আন্তঃৰাজ্যিক যুৱ আদান-প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে সাংসদ বিজুলী কলিতা মেধিয়ে


গুৱাহাটী, ৬ জানুৱাৰী : ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অনুমোদন সাপেক্ষে নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে আৰম্ভ কৰা কাৰ্যসূচীৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুৱ আৱাস, পল্টণবজাৰ গুৱাহাটীত ৫ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ ৫ দিনীয়া কাৰ্য সূচীৰে অনুষ্ঠিত আন্তঃৰাজ্যিক যুৱ আদান-প্ৰদান কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে। উদ্বোধনী ভাষণত সাংসদ গৰাকীয়ে যুৱ উন্নয়নৰ বাবে আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে যুৱ শক্তিৰ মাজত ৰাষ্ট্ৰীয় একতা, সাম্প্ৰদায়িক সদ্ভাৱ আৰু ভ্ৰাতৃত্ববোধৰ উত্তৰণ ঘটিব" বুলি মন্তব্য আগবঢ়ায়। উদ্বোধনী অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ ৩১ নং মহলাৰ পাৰিষদ ৰত্না সিং ভৰদ্বাজ, নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ ৰাজ্যিক সঞ্চালক দীনবন্ধু সাহা, নেতাজী সংঘৰ সাধাৰণ সম্পাদক ৰাজীৱ দাস, সমাজ সংগঠক ৰাজশ্ৰী বৰা উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত নেহেৰু যুৱ কেন্দ্ৰ কামৰূপৰ জিলা যুৱ বিষয়া চয়ণ শুক্ল বৈদ্যই কাৰ্যসূচীৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে নিমন্ত্ৰীত অতিথি সকলক আদৰণি জনায়। অৰুণাচল প্ৰদেশৰ তিনিখন জিলাৰ ২৭ গৰাকী যুৱ প্ৰতিনিধিৰ লগত অসমৰ  বিভিন্ন জনগোষ্ঠীয় যুৱক যুৱতীৰ একতা, ভাতৃত্ববোধৰ লগতে ভাষা, সাংস্কৃতিক বিনিময় - আদান- প্ৰদানৰ লগতে, সমল ব্যক্তিৰ দ্বাৰা শৈক্ষিক কাৰ্য্যসূচী, যোগাভ্যাস, ক্ষেত্ৰ ভ্ৰমণ আদি বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হ'ব বুলি নেহেৰু যুৱ কেন্দ্ৰ কামৰূপৰ গাণনিক আৰু কাৰ্যসূচী নিৰীক্ষক জীৱন চন্দ্ৰ দলে জানিবলৈ দিয়ে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment