কেন্দ্ৰীয় বাজেট সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সংবাদমেল


লখিমপুৰ,২৭ ফেব্ৰুৱাৰী : অসমৰ ৪৩ খন আই টি আইত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা প্ৰমানপত্ৰখনেই দশম শ্ৰেণীৰ সমপৰ্যায়ৰ হ'ব। সেই প্ৰমাণপত্ৰৰে একাদশ শ্ৰেণীত  নামভৰ্তি কৰিব পাৰিব। আনহাতে অসমৰ ৩৪ খন কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানত (politechnic) উন্নত মানৰ কাৰিকৰী শিক্ষা প্ৰদান কৰা হ'ব। একেদৰে এই বৰ্ষৰ পৰা ৰবটিক শিকিবৰ বাবে বিদ্যালয় সমূহত ব্যৱস্থা কৰা হ'ব। বৃহস্পতিবাৰে লখিমপুৰত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি তেওঁ কয় - "কেন্দ্ৰীয় বাজেটখন অসমৰ বাবে যথেষ্ট উপযোগী । আগন্তুক সময়ত  ১১ টা বিভাগত কাৰিকৰী শিক্ষা দিয়াৰ ব্যবস্থাও চৰকাৰে কৰিব। ইয়াৰ আগে আগে শিক্ষকক প্ৰশিক্ষণ দিয়াৰ ব্যবস্থাও কৰা হ'ব।" আন কেতবোৰ বিষয়ত ডাঃ পেগুৱে কয় - "পি এম ডিভাইন মতে কামৰূপত বিদ্যালয় নিৰ্মাণ কৰা হৈছে। উদ্যমিতাৰ বাবে প্ৰধানমন্ত্ৰীৰ স্ব-নিয়োজন আঁচনিয়ে উপকৃত কৰিব। কৃষি ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে মাহজাতীয় শস্য উৎপাদনত গুৰুত্ব দিয়া হৈছে। সৰিয়হ আৰু গোমধানক নগদ কৃষি হিচাপে প্ৰতিষ্ঠা কৰিব। কেন্দ্ৰীয় বাজেটে গ্ৰীণ এনাৰ্জিক গুৰুত্ব দিছে। অসমত গ্ৰীণ এনাৰ্জিত বিনিয়োগ হ’ব।" আনহাতে নবম শ্ৰেণীৰ পৰা এ আই আৰু ৰবটিক শিক্ষা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব বুলি শিক্ষামন্ত্রীগৰাকীয়ে উল্লেখ কৰে। আজিৰ সংবাদ মেলত মন্ত্ৰীগৰাকীৰ লগত লখিমপুৰ জিলা বিজেপিৰ সভাপতি শ্যামল শৰ্মা উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment