খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ নিৰ্দেশনা
গুৱাহাটী,২২ জানুৱাৰী : অহা ৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া জিলা পৰ্যায়ৰ খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে খেল পৰিচালনাৰ ক্ষেত্ৰত ফিক্সাৰৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ যাতায়তৰ ক্ষেত্ৰত খেলুৱৈসকলৰ কোনো অসুবিধা নোহোৱাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সম-জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে। উল্লেখ্য যে অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া জিলা পৰ্যায়ৰ খেল মহাৰণ ৯ ফেব্ৰুৱাৰীত অন্ত পৰিব। জিলা আয়ুক্তই ৮ ফেব্ৰুৱাৰীৰ উদ্বোধনী অনুষ্ঠানত স্কুলৰ শিক্ষাৰ্থীসকলকো জড়িত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। আজিৰ সভাত মহানগৰ আৰক্ষীৰ উপ-আয়ুক্ত (নিৰাপত্তা ) ধ্ৰুৱ বৰা, অতিৰিক্ত জিলা আয়ুক্ত কেচিঅ' কৰণ পেগু, দিছপুৰ আৰু নিউ গুৱাহাটী সম-জিলা আয়ুক্তদ্বয় ক্ৰমে মনজিৎ বৰকাকতি আৰু প্ৰিয়াংশু ভৰদ্বাজ,জালুকবাৰী সম জিলাৰ সহকাৰী আয়ুক্ত ভাস্কৰ পেগু, সংশ্লিষ্ট বিভাগৰ বিষয়া তথা শাৰিৰীক প্ৰশিক্ষকসকল উপস্থিত থাকে।

0 Comments:
Post a Comment