ইডিয়ে বুধবাৰে কামাখ্যা দেৱোত্তৰ বৰ্ডৰ একাংশ বিষয়ববীয়া ঘৰত অভিযান চলায়। ২০০৩ চনৰ পৰা ২০১৯ চনলৈ হোৱা ৭.৬২ কোটি টকাৰ অনিয়মক লৈ ইডিয়ে এই অভিযান চলায়। অভিযানকালত ইডিয়ে ১.৮২ কোটি টকাৰ বীমা লাভ কৰাৰ লগতে মাটিৰ নথিপত্র লাভ কৰিছে। ইডিয়ে কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ সেইসময়ৰ প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহৰ উপৰি প্ৰয়াত ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মাৰ বাসগৃহতো অভিযান চলায়। এই দুয়োগৰাকী কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ প্ৰাক্তন বিষয়ববীয়া আছিল। অভিযানত উদ্ধাৰ হৈছে বহু আপত্তিজনক নথি-পত্র। কামাখ্যা দেৱোত্তৰ ব'ৰ্ডত ২০০৩ চনৰ পৰা ২০১৯ চনৰ ভিতৰত সংঘটিত হোৱা প্ৰায় ৭.৬২ কোটি টকাৰ অপব্যৱহাৰ সন্দৰ্ভত চি আই ডিত গোচৰ ৰুজু হৈছিল। ইডিয়ে বিভিন্ন ধাৰাৰ অধীনত চি আই ডিত ৰুজু হোৱা গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল। পুঁজি স্থানান্তৰ আৰু ব্যক্তিগত লাভৰ বাবে পুঁজি ব্যৱহাৰ কৰা হৈছিল। কামাখ্যা দেৱোত্তৰ ব'ৰ্ডৰ পুঁজি আত্মসাৎ কৰাৰ বাবে প্ৰাক্তন বিষয়াববীয়া সকলে নিজৰ ব্যক্তিগত প্ৰতিষ্ঠানবোৰত বিনিয়োগ কৰিছিল। বৈদ্যুতিক সামগ্ৰী, চিমেণ্ট, পৰিষ্কাৰ কৰা ৰাসায়নিক পদাৰ্থ, জনশক্তি আৰু অন্যান্য সেৱাৰ দৰে সামগ্ৰীৰ যোগানৰ নামত কেলেংকাৰী হৈছিল। ইয়াৰ যোগেদি নিজৰ মালিকানাধীন প্ৰতিষ্ঠানসমূহলৈ পুঁজি স্থানান্তৰ কৰা হৈছিল তথা নগদ ধন উলিয়াই অনা হৈছিল। অতি কৌশলেৰে আদালতৰ নিৰ্দেশনা অনুসৰণ কৰি জিলা আয়ুক্তৰ অনুমতি নোহোৱাকৈ ৫০ হাজাৰ টকাৰ তলত ভাগে ভাগে বিল বনাই ব্যয় কৰা হৈছিল। বুধবাৰে ইডিয়ে ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত অভিযান চলায়। লগতে প্ৰয়াত ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মাৰ কামাখ্যাস্থিত বাসভৱনত অভিযান চলায়। এই অভিযানৰ সময়ত ইডিয়ে ১.৪২ কোটি টকাৰ বীমা আঁচনি জব্দ কৰে। অভিযানত সংশ্লিষ্ট বিষয়ববীয়া কেইজনৰ লগতে তেওঁলোকৰ পৰিয়ালৰ নামত থকা স্থাৱৰ সম্পত্তি আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ নথিপত্ৰ ইডিয়ে জব্দ কৰে। তদুপৰি অভিযানত ইডিয়ে বিভিন্ন জনৰ নামত থকা ২৭ টাৰো অধিক বেংক একাউণ্টৰ তথ্য লাভ কৰে। অধিক তথ্যৰ বাবে ইডিয়ে গোচৰ সন্দৰ্ভত অনুসন্ধান চলাই আছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment