অন্যায় আৰু শোষণৰ বিৰুদ্ধে জংগী আন্দোলনৰ সকিয়নী আসাম ষ্টেট আউতচৰ্চ পাৱাৰ ৱকাৰ্ছ ইউনিয়নৰ



লখিমপুৰ,২৩ জানুৱাৰী : অসমৰ  শক্তি খণ্ডৰ কৰ্মচাৰীৰ যৌথ মঞ্চ অসাম ষ্টেট আউতচৰ্চ পাৱাৰ ৱকাৰ্ছ ইউনিয়নৰ কেন্দ্রীয় সাধাৰণ সভাখন  আজি লখিমপুৰ চহৰৰ চাবতিস্থিত অৰুণজ্যোতি সংঘৰ পেক্ষাগৃহত সম্পন্ন হৈ যায়। উক্ত সভাত সমগ্ৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ শক্তি খণ্ডৰ লগত নিয়োজিত হৈ থকা সহস্ৰাধিক লোকে অংশগ্রহণ কৰে। সভাত শক্তি খণ্ডৰ লগত বহু বছৰ ধৰি জড়িত লোকক বাদ পেলাই বৰ্তমানৰ চৰকাৰে এ ডি আৰ ই পৰীক্ষাৰ যোগেদি শক্তি খণ্ডৰ খালী পদ সমূহ পূৰণৰ ব্যৱস্থা কৰা বিষয়টোত চিন্তা ব্যক্ত কৰা হয়। তেনে পৰিস্থিতি সৃষ্টি নকৰিবলৈ চৰকাৰ তথা কর্তৃপক্ষক আহ্বান জনোৱাৰ লগতে বহু বছৰ ধৰি বিভাগক সুচাৰু ৰূপে পৰিচালিত কৰি নিয়া কর্মচাৰীয়ে যদি ভবিষ্যত সময়ত এইবোৰ কাৰণত কৰ্মস্থল হেৰুৱাব লগা হয় তেন্তে এই কর্মচাৰী সকলৰ সন্থাই জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি সকীয়নী দিয়া হয়। ইউনিয়ণৰ অভিযোগ যে শক্তি খণ্ডৰ নিমিত্তে প্ৰতি বছৰে অসমৰ বিভিন্ন ঠাইত হোৱা প্রাকৃতিক দুর্যোগত বিভাগৰ হৈ নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি ৰাইজক পোহৰ যোগানৰ বাবে  সর্বোচ্চ দি অতি কম দৰমহাতো কাম কৰি আহিছে। একেদৰে বিগত সময়ত  দেশত হৈ যোৱা মহামাৰীৰ সময়ত ৰাইজক পোহৰ বিলোৱা দায়িত্বত নিজৰ প্ৰাণৰ চিন্তা নকৰি চাকৰি নিয়মীয়াকৰণৰ আশাত কাম কৰিছিল। বিগত সময়বোৰত এই বিভাগত চাকৰি স্থায়ী হ'বলৈ হ'লে অস্থায়ী হিচাপে দক্ষতা অর্জন কৰিব লাগে আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি চাকৰী নিয়মীয়া কৰণ কৰা হয়। কিন্তু বর্তমান সময়ত সম্পূর্ণ বিপৰীত স্থিতিত চৰকাৰখনে আদানিক ৰঙা দলিচা পাৰি থলুৱা অসমীয়াক পেটত গোৰ মৰাৰ ব্যৱস্থা কৰিছে বুলি তেওঁলোকে অভিযোগ কৰে। বহু বছৰ ধৰি চলি অহা নিয়ম জাতি-মাটিক ভাল পোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আজি থলুৱা মানুহক মাৰি পেলোৱাৰ কাৰ্য কৰিছে। শক্তিখণ্ডত এ ডি আৰ ইৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নতুন নিযুক্তি দিয়াৰ আগতে শক্তিখণ্ডত কাম কৰা ৰাজ্যৰ ৫ হেজাৰ ২৩৩ জন ফিক্সড পে আৰু অস্থায়ী কৰ্মচাৰীক চৰকাৰৰ সংৰক্ষিত এলেকাত এক গোট কৰি গুলি কৰি হত্যা কৰিবৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক ইউনিয়নে সভাৰ যোগেদি আহ্বান জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment