গুৱাহাটী : "বিগত বৰ্ষৰ গুণোৎসৱৰ ফলাফলৰ ভিত্তিতে অসম চৰকাৰে ইতিমধ্যে শিক্ষা বিভাগৰ দ্বাৰা ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ পুনৰ নিৰ্মাণৰ বাবে ৬ হাজাৰ কোটি টকাৰ এক বৃহৎ ধনৰাশি ধাৰ্য কৰি শিক্ষানুষ্ঠানসমূহৰ উন্নয়নৰ সাধি গৈছে।" - এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ। শনিবাৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত এইদৰে কয় শিক্ষামন্ত্রীগৰাকীয়ে। বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ মৃত্যু হোৱা ২৬ গৰাকী ঠিকাভিত্তিক অতিৰিক্ত শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে। একেটা অনুষ্ঠানতে অসম লোক সেৱা আয়োগৰ দ্বাৰা বাছনিকৃত ১৩ গৰাকীকৈ প্ৰাৰ্থীক ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অধীনত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা ৰূপে নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগ তথা সমগ্ৰ শিক্ষাৰ অভিযানৰ দ্বাৰা বিদ্যালয় শিক্ষা ক্ষেত্ৰত লোৱা পৰিৱৰ্তনমুখী প্ৰচেষ্টা আৰু বিভিন্ন আঁচনি আৰু কাৰ্যকলাপৰ উল্লেখেৰে প্ৰকাশ কৰা “Leaping Ahead: Transforming Education, Transforming Assam” শীৰ্ষক পুস্তিকাখন উন্মোচন কৰে মন্ত্রীগৰাকীয়ে। ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰীগৰাকীয়ে পৰলোকপ্ৰাপ্ত ঠিকাভিত্তিক অতিৰিক্ত শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালবৰ্গক উদ্দেশ্যি কয় - "চৰকাৰ তেওঁলোকৰ ওচৰত সদায়েই আছে আৰু সদায়েই থাকিব। প্ৰতিমুহূৰ্তই তেওঁলোকৰ পৰিয়ালৰ খা-খবৰ ৰাখিব।" মন্ত্ৰীগৰাকীয়ে পৰলোকপ্ৰাপ্ত ঠিকাভিত্তিক অতিৰিক্ত শিক্ষক-শিক্ষয়িত্ৰীৰ শৈক্ষিক অৱদানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ লগতে তেওঁলোকৰ পৰিয়ালৰ বাবে সমৰ্থন প্ৰকাশৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া দিহা-পৰামৰ্শ মৰ্মে শিক্ষা বিভাগে এককালীন সাহায্য আগবঢ়োৱাৰ কথা ব্যক্ত কৰে। আনহাতে অনুষ্ঠানত নৱনিযুক্ত প্ৰবক্তাসকলক অভিনন্দন জ্ঞাপন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে নতুন শিক্ষানীতি ২০২০ৰ সাৰ্থক ৰূপায়ণেৰে শিক্ষাৰ মান উন্নতকৰণৰ বাবে নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় - "শিক্ষাৰ দ্বাৰা দেশৰ নাগৰিক নিৰ্মাণ কৰা হয় আৰু এই গুৰুদায়িত্ব থাকে আমাৰ শিক্ষাগুৰুসকলৰ হাতত। গতিকে শিক্ষকসকলক সঠিক মাৰ্গদৰ্শনেৰে দীক্ষিত কৰাৰ ক্ষেত্ৰত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ যি দায়িত্ব, সেয়া নতুন প্ৰবক্তাসকলে আন্তৰিকতাৰে পালন কৰিব। এতিয়ালৈকে এক লাখৰো অধিক শিক্ষকক নিপুণ অসম আঁচনিৰ অধীন এফ এল এন প্ৰশিক্ষণৰ জৰিয়তে বুনিয়াদী শিক্ষাৰ সামগ্ৰিক মান উন্নয়নৰ প্ৰচেষ্টা চলাই গৈ থকা হৈছে।" অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ গুণোৎসৱত সকলো বিষয়া-কৰ্মচাৰীৰ সহযোগিতা কামনা কৰে। আনহাতে ভাষণ প্ৰসংগত মন্ত্রীগৰাকীয়ে অতি শীঘ্ৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ ৮ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰে।
অনুষ্ঠানত সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ড০ ওম প্ৰকাশ, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালিকা মমতা হোজাই, এছ চি ই আৰ টিৰ সঞ্চালিকা ড০ নিৰদা দেৱী উপস্থিত আছিল। আনহাতে আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে অসম কলেজ শিক্ষক সন্থাৰ লগত এক আলোচনাত মিলিত হৈ তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লয়।

0 Comments:
Post a Comment