শিল্পী বঁটাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাটাও বঁটাৰ প্ৰাপকৰ নাম ঘোষণা
গুৱাহাটী,৫ জানুৱাৰী : প্রথিতযশা কণ্ঠশিল্পী ড০ অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভালৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ শিল্পী বঁটা। অহা ১৭ জানুৱাৰীত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত কেন্দ্রীয়ভাৱে আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠানত দুয়োগৰাকী শিল্পীকে শিল্পী বঁটাৰে সন্মানিত কৰা হ'ব। এই কথা সদৰি কৰে সাংস্কৃতিক মন্ত্রী বিমল বড়াই। দেওবাৰে দিছপুৰৰ চৰকাৰী আৱাসত এখন সংবাদমেল সম্বোধন কৰি মন্ত্রী বড়াই শিল্পী বঁটাৰ লগতে আন কেইবাটাও বঁটাৰ প্ৰাপকৰ নাম ঘোষণা কৰে। মন্ত্রীগৰাকীয়ে কয় - "অসমৰ সমাজ জীৱনলৈ বৰেণ্য অৱদান আগবঢ়োৱা শিল্পীসকলক অসম চৰকাৰে বিভিন্ন বঁটাৰে সন্মানিত কৰি আহিছে। বিগত বৰ্ষৰ দৰে অহা ১৭ জানুৱাৰীত অসম চৰকাৰৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত কেন্দ্রীয় ভাৱে ২০২৫ বৰ্ষৰ শিল্পী দিৱস উদযাপন কৰা হ'ব। উক্ত অনুষ্ঠানতে প্রথিতযশা কণ্ঠশিল্পী ড০ অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভাক ২০২৫ বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব। লগতে অনুষ্ঠানত অসমৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান যোগাই অহা তিনিগৰাকী বৰেণ্য ব্যক্তিক তিনিটা ৰাজ্যিক পৰ্য্যায়ৰ বঁটাৰে সন্মানিত কৰা হ'ব। ২০২৪ নটসূৰ্য ফণী শৰ্মা বঁটাৰ বাবে বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনক, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটাৰ বাবে বিশিষ্ট অভিনেত্ৰী হীৰা নেওগক আৰু ভীমবৰ দেউৰী বঁটাৰ বাবে বিশিষ্ট সমাজকর্মী জলেশ্বৰ ব্ৰহ্মক মনোনীত কৰা হৈছে। প্ৰতিটো বঁটাত আছে দুই লাখ টকাৰ নগদ ধনৰ লগতে প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ।" সংবাদমেলত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল দাস উপস্থিত আছিল।

0 Comments:
Post a Comment