এডভাণ্টেজ আসাম ২.০ : গুৱাহাটীত দেশী-বিদেশী বিনিয়োগকাৰীৰ সমাগম

গুৱাহাটী,২৫ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱানিশা আনুষ্ঠানিকভাৱে প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰাৰ পাছত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হৈছে বহু চর্চিত এডভান্টেজ আছাম ২.০। আজি পুৱা ১০.৩০ বজাত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এডভাণ্টেজ আসাম ২.০। এডভান্টেজ আছাম ২.০ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে বিশ্বৰ ৪৫ খন দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত আৰু প্ৰতিনিধিৰ দল অসমত উপস্থিত হৈছে। ইয়াৰে প্ৰায় সংখ্যকে সোমবাৰে বিয়লি ঝুমুৰ নৃত্যৰ মেগা অনুষ্ঠান উপভোগ কৰে। উল্লেখ্য যে দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্রী এছ জয় শংকৰৰ নেতৃত্বত ঘানাৰ পৰা আয়াৰলেণ্ডলৈকে ৪৫ খন দেশৰ ৮১ জনীয়া প্রতিনিধি দলটোক সোমবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনায় মন্ত্ৰী অতুল বৰাই। দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্রী এছ জয়শংকৰৰ নেতৃত্বত ভাৰতৰ লগতে অস্ট্রিয়া, ভূটান, জাপান, বাংলাদেশ, জার্মানী, জর্জিয়া, ফিনলেণ্ড, ইটালী, ইৰাক আদি কৰি প্ৰায় ৪৫খন দেশৰ ৰাষ্ট্রদূত, উচ্চায়ুক্ত, প্ৰতিনিধিৰ ৮১ জনীয়া দলটো দেওবাৰৰ নিশা কাজিৰঙাত উপস্থিত হৈছিল। নিশা প্রায় ৯ বজাত ৰয়েল দিকাছা আৰু বৰগছত নিশা কটাই পুৱা দলটোৱে ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল। প্ৰতিনিধিৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত প্ৰথমতে হাতী ছাফাৰী কৰিছিল। আজি সকলোৱে এডভাণ্টেজ আসাম ২.০ত ভাগ লয়। এডভান্টেজ আছাম ২.০ত ভাগ লয় ৰিলায়েন্স গ্রুপৰ অধ্যক্ষ মুকেশ আম্বানি, আদানি গ্রুপৰ অধ্যক্ষ গৌতম আদানি, জে এছ ডব্লিউৰ অধ্যজ্ঞ সজ্জন জিন্দাল, জিন্দাল গ্ৰুপৰ অধ্যক্ষ সাবিত্রী জিন্দাল, বেদান্ত লিমিটেডৰ অধ্যক্ষ অনিল আগৰৱালা, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটি কমিচনাৰ ৰবি শংকৰ, অ এন জি চিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অৰুণ কুমাৰ সিং, এছ আৰ গ্ৰুপৰ অধ্যক্ষ প্ৰশান্তবৰুইয়া, টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰ শেখৰণ সমন্বিতে প্রায় ৩০০ শিল্পপতি আৰু বিনিয়োগকাৰীয়ে। উল্লেখ্য যে সোমবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে "ঝুমুইৰ বিনন্দিনী" অনুষ্ঠানত ভাগ লোৱাৰ পাছত নিশা উদ্বোধন কৰে এডভান্টেজ আছাম ২.০ সন্মিলনৰ প্ৰদৰ্শনী। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপৰি অভ্যাগতৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভান্টেজ আছাম ২.০ৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে। তেওঁ এডভান্টেজ আছাম ২.০ৰ বিভিন্ন বিপনী, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ কক্ষও পৰিদৰ্শন কৰে। প্ৰধানমন্ত্রীয়ে অংশ গ্ৰহণকাৰী সকলৰ লগত মত বিনিময়ো কৰে। প্ৰধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ পাছতে আজিৰে পৰা এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন আজিৰে পৰা আৰম্ভ হৈছে। উদ্বোধনী ভাষণত প্ৰধানমন্ত্রীয়ে কয় যে বিগত বর্ষসমূহত আমাৰ চৰকাৰে যাতায়াত ব্যৱস্থাৰ সৈতে জড়িত আন্ত:গাঁথনিৰ উন্নয়নত বহুখিনি কাম কৰিছে। ২০১৪ চনৰ পূর্বে ব্রহ্মপুত্রৰ ওপৰত মাত্র তিনিখন দলং আছিল অর্থাৎ ৭০ বছৰত নির্মাণ হৈছিল মাত্র ৩খন দলং। কিন্তু বিগত ১০ বছৰতে আমি ব্রহ্মপুত্রৰ ওপৰত চাৰিখনকৈ দলং ৰাইজলৈ উৎসর্গা কৰিবলৈ সক্ষম হৈছো। অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো ভাষণ আগবঢ়ায়। উল্লেখ্য যে আজিৰ দিনটোত দেশ-বিদেশৰ বহু সংখ্যক উদ্যোগ-প্ৰতিষ্ঠানে বিনিয়োগৰ বুজাবুজিৰ চুক্তি কৰে।


 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment