লখিমপুৰৰ নাওবৈচাত কেন্সাৰ জ'নলৈ পৰিৱৰ্তিত হৈছে এখন গাওঁ, স্বাস্থ্য বিভাগৰ সজাগতামূলক কাৰ্যসূচী


লখিমপুৰ,২২ ফেব্ৰুৱাৰী : লখিমপুৰ জিলাৰ নাওবৈছাৰ এখন গাঁও সম্প্ৰতি কেঞ্চাৰ জ'নলৈ পৰিৱৰ্তিত হৈছে। অঞ্চলটোৰ ৰানাবাৰী গাঁৱত কেন্সাৰ ৰোগে লৈছে ভায়াৱহ ৰূপ। গাঁওখনত বিগত তিনিটা বৰ্ষত মাৰাত্মক কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে কুৰিজনৰো অধিক লোকৰ। সম্প্ৰতি গাঁৱখনত পোন্ধৰজনতকৈ অধিক লোক আক্রান্ত হৈ আছে এই মাৰাত্মক কেন্সাৰ ৰোগত। যাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে গাঁৱখনৰ ৰাইজ। ৰাইজৰ মতে ঘাটক ৰূপী এই মাৰাত্মক কেন্সাৰ ৰোগৰ মূল কাৰণ হৈছে দ'লহাট চাহ বাগিছা। বাগিছা খনত প্ৰয়োগ কৰা কীটনাশক ঔষধ আৰু ৰাসায়নিক দ্ৰৱ্যৰ বাবেই তাৰ পৰা নিৰ্গত হোৱা বিষাক্ত পদাৰ্থ ৰানাবাৰী গাঁৱত জমা হয়। বাৰিষা হোৱাৰ লগে লগে বানপানী সদৃশ পৰিৱেশ সৃষ্টি হয় আৰু  বাৰিষা হোৱাৰ লগে লগে আৰম্ভ হয় বিভিন্ন বেমাৰৰ। কেৱল মানুহেই নহয় পোহনীয়া পশুধনো অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। গাঁওখনত এতিয়া দেখিবলৈ নোহোৱা হৈছে পশুধন। যাক লৈ আজি ৰাইজে পুৱাই স্বাস্থ্য বিভাগৰ সহযোগত সজাগতা সভা অনুস্থিত কৰে। মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক তাৎক্ষণিকভাৱে এই মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বিশেষ পদক্ষেপ লবলৈ আহ্বান জনাইছে ভুক্তভোগী গাঁৱৰ ৰাইজে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment