স্বাস্থ্যমন্ত্ৰীক সাক্ষাৎ অসম পঞ্জীভুক্ত ফাৰ্মাছিষ্ট ইউনিয়নৰ


গুৱাহাটী,৬ জানুৱাৰী : অসমৰ ফাৰ্চাছিষ্টসকলে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যাসমূহত সমাধানৰ দাবীত এইবাৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলক সাক্ষাৎ কৰিলে অসম পঞ্জীভুক্ত ফাৰ্মাছিষ্ট ইউনিয়নৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গই। এই সাক্ষাতত অসম পঞ্জীয়নভুক্ত ফাৰ্মাছিষ্ট ইউনিয়ন চমুকৈ আৰপুৱে শীঘ্ৰে ডি ফাৰ্ম উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰী সকলৰ ইন্টাৰ্নশ্বীপৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰী অশোক সিংহলৰ ওচৰত দাবী উত্থাপন কৰে। তদুপৰি অসম ফাৰ্মাচী পৰিষদৰ নিৰ্বাচনত ফ্ৰম চি আৰু বেলট পেপাৰ জ্বলাই দিয়া ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্ত মুলক শাস্তি দিবলৈ আহ্বান জনায়। সমান্তৰালভাৱে অসমত আৰ পি লাইছেঞ্ছ বাতিল, ফাৰ্মাচী কাউঞ্চিল অব ইণ্ডিয়াৰ এফিলেশ্বন নথকা কলেজ, অসমত অবৈধ ভাৱে থকা ফাৰ্মাচী সমুহ বন্ধ কৰিবলৈ মন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰে আৰপুৰ বিষয়ববীয়াই। একেদৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনস্থ ফাৰ্মাছিষ্ট সকলৰ উপযুক্ত দৰমহা আৰু মৰ্যদাশীল পদোন্নতিৰ দাবী কৰে আৰপুৱে। ইফালে আৰপুৰ এনে কেতবোৰ দাবীৰ পিছতে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে অহা ৭ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহনৰ আশ্বাস দিয়া বুলি জানিবলৈ দিয়ে আৰপুৰ শীৰ্ষ নেতৃবৰ্গই।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment