নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে গ্ৰন্থপ্ৰেমীৰ বিশাল সমাৱেশ অসম গ্ৰন্থমেলাত, ১০ দিনত ৫.৮০ কোটি টকাৰ গ্ৰন্থ বিক্ৰী


গুৱাহাটী,৫ জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথমটো দেওবাৰে  গ্ৰন্থপ্ৰেমীৰ বিশাল সমাৱেশত উছৱমুখৰ হৈ পৰে খানাপাৰাস্থিত  পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী। পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হয় জনস্ৰোত আৰু সন্ধিয়াৰ ভাগত লোকাৰণ্যত পৰিণত হয় গ্ৰন্থমেলাৰ বাকৰি ৷ আজি পুৱা ৯.৩০ বজাৰ পৰা অনুষ্ঠিত কৰা “শিশুৰ দিন”ত কণ-মইনাহঁতৰ কলকলনিত আকৰ্ষণীয় হৈ পৰে অসম গ্ৰন্থমেলা প্ৰাংগণ। “শিশুৰ দিন” উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী, বিশিষ্ট সমাজসেৱী, লেখিকা মৃণালিনী দেৱীয়ে। শিশুসকলক লৈ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয় - “গ্ৰন্থমেলাত এনেদৰে এটা দিন শিশুৰ বাবে দিয়াটো আনন্দদায়ক ৷ আমাৰ শিশুসকল বিভিন্ন প্ৰতিভাৰ আকৰ ৷ তেওঁলোকৰ প্ৰতিভা বিকাশ আৰু প্ৰসাৰৰ বাবে এনে এখন মঞ্চ অতি প্ৰয়োজনীয় ৷ শিশু সকলেই দেশখনৰ ভৱিষ্যত ৷ সাহিত্য-সংস্কৃতি, ক্ৰীড়া-বিজ্ঞান, ৰাজনীতি-বাণিজ্য সকলো ক্ষেত্ৰৰে ভৱিষ্যৎ নিৰ্ভৰ কৰিব আজিৰ শিশুসকলৰ ওপৰত।” তেওঁ অভিভাৱক আৰু শিশু-কিশোৰ সকলক উদ্দেশ্যি কয় যে কিতাপ পঢ়াৰ অভ্যাস আৰম্ভণিৰে পৰা গঢ়ি তোলা দৰকাৰ ৷ আগ বয়সত পঢ়া কথাবোৰ সদায় স্মৃতিত খোদিত হৈ ৰৈ যায় ৷ ইয়াৰ শুভফল পৈনত বয়সত লাভ কৰা যায় ৷ অধ্যয়নশীলতাই শিশুসকলৰ অনাগত দিনবোৰ সুন্দৰ আৰু সুৰক্ষিত কৰে ৷ অসম গ্ৰন্থমেলাৰ এই অনুষ্ঠানে শিশুসকলক নিশ্চয়কৈ উৎসাহ যোগাব বুলি তেওঁ কয়। উল্লেখ্য যে শিশুৰ দিন উপলক্ষে আজি গ্ৰন্থমেলাত অনুষ্ঠিত কৰা হয় চিত্ৰাংকণ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা ৷ চিত্ৰাংকণ প্ৰতিযোগিতাৰ “ক” শাখাত বিকিৰাজ কাশ্যপে প্ৰথম, অদভিক বিজিতে দ্বিতীয়, নিবিড় ৰাজবংশীয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে৷ উদগনি বঁটা লাভ কৰে ভাৰ্গৱী ৰাজবংশী, হৃয়ান কলিতা, নিনাদ ছেত্ৰীয়ে ৷ “খ” শাখাত মানস প্ৰতীম ডেকাই প্ৰথম, নিৰ্জুমন বৰাই দ্বিতীয়, আৰু চি আফ্ৰিনে তৃতীয় পুৰস্কাৰ লাভ কৰে। উদগনি বঁটা লাভ কৰিছে অভিজ্ঞান শৰ্মা, তৃষ্ণা নাথ, নিভৃতি পাঠকে। “গ” শাখাত এনি কাশ্যপে প্ৰথম, নিষ্ঠা প্ৰিয়ম শৰ্মাই দ্বিতীয়, মুক্তিশান্তা বৰ্মনে তৃতীয় পুৰস্কাৰ লাভ কৰে। উদগনি বঁটা লাভ কৰে শিল্পা বৰা, চিন্ময় দাস, ধৃতিমা ডেকাই৷ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ “ক” শাখাত  পূৱাঞ্চী দাসে প্ৰথম, প্ৰীতিষা কাশ্যপ, শ্ৰুতি মাধুৰ্যই যুটীয়াভাৱে দ্বিতীয়, ৰাগিনী কাশ্যপ, মঞ্জিতা হাজৰিকাই যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰে। উদগনি বঁটা লাভ কৰে অক্ষিতা কাশ্যপ, শ্ৰেয়াংশ্ৰী ডি এন শইকীয়া, আত্মিষা প্ৰজ্ঞা হাজৰিকাই ৷ “খ” শাখাত বকুল প্ৰাণ ভূঞাই প্ৰথম, ৰিয়া ভট্টাচাৰ্যই দ্বিতীয়, গাৰ্গী কাশ্যপে তৃতীয় পুৰস্কাৰ লাভ কৰে। উদগনি বঁটা লাভ কৰে হিমজ্যোতি কুমাৰ, অংশ্ৰুতা লক্ষ্মী গোস্বামী, মূৰ্চনা শৰ্মাই ৷ অহা ৭ জানুৱাৰীৰ বিয়লি গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানত এই প্ৰতিযোগিতাসমূহৰ  বঁটা-বিতৰণী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ৷ উল্লেখ্য যে আজি দুপৰীয়া ১২ বজাৰ পৰা বৈশ্য ষ্টাডি চেন্টাৰৰ সঞ্চালক শৈলেন বৈশ্যৰ পৰিচালনাত অনুষ্ঠিত মুকলি কুইজত শতাধিক লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে বিদ্বৎ সমাজ, সাহিত্যপ্ৰেমী আৰু ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থ ক্ৰয় কৰি বিক্ৰীৰ হাৰ আশাব্যঞ্জক কৰা বুলি জানিবলৈ দিছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে ৷ আজি দশম দিনালৈ ৫ কোটি ৮০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে উদ্যোক্তা সকলে ৷ ইপিনে আজি গ্ৰন্থমেলাৰ বকৰিত “বিস্ময়” আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰয়াত শশী ফুকনৰ সোঁৱৰণত অনুষ্ঠিত হয় “অসমত পঢ়ুৱৈ সৃষ্টিত শশী ফুকনৰ অৱদান” শীৰ্ষক আলোচনা সত্ৰ ৷ শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহতে অনুষ্ঠিত হোৱা এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰি পঢ়ুৱৈ সৃষ্টিত প্ৰয়াত ফুকন আৰু “বিস্ময়” আলোচনীৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে বিশিষ্ট সাংবাদিক, নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰগুপ্ত কাশ্যপ, বিশিষ্ট লেখক হেম চন্দ্ৰ দলে, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, প্ৰকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰী,  বিশিষ্ট সাহিত্যিক ড° উপেন ৰাভা হাকাচাম, বিশিষ্ট লেখক কমল লোচন দাস, বিশিষ্ট লেখক ড° ছাইদুল ইছলাম, জ্যেষ্ঠ সাংবাদিক-লেখক ৰূপম বৰুৱা, নৱ ঠাকুৰীয়া, প্ৰবাল খাউণ্ড, অপৰাজিতা পূজাৰী, চম্পক শৰ্মা, প্ৰবাল ফুকন আদিয়ে ৷ বিস্ময় গোষ্ঠীৰ সৌজন্যত আয়োজন কৰা সত্ৰখনৰ আঁত ধৰে লেখক-আলোচক প্ৰণৱ কুমাৰ শৰ্মাই।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment