স্বাস্থ্যখণ্ডত বিনিয়োগ কৰাৰ বাবে আগ্ৰহী জাপানৰ প্ৰতিনিধি দলৰে বৈঠক স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ


গুৱাহাটী,২৭ ফেব্ৰুৱাৰী : এডভাণ্টেজ আসাম ২.০ত ভাগ লোৱা ইণ্ডিয়ান এছোচিয়েশ্যন অব জাপানৰ এটা প্ৰতিনিধি দলে আজি জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয়। এই বৈঠকত প্ৰতিনিধি দলটোৱে অসমত বিনিয়োগৰ বাবে বিভিন্ন প্ৰস্তাৱ উপস্থাপন কৰে। অন্যান্য খণ্ডসমূহৰ লগতে স্বাস্থ্যখণ্ডত বিনিয়োগৰ বিষয়ে আজিৰ বৈঠকত প্ৰধানকৈ আলোচনা হয়। ভাৰতবৰ্ষ আৰু বিশেষকৈ অসমত ক্ৰমবৰ্ধমান অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণত জাপানে কেনেদৰে সহায় কৰিব পাৰে, সেইবিষয়েও বৈঠকত আলোচনা কৰা হয়। বৈঠকৰ পাছতে সংবাদ মাধ্যমক সম্বোধন স্বাস্থ্যমন্ত্ৰী সিংহলে কয়, "আজিৰ আলোচনাত অসমৰ স্বাস্থ্য আন্তঃগাঁথনি, গোটা আৱৰ্জনা ব্যৱস্থাপনা আদি ক্ষেত্ৰত জাপানৰ প্ৰতিনিধি দলটোৱে বিনিয়োগৰ ইচ্ছা প্ৰকাশ কৰে আৰু সেই সন্দৰ্ভত প্ৰধানকৈ আলোচনা হয়। এই আলোচনাক অধিক গতি দিবলৈ পৰৱৰ্তী সময়ত অসমৰ এক প্ৰতিনিধি দলেও জাপান ভ্ৰমণ কৰিব। এডভাণ্টেজ আছামৰ সুফলস্বৰূপে তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সম্ভৱ হোৱা অভূতপূৰ্ব বিনিয়োগ অনুকূল পৰিৱেশে অনাগত দিনত ৰাজ্যখনলৈ যে অধিকসংখ্যক বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰিব, আজিৰ বৈঠকে তাৰেই ইংগিত বহন কৰিলে।" উল্লেখ্য যে গুৱাহাটীৰ খানাপাৰাত মঙলবাৰ আৰু বুধবাৰে দুদিনীয়া কাৰ্যসূচীৰে এডভাণ্টেজ আসাম ২.০ সন্মিলন অনুষ্ঠিত হৈ যায়। এই সন্মিলনৰ যোগেদি অসমে ৪,৯১,৫০০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment